Logo
image

প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে অসমত সৰ্বাধিক

বিপজ্জনকভাৱে বাঢ়িছে

ঘৰুৱা হিংসা, নাৰী নিৰ্যাতনো

আমাৰ অসম, ১৫ মাৰ্চঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ কিমানদূৰ উন্নয়ন হৈছে সেয়া এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷  কিয়নো শিক্ষাখণ্ডত শিক্ষাৰ্থীৰ ড্ৰপ আউটৰ অভিলেখৰ পাছত এইবাৰ অসমৰ স্বাস্থ্যখণ্ডইও আন এক অবাঞ্চিত অভিলেখ অৰ্জন কৰিছে৷ প্ৰসৱজনিত মৃত্যুৰ তালিকাত অসম দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে৷ দেওবাৰে দেশৰ মহা পঞ্জীয়কে প্ৰকাশ কৰা মেটাৰনেল মৰ্টেলিটি ৰেচিঅ’-২০২২১ সমীক্ষাৰ প্ৰতিবেদনত এই বিস্ফোৰক তথ্য   পোহৰলৈ আহিছে৷ এমএমআৰৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে দেশত সামগ্ৰিকভাৱে প্ৰসূতিৰ মৃত্যু হাৰৰ অনুপাত হ্ৰাস পালেও অসমত ইয়াৰ ধাৰাবাহিকতা অব্যাহত আছে৷ সমীক্ষাটোৱে অসমকে ধৰি দেশৰ ৰাজ্যসমূহৰ  ২০১৭-১৯ বৰ্ষৰ প্ৰসৱজনিত তথ্যৰ ভিত্তিত দেওবাৰে প্ৰতিবেদন ৰাজহুৱা কৰে৷ প্ৰতিবেদনত উক্ত সময়ছোৱাত অসমত প্ৰসূতিৰ মৃত্যুৰ অনুপাতৰ ধাৰাবাহিকতা অব্যাহত আছে৷ তথ্য অনুসৰি অসমত প্ৰসূতিৰ মৃত্যুৰ অনুপাত হৈছে ২০৫ গৰাকী৷ অৰ্থাৎ নৱজাতক প্ৰসৱৰ সময়ত প্ৰতি এক লাখ প্ৰসূতিৰ বিপৰীতে ২০৫ গৰাকী মাতৃৰ মৃত্যু হয় অসমত৷ সংখ্যাগত হিচাপত ই দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্ধাৰিত বহনক্ষম উন্নয়ন লক্ষ্য [এছ ডি জি]ৰ আধাৰত বিশ্বত প্ৰসৱকালীন মাতৃৰ মৃত্যুৰ অনুপাত প্ৰতি এক লাখত ৭০১ তললৈ অনাৰ পোষকতা কৰা হৈছে৷ বহনক্ষম উন্নয়ন লক্ষ্যত কৰ্ণাটকক [৮৩] বাদ দি কেৰালা [৩০], অন্ধ্ৰপ্ৰদেশ [৫৮], তেলেংগানা  [৫৬], তামিলনাডু  [৫৮] আৰু মহাৰাষ্ট্ৰত  [৩৮]লৈ হ্ৰাস পাইছে৷ অৰ্থাৎ এই কেইখন ৰাজ্যই লক্ষ্য পূৰণ কৰাত সফলতা লাভ কৰিছে৷  ইয়াৰ বিপৰীতে অসমত আজিও প্ৰসূতিৰ মৃত্যুৰ অনুপাতৰ ধাৰাবাহিকতা ২০৫১ে দেশৰ শীৰ্ষস্থানতে অক্ষুণ্ণ আছে৷ অৱশ্যে ২০১৬-১৮ বৰ্ষত অসমত ইয়াৰ সংখ্যা আছিল ২১৫৷ অৰ্থাৎ পূৰ্বৰ তুলনাত সামান্যহে হ্ৰাস পাইছে প্ৰসূতিৰ মৃত্যুৰ সংখ্যাই৷ স্বাভাৱিকতেই অসম চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ অধীনত বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰসূতিৰ কল্যাণ সাধন কৰা বুলি দাবী কৰিলেও বাস্তৱত অসমৰ প্ৰসূতিৰ স্বাস্থ্যগত পৰিৱৰ্তন যে হোৱা নাই এই সমীক্ষাই স্পষ্ট কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে– কেৱল প্ৰসৱকালীন মৃত্যুৱেই নহয়, নাৰীজনিত অপৰাধৰ সংখ্যাও তুলনামূলকভাৱে বৃদ্ধি পাইছে অসমত৷ ঘৰুৱা হিংসা তথা যৌতুকজনিত কাৰণতে বিগত ২৪ ঘণ্টাত তিনিগৰাকী অন্তঃসত্ত্বা বোৱাৰীক স্বামী তথা স্বামীৰ পৰিয়ালৰ হত্যাৰ বলি হৈছে৷ ডিব্ৰুগড় আৰক্ষী নিৱাসতে কনিষ্টবল বিকি চেতিয়াই কাৰ্বাইন বন্দুকেৰে চাৰিমাহৰ অন্তঃসত্ত্বা পত্নী জয়শ্ৰী চেতিয়াক দেওবাৰে মাজনিশা গুলীয়াই হত্যা কৰে৷ পাৰিবাৰিক সংঘাতৰ পৰিণতিতে এই হত্যাকাণ্ডৰ সন্দেহ কৰা হৈছে৷ ইপিনে কোকৰাঝাৰ জিলা গোসাঁইগাঁৱৰ ভাওৰাগুৰিত যৌতুকৰ দাবীকৃত ৩০ হাজাৰ টকা লাভ নকৰাত দেওবাৰে শহুৰেকে হাতুৰীৰে কোবাই নুৰজিমা বেগম নামৰ বোৱাৰীগৰাকীক হত্যা কৰে৷ এই ঘটনা সংঘটিত কৰিয়েই শহুৰেক কোৰবান আলীয়ে পলায়ন কৰিছে যদিও স্বামী মফিজুল আলীক আটক কৰিছে আৰক্ষীয়ে৷ ইপিনে পাৰিবাৰিক সংঘাতৰ বাবেই এটি ৪ বছৰীয়া সন্তানক অকলশৰীয়া কৰি সোমবাৰে দক্ষিণ কামৰূপৰ উপৰহালীত টিংকুমণি দাস আৰু দীপিকা দাস নামৰ দম্পত্তীয়ে আত্মহত্যা কৰে৷ এদিন পূৰ্বে বৰাকত এগৰাকী অন্তঃসত্ত্বা যুৱতীৰো মৃতদেহ উদ্ধাৰ হৈছিল৷ অতি উদ্বেগজনকভাৱে বিগত ২০২১বৰ্ষৰ প্ৰথম ১১ মাহতে ৰাজ্যত সৰ্বমুঠ ৩০,৬০০টা নাৰীজনিত অপৰাধ সংঘটিত হৈছে৷

যৌতুক বিচাৰি অত্যাচাৰ, গোসাঁইগাঁৱত শহুৰৰ হাতত প্ৰাণ গ’ল বোৱাৰীৰ

আমাৰ অসমঃ গোসাঁইগাঁৱৰ ভাওৰাগুৰিত নিশা শহুৰৰ হাতত প্ৰাণ গ’ল অন্তঃসত্ত্বা এগৰাকী বোৱাৰীৰ৷ যৌতুক বিচাৰি স্বামীৰ পৰিয়ালে দীৰ্ঘদিন ধৰি চলাই আহিছিল শাৰীৰিক তথা মানসিক নিৰ্যাতন৷ যাৰ পৰিণতিত অৱশেষত মৃত্যুক সাবটি লয় বোৱাৰীগৰাকীয়ে৷ পিতৃগৃহৰ পৰা ৩০ হাজাৰ টকা আনিবলৈ শহুৰ আৰু স্বামীয়ে হেঁচা প্ৰয়োগ কৰাৰ পাছৰ পৰাই আৰম্ভ হয় কাজিয়া৷ কালি ইয়াক লৈ শহুৰ, স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে কাজিয়াৰ সৃষ্টি হয়৷ কাজিয়া ইমান চৰমপৰ্যায় পায় যে অৱশেষত শহুৰ কুৰ্বান আলীয়ে উত্তেজিত হৈ কাঠেৰে বোৱাৰীক মূৰত প্ৰচণ্ড আঘাত কৰাত ঢলি পৰে৷ গুৰুতৰভাৱে আহত বোৱাৰীগৰাকীক ওচৰ-চুবুৰীয়াই বচাবলৈ চেষ্টা কৰে যদিও ঘটনাস্থলীত মৃত্যুক সাবটি লয়৷ শহুৰৰ আক্ৰমণত নিহত বোৱাৰীগৰাকী গোসাঁইগাঁও মহকুমাৰ দুই নম্বৰ বুঢ়িচাটাম গাঁৱৰ নিৱাসী নুৰ মোহম্মদ শ্বেখৰ কন্যা নাজিমা বিবি বুলি জানিব পৰা গৈছে৷ নিহত মহিলাগৰাকী কেইমাহ অন্তঃসত্ত্বা আছিল৷ কিছুদিন পূৰ্বে সামাজিকভাৱে বিবাহ সম্পন্ন হৈছিল আৰু ইয়াৰ পাছৰ পৰাই স্বামী পৰিয়ালে যৌতুক বিচাৰি অত্যাচাৰ কৰাৰ অভিযোগ পিতৃগৃহৰ৷ আৰক্ষীয়ে স্বামী মফিজুৰ ৰহমানক আটক কৰিছে যদিও শহুৰ কুৰ্বান আলী পলাতক৷ উক্ত ঘটনাই সমগ্ৰ গোসাঁইগাঁও মহকুমাত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

পলাশবাৰীত দম্পতীৰ চিপ লৈ আত্মহত্যা

আমাৰ অসমঃ দক্ষিণ কামৰূপৰ উপৰহালী কোকিলাপাৰাত এহাল দম্পতীয়ে আজি দুপৰীয়া ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ দিন-দুপৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় দম্পতীহালৰ মৃতদেহ৷ ভিতৰৰ পৰা বন্ধ কৰা নিজ বাসগৃহৰ শোৱনীকোঠাতে ৰহস্যজনকভাৱে মুখামুখিকৈ উদ্ধাৰ হয় দুয়োৰে মৃতদেহ৷ মৃত দম্পতীহাল টিংকুমণি দাস[২২] আৰু দিপীকা দাস [২০]৷ মৃত দম্পতীহালৰ এটি ৪ বছৰীয়া কণমানি শিশুৱো আছে৷ ঘটনাস্থলীত পলাশবাৰী আৰক্ষী আৰু বিজয়নগৰ আৰক্ষী উপস্থিত হৈ তদন্ত চলাই আছে৷ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে৷

জালুকবাৰীৰ দলবদ্ধ ধৰ্ষণ-কাণ্ড, ৭জনক গ্ৰেপ্তাৰ

আমাৰ অসমঃ জালুকবাৰীৰ চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ডৰ গোচৰত মহিলাসহ  ৭জন লোকক গ্ৰেপ্তাৰ কৰিছে পাণবজাৰ মহিলা আৰক্ষীয়ে৷ বিগত ১৬অআৰু ১৯ ফেব্ৰুৱাৰীত দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক টিউচনলৈ অহা অৱস্থাত জালুকবাৰীৰ গাড়ীগাঁৱৰ বিকি আলী নামৰ এটা ভণ্ড প্ৰেমিকে অসৎ কাৰ্য চৰিতাৰ্থ কৰি সমগ্ৰ দৃশ্য ম’বাইলত ৰেকৰ্ডিং কৰিছিল৷ পৰৱৰ্তী সময়ত এই ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে ব্লেকমেইলিঙেৰে ৪ বন্ধুক ধৰ্ষণৰ বাবে তুলি দিছিল বিকিয়ে৷ গুৱাহাটীৰ আদাবাৰীৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউছত বিকি আলীৰ বন্ধু ফাইজুল আলী, পোনা আলী, পিংকু আলী আৰু ৰাজা আলীয়ে দলবদ্ধ বলাৎকাৰ কৰিছিল ছাত্ৰীগৰাকীক৷ ঘটনাৰ ২০ দিনৰ পাছত বিগত ৮ মাৰ্চত ধৰ্ষণ কাণ্ডৰ সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক অৱগত হৈ পাণবজাৰ মহিলা থানাত গোচৰ ৰুজু কৰিছিল৷ কিন্তু আৰক্ষীয়ে কোনো এটাও ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও ধৰ্ষণকাৰীকেইটাক পলায়নত সহায় কৰাৰ অভিযোগত সোমবাৰে পাণবজাৰ মহিলা আৰক্ষীয়ে আইজুল হক, অভিজিত মজুমদাৰ, নেহা বেগম, চাদ্দাম হুছেইন, ফিৰোজ আলী, আৰিফ আলী আৰু মিৰ্জা বেগমক গ্ৰেপ্তাৰ কৰে৷

পত্নীৰ আত্মজাহ, স্বামীক সাত বছৰৰ কাৰাদণ্ড

আমাৰ অসমঃ প্ৰায় আঠ বছৰৰ পাছত আজি তেজপুৰ ফাষ্টট্ৰেক আদালতে আল্লাল উদ্দিন নামৰ লোকজনক সাত বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫৫ হাজাৰ টকাৰ জৰিমনা বিহিছে৷ আদালতৰ গোচৰ নম্বৰ ১৪১/২০১৫ আৰু ঢেকীয়াজুলি আৰক্ষী থানাত পঞ্জীভুক্ত ৫০৬/২০১৩ গোচৰৰ ভিত্তিত এই ৰায়দান দিয়া হয় আজি৷ উল্লেখ্য যে, অভিযুক্ত লোকজনৰ বিৰুদ্ধে পত্নীক শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰু ইয়াৰ পৰিণতিত আত্মজাহ কৰিবলৈ বাধ্য হৈছিল আজি দোষী সাব্যস্ত হোৱা আল্লালৰ পত্নী আকলিমা খাতুনে৷ ইয়াৰ পাছতে মৃত আকলিমা বেগমৰ হৈ সেই সময়ত গোচৰ তৰিছিল মদন আলি নামৰ লোকজনে৷ দীৰ্ঘদিন গোচৰৰ অন্তত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ এছ কে ঘোষে আজি ভাৰতীয় দণ্ডবিধি ৩০৬ ধাৰাৰ অধীনত এই ৰায়দান কৰে৷ কাৰাদণ্ডৰ সন্মুখীন হোৱা আল্লাল উদ্দিনৰ ঘৰ এক নম্বৰ বছা শিমলু অঞ্চলত৷