Logo
image

মন্ত্ৰীবৃন্দক লগত লৈ ‘কাশ্মীৰ ফাইল্‌ছ’ চাব মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ১৪ মাৰ্চঃ প্ৰকৃতিৰ ভূ-স্বৰ্গ স্বৰূপ কাশ্মীৰত ১৯৮৯-৯০ চনত কাশ্মিৰী পণ্ডিতসকলক পাকিস্তানৰ সমৰ্থনপুষ্ট ইছলামিক উগ্ৰপন্থী সংগঠনসমূহে অত্যাচাৰ কৰি খেদি পঠিওৱাৰ লগতে বহু পণ্ডিতক গুলীয়াই হত্যা কৰিছিল৷ ৯০ৰ দশকত কেইবাহাজাৰ কাশ্মিৰী পণ্ডিতে নিজ দেশতে ভগনীয়া হৈ প্ৰাণৰ মায়াত কাশ্মীৰ উপত্যকা ত্যাগ কৰি দিল্লীত আশ্ৰয় গ্ৰহণ কৰিছিল৷ তেতিয়াৰে পৰা বিগত প্ৰায় ৩০ বছৰ ধৰি কেইবা হাজাৰ কাশ্মিৰী পণ্ডিত ভগনীয়াৰ ৰূপত দিল্লীত বাস কৰি আছে৷ আনহাতে, শেহতীয়াকৈ কাশ্মিৰী পণ্ডিতৰ এই জীয়া বাস্তৱ জীৱনক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ‘দ্যা কাশ্মীৰ ফাইলছ’ নামৰ এখন চিনেমা৷ চিনেমাখন যোৱা সপ্তাহত দেশজুৰি মুক্তি দিয়া হৈছে৷ আনকি দেশৰ কেইবাখনো ৰাজ্যত তাৰ ৰাজ্য চৰকাৰে চিনেমাখন যাতে সকলোৱে চাব পাৰে তাৰ বাবে আমোদ কৰ প্ৰত্যাহাৰ কৰিছে৷ আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ১৫ মাৰ্চৰ দিনা সন্ধিয়া ৬ বজাত গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ চিটি চেণ্টাৰত থকা পিভিআৰ হলত মন্ত্ৰীবৃন্দক লৈ চিনেমাখন উপভোগ কৰিব৷ আনকি বিজেপি দলৰ প্ৰতিজন বিধায়কেও মুখ্যমন্ত্ৰীৰ সৈতে চিনেমাখন উপভোগ কৰিব বুলি বিজেপি দলৰ এক সূত্ৰই সদৰী কৰিছে৷ উল্লেখ্য, ১২ মাৰ্চত সদৌ অসম চিনেমা হল মালিক সন্থাই এখন সংবাদ মেল অনুষ্ঠিত কৰি চিনেমাখন অসমৰ সকলো চিনেমা হলত প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল৷ আনকি আন কেইবাখনো ৰাজ্যৰ চৰকাৰৰ দৰে চিনেমাখনৰ ওপৰত আমোদকৰ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল সন্থাই৷ তাৎপৰ্যপূৰ্ণভাৱে সন্থাই আহ্বান জনোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে সতীৰ্থ মন্ত্ৰী আৰু দলীয় বিধায়কক লগত লৈ চিনেমাখন উপভোগ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত বাৰুকৈয়ে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷ অৱশ্যে সন্থাৰ দাবী অনুসৰি অসমৰ সকলো জিলাত চিনেমাখনৰ প্ৰদৰ্শন আৰু আমোদকৰ প্ৰত্যাহাৰ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিছে তাক জানিব পৰা হোৱা নাই৷