Logo
image

এছিয়ান গেম্‌ছলৈ লাভলীনা

আমাৰ অসম, ১৫ মাৰ্চঃ টকিঅ’অলিম্পিকত ব্ৰঞ্জৰ পদকজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে চীনৰ হাংঝাউত হ’বলগীয়া এছিয়ান গেম্‌ছলৈ যোগ্যতা অৰ্জন কৰিছে৷ হাইদৰাবাদৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান গেম্‌ছৰ বাছনি প্ৰতিযোগিতাৰ ফাইনেলত অসম জীয়ৰী লাভলীনাই ৰে’লৱেৰ বক্সাৰ পূজাক পৰাস্ত কৰি এছিয়ান গেম্‌ছৰ পথ মুকলি কৰে৷ উল্লেখ্য, লাভলীনাই ৬৯ কিলোগ্ৰাম ওজন শাখাত  প্ৰতিনিধিত্ব কৰিব৷ ইফালে, নিখাত জাৰিনেও ৫১ কিলোগ্ৰাম ওজন শাখাত এছিয়ান গেম্‌ছলৈ যোগ্যতা অৰ্জন কৰিছে৷ বাছনি প্ৰতিযোগিতাৰ ফাইনেলত জাৰিনে ২০১৯১ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদকজয়ী মঞ্জু ৰাণীক পৰাস্ত কৰি এছিয়ান গেম্‌ছলৈ যোগ্যতা অৰ্জন কৰে৷ উল্লেখ্য, ইস্তানবুলত ৬ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া মহিলা বিশ্ব চেম্পিয়নশ্বিপৰ বাবেও লাভলীনা আৰু জাৰিনে ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছে৷ বিগত সপ্তাহত বিশ্ব চেম্পিয়নশ্বিপৰ বাবে আয়োজিত ট্ৰায়েলত লাভলীনাই ৰাজস্থানৰ অৰুন্ধতীক ৭-০ ব্যৱধানত পৰাস্ত কৰিছিল৷ ৭০ কিলোগ্ৰাম ওজন শাখাৰ মেচখনত লাভলীনাৰ তীব্ৰতা আৰু ‘লং ৰেঞ্জ’দক্ষতাৰ সন্মুখত তিষ্ঠিবই পৰা নাছিল অৰুন্ধতীয়ে৷ ইফালে, ৬৬ কিলোগ্ৰাম ওজন শাখাত অসমৰ অংকুশিতা বড়োৱেও বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে৷ আনহাতে, ১০-২৫ ছেপ্টেম্বৰত চীনত হ’বলগীয়া এছিয়ান গেম্‌ছৰ বাবে যোগ্যতা অৰ্জন কৰা ভাৰতৰ আন মহিলা বক্সাৰসকল হ’ল– মনীষা [৫৭ কিলোগ্ৰাম], জেছমিন [৬০ কিলোগ্ৰাম] আৰু ছুইটী বোৰা [৭৫ কিলোগ্ৰাম]৷ স্মৰ্তব্য, এছিয়ান গেম্‌ছত ২০১০ চনত মহিলাৰ বক্সিং ইভেন্ট অন্তৰ্ভূক্ত কৰাৰ পাছত ভাৰতৰ চাৰিগৰাকী বক্সাৰ– মেৰী কম, সৰীতা দেৱী, কবিতা গোয়েট আৰু পূজা ৰাণীয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ইফালে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত সম্বৰ্ধনা অনুষ্ঠানত ব্যস্ত হৈ পৰিবলৈ বাধ্য হোৱা লাভলীনাই  বিগত মাহৰ পৰা ৰাষ্ট্ৰীয় শিৱিৰত অনুশীলন কৰি আছে৷