Logo
image

পুৰণি প্ৰশ্নৰেই আজি আৰম্ভ পৰীক্ষা, বোনাছ ১৫ মিনিট

আজিৰ পৰা মেট্ৰিক-উচ্ছতৰ মাধ্যমিক পৰীক্ষা

আমাৰ অসম, ১৫ মাৰ্চঃ আজিৰ পৰা অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ লগতে উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ ক’ভিড বিধবস্ত শৈক্ষিক বৰ্ষটোৰ অন্তত এইবাৰ মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪লাখ ৩১ হাজাৰ ১৩২জন শিক্ষাৰ্থী৷ লক্ষণীয়ভাৱে এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলে ক’ভিডৰ বাবে বাতিল হোৱা বিগত বৰ্ষৰ পুৰণি প্ৰশ্নকাকতেৰে পৰীক্ষাত বহিব লাগিব৷ ২০২১ বৰ্ষৰ ক’ভিডৰ বাবে বাতিল হোৱা মেট্ৰিকৰ প্ৰশ্ন কাকতত পাঠ্যক্ৰম সংকুচিত কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও ছেবা কতৃৰ্পক্ষই পৰীক্ষাৰ্থীসকলে উক্ত বাতিলকৃত প্ৰশ্নকাকতেৰে পৰীক্ষাত অৱতীৰ্ণ হ’লেও কোনো   অসুবিধাত নপৰে বুলি আশ্বস্ত কৰিছে৷ ৰাজ্যৰ ৯০৩টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাত সৰ্বমুঠ ৪,১৯,৮৮৭ জন পৰীক্ষাৰ্থী আৰু হাই মাদ্ৰাছা পৰীক্ষাত ১১,২৪৫ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব৷ এইবাৰ মেট্ৰিকত ২১জন দৃষ্টিহীন আৰু ৪৬জন মুকবধিৰ পৰীক্ষাৰ্থীও অৱতীৰ্ণ হ’ব বুলি পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই জানিবলৈ দিছে৷ অৱশ্যে ক’ভিড ৰোগীৰ বাবে প্ৰতিটো শিক্ষা কেন্দ্ৰতে আছুতীয়া কোঠাৰো ব্যৱস্থা কৰিছে ছেবা কতৃপক্ষই৷ আনহাতে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰিবলগীয়া উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব সৰ্বমুঠ ২লাখ ১৫ হাজাৰ ২২জন পৰীক্ষাৰ্থী৷ অৱশ্যে উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাত নতুন প্ৰশ্নকাকত ব্যৱহাৰ কৰিব৷ এইবাৰৰ পৰীক্ষাত ক’লা শাখাত ৰ,৬৪,২১৯জন, বিজ্ঞান শাখাত ৩৪,৪০১জন, বাণিজ্য শাখাত ১৫,৫৮১ জন আৰু বৃত্তিমুখী শাখাত ৮২১ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব৷ ক’ভিডৰ বাবে উচ্ছতৰ মাধ্যমিকৰ  পৰীক্ষাতে ১৫ মিনিট অতিৰিক্ত সময় লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে৷ পৰীক্ষা আৰম্ভ  হোৱা নিৰ্দিষ্ট সময়ৰ ১৫ মিনিট পূৰ্বে পৰীক্ষাৰ্থীসকলে লাভ কৰিব প্ৰশ্নকাকত৷ অৰ্থাৎ পৰীক্ষাৰ্থীসকলে সম্পূৰ্ণ ৩ঘণ্টা ১৫মিনিট সময় লাভ কৰিব৷ ক’ভিডৰ বাবে শিক্ষা গ্ৰহণত ছাত্ৰ-ছাত্ৰীসকলে কিছু সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই পৰীক্ষাত অতিৰিক্ত সময় দিয়া হৈছে বুলি সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে কোনো পৰীক্ষাৰ্থী ক’ভিড ভেকচিন নল’লেও পৰীক্ষাত অৱৰ্তীণ হোৱাত কোনো ধৰণৰ বাধা দিয়া  নহয় বুলিও শিক্ষা সংসদে স্পষ্ট কৰি দিছে৷ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া ৭৯৬টা পৰীক্ষাকেন্দ্ৰত চিচিটিভিৰো ব্যৱস্থা কৰিছে সংসদে৷

লংকাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰী 

আমাৰ অসমঃ হোজাই জিলাৰ লংকাৰ বিদ্যালয় এখনৰ দায়িত্বহীনতা আৰু হেমাহিত এগৰাকী ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হোৱাৰ পৰা বঞ্চিত হ’বলগা হোৱা ঘটনাক লৈ উদিগ্ন হৈছে জিলা প্ৰশাসন৷ ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় এডমিট কাৰ্ড লাভ নকৰা বিদ্যালখনৰ ছাত্ৰী বিনিতা দেৱী বঞ্চিত হোৱাৰ কাৰণ বিচাৰি শিক্ষা প্ৰতিষ্ঠান লংকা হাইস্কুলত হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী নিজেই উপস্থিত হৈ বুজ লৈছে ঘটনাৰ৷  ছাত্ৰীগৰাকী বঞ্চিত হোৱাত বিদ্যালয় কতৃৰ্পক্ষৰ গাফিলতি আছে নে নাই সেই সম্পৰ্কে তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছে উপায়ুক্তজনে৷  লংকা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী, লংকাৰ  ১ নং পিপল পুখুৰীৰ বিনিতা দেৱী নামৰ ছাত্ৰীগৰাকীৰ এটা শিক্ষাবৰ্ষ থান-বান হোৱা ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি উপায়ুক্তই জানিবলৈ দি তদন্তত যদি বিদ্যালয়ৰ দোষী ব্যক্তিৰ তথ্য পোহৰলৈ আহে তেন্তে কোনো ব্যক্তি সাৰি নাযাব বুলিও জানিবলৈ দিয়ে উপায়ুক্তজনে৷ উল্লেখ্য যে, লংকা হাইস্কুলত প্ৰয়োজনীয় সকলো নথি-পত্ৰ জমা দিয়াৰ পাছতো এডমিট কাৰ্ড লাভ নকৰি গুৰুত্বপূৰ্ণ মেট্ৰিক পৰীক্ষাৰ পৰা ছাত্ৰীগৰাকী বঞ্চিত হোৱা কাৰ্যত ছাত্ৰীগৰাকীৰ লগতে দৰিদ্ৰ পৰিয়ালটো দুখত ভাঙি পৰিছে৷ প্ৰয়োজনীয় নথি-পত্ৰ বিদ্যালয় কতৃৰ্পক্ষৰ হাতত জমা দিয়া বুলি কোৱাৰ বিপৰীতে ছাত্ৰীগৰাকীয়ে বিদ্যালয় কতৃৰ্পক্ষৰ হাতত নথি-পত্ৰ জমা নিদিয়া বুলি দাবী কৰিছে যদিও নিজৰ ব্যৰ্থতাক ঢাকিবৰ বাবে হাইস্কুলৰ প্ৰধান শিক্ষক মকবুল হুছেইনে ছাত্ৰীগৰাকীৰ পৰিয়ালক ভালদৰে পঢ়ি অহাবাৰ পৰীক্ষা দিবলৈ কৈ, প্ৰয়োজন হ’লে দহযপোন্ধৰ হাজাৰ টকা দিব বুলিও ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালটোৱে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ আনিছে৷

অসম মাধ্যমিক শিক্ষা পৰিষদৰ কৰ্মী সন্থাৰ শুভেচ্ছা

আমাৰ অসমঃ অসম মাধ্যমিক শিক্ষা পৰিষদ কৰ্মী সন্থাৰ সভাপতি কৃষ্ণকান্ত মেধি আৰু সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ মজুমদাৰে হাইস্কুল শিক্ষান্ত আৰু অসম হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সমূহ পৰীক্ষাৰ্থীলৈ কৰ্মীসন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ পৰীক্ষাৰ এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ বৃহত্তৰ স্বাৰ্থত সকলো দল-সংগঠনকে যিকোনো বন্ধৰ দৰে কাৰ্যসূচী ঘোষণা কৰি ছাত্ৰ-ছাত্ৰীসকলক অসুবিধাত নেপেলাবৰ বাবে কৰ্মী সন্থাৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনোৱাৰ লগতে সংশ্লিষ্ট সকলো শ্ৰেণীৰ জনসাধাৰণকে পৰীক্ষা সুকলমে সম্পন্ন হোৱাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে৷

সদৌ অসম ছাত্ৰ সন্থাৰ শুভেচ্ছা

হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাই৷ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ ভৱিষ্যৎ উজ্জ্বল কামনা কৰিছে আছু আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্বই৷