Logo
image

দাংকোলাকৈ অখিলক বাহিৰ কৰি দিয়া হ’ল সদনৰ পৰা

 বাজেট অধিৱেশনৰ প্ৰথম দিন

আমাৰ অসম,১৫ মাৰ্চঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ প্ৰথম দিনাই সদনৰ মজিয়াৰ পৰা মাশ্বালে দাংকোলাকৈ উলিয়াই দিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক৷ পৰম্পৰা অনুসৰি ৰাজ্যপালৰ ভাষণেৰে সোমবাৰে পুৱা আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশন৷ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে  নিজৰ লিখিত ভাষণ পঢ়ি থকাৰ  মাজতে হঠাৎ প্ৰতিবাদ মুখৰ হৈ উঠে  ৰাইজৰ দলৰ সভাপতি, বিধায়ক অখিল গগৈ৷ পুৱা ৯.৩০ বজাত আৰম্ভ হোৱা বিধানসভাত ৰাজ্যপালে নিজৰ ভাষণৰ প্ৰায় ৯ মিনিট পাছত বিধায়ক গগৈয়ে নিজৰ আসনৰ পৰা ৰাজ্যপালৰ ভাষণক লৈ প্ৰতিবাদ মুখৰ হৈ উঠে বিধায়ক গগৈ৷ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে অসম চৰকাৰে ২৭ হাজাৰ পদত নিযুক্তিৰ প্ৰতিক্ৰিয়া চলি থকা বুলি বক্তব্য আগবঢ়োৱাৰ লগে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে উভতি ধৰি প্ৰশ্ন কৰে–এক লাক নিবনুৱাক নিযুক্তি হ’ব কেতিয়া? আমাক ক’ব লাগে৷ বিধায়কজনৰ এনে প্ৰশ্নত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় এইটো বক্তব্য ৰখা সময় নহয়৷ কিবা ক’বলগীয়া থাকিলে পাছত কোৱাৰ সুযোগ পাব৷ অধ্যক্ষৰ হস্তক্ষেপত বিধায়ক অখিল গগৈয়ে নিজৰ আসনত বহে৷ ৰাজ্যপাল মুখিয়ে আন এটা প্ৰসংগত ৩৭ হাজাৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকা বুলি উল্লেখ কৰে৷ লগে লগে বিধায়ক অখিল গগৈয়ে পুনৰ প্ৰশ্ন কৰি কয়–ৰ লাখ নিযুক্তি ক’ত৷ মুখ্যমন্ত্ৰীয়ে ১০ মে’ৰ ভিতৰত গণি গণি এক লাখ চাকৰি দিম বুলি কৈছিল৷ বিধানসভাৰ মজিয়াত এক লাখ নিবনুৱাৰ নিযুক্তি ক’ত বুলি লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে বিধায়ক অখিল গগৈয়ে লগে লগে বিধায়ক অখিল গগৈক নিলম্বন কৰা বুলি ঘোষণা কৰে বিধানসভাৰ অধ্যক্ষই৷ তেওঁ বিধানসভাৰ মজিয়াৰ পৰা অখিল গগৈক ওলাই যাবলৈ নিৰ্দেশ দিয়ে৷ তাৰ পাছতো অখিল গগৈ এক লাখ নিযুক্তি সন্দৰ্ভত তথ্য বিচৰাত নাচোৰবান্দা৷ সদনত তেওঁ কয় ৰাজ্যপালৰ ভাষণ বাগড়ম্বৰ মাত্ৰ ভুল তথ্য দিয়া হৈছে৷ বন আইন প্ৰসংগতো প্ৰশ্ন উত্থাপন কৰে শিৱসাগৰৰ বিধায়কজনে৷ ইয়াৰ পাছতে বিধায়ক গগৈক মাশ্বৰ্াল লগাই সদনৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশ দিয়ে বিধানসভাৰ অধ্যক্ষই৷ বিধায়ক অখিল গগৈয়ে ‘জয় আই অসম’ শ্লোগান দি সদনৰ পৰা ওলাই যায়৷ বিধায়কজনক উদ্দেশ্যি বিধানসভাৰ অধ্যক্ষই কয়– ‘বাহিৰত ধৰ্ণা দিয়ক, ইয়াত নহয়৷’ ৰাজ্যপালৰ ভাষণৰ সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বক্তব্য ৰখাৰ লগতে ৰাজ্যপালৰ ভাষণক বাগড়ম্বৰ বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– অসম বিধানসভাৰ অধ্যক্ষ আৰু ৰাজ্যপালৰ ভাষণ বিৰোধী দল কংগ্ৰেছ, ইউ ডি এফ, চি পি আই এমে ভালদৰে শুনিছে৷ এইটো গণতন্ত্ৰৰ বাবে অত্যন্ত শুভ লক্ষণ৷ যেতিয়া সংসদত ৰাষ্ট্ৰপতিয়ে ভাষণ দিয়ে তেতিয়া সংসদৰ কোনেও দিগদাৰ নকৰে৷ আমাৰ ইয়াত কেনেকৈ এটা বেয়া পৰম্পৰা হৈছে৷ কিন্তু যোৱা দুটা বছৰত ৰাজ্যপালৰ ভাষণত কোনো ধৰণৰ খেলি মেলি কৰা নাই৷ হুলস্থল কৰা নাই৷ সদন ত্যাগো কৰা নাই৷ তাৰ বাবে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, ইউ ডি এফ বিধায়িনী দল, কংগ্ৰেছ, বিধায়িনী দল, চি পি এমৰ বিধায়িনী দল সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন  কৰিছোঁ৷  ৰাজ্যপালৰ ভাষণৰ পাছত বিধানসভাৰ অধ্যক্ষই অখিল গগৈৰ নিলম্বন উঠাই লয়৷ তাৰ পাছত আন এটা প্ৰসংগত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক লাখ নিযুক্তি বুলি প্ৰশ্ন কৰাৰ পাছত কটাক্ষ কৰি মুখ্যমন্ত্ৰীজনে কয় –আপোনাক উত্তৰ দিয়াৰ ধৃষ্টতা মোৰ নাই৷ মাত্ৰ এক লাখ নিযুক্তি প্ৰদান অনুষ্ঠানত আপোনাক নিমন্ত্ৰণ কৰিম৷ আপোনাৰ বাবে এখন চকী ৰিজাৰ্ভ কৰি ৰাখিম৷ ইফালে বিধায়ক অখিল গগৈ সন্দৰ্ভত ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়–সংসদীয় গণতন্ত্ৰৰ বিষয়ে নাজানে অখিল গগৈয়ে৷ ৰাজ্যপালে যেতিয়া সদনত বক্তব্য আগবঢ়ায় সেইয়া চৰকাৰৰ বক্তব্য৷ এইটো নতুন কথা নহয়৷ এইটো ভাৰতীয় গণতন্ত্ৰৰ সংসদীয় ব্যৱস্থাৰ পৰম্পৰা৷ দ্বিতীয় কথা তেওঁ সদনত পৰিকল্পিতভাৱে অবাঞ্চিত পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে৷ আজিও সদনলৈ তেওঁ প্লে-কাৰ্ড লৈ গৈছে৷ তেওঁ বাৰে বাৰে বিধানসভাৰ নীতি নিময় ভৰিৰে মোহাৰি পেলাইছে৷ সদনত ৰাজ্যপালৰ ভাষণৰ মাজতে প্ৰতিবাদ কৰা কাৰ্যক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেয়া পৰম্পৰা বুলি কৈছে যদিও এয়া অভূতপূৰ্ব ঘটনা নহয়৷   যোৱা দুটা বছৰতহে ৰাজ্যপালৰ ভাষণত সময়ত কোনেও বাধা নিদিয়া বা প্ৰতিবাদ নকৰা বুলি মুখ্যমন্ত্ৰী শৰ্মাই নিজেই স্বীকাৰ কৰিছে যাৰ বাবে তেওঁ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কংগ্ৰেছ ইউ ডি এফ আৰু চি পি আই [এম] বিধয়িনী দলক তেওঁ কৃতজ্ঞতা জনাইছে৷

দল-সংগঠনৰ প্ৰতিবাদত উত্তাল চচল

আমাৰ অসমঃ বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই  প্ৰাপ্য বিচাৰি বিভিন্ন দল-সংগঠনে উত্তাল কৰিলে চচলৰ ধৰ্ণাস্থলী৷ স্থায়ী নিযুক্তি আৰু দৰমহা দিয়াৰ দাবীত সদৌ অসম নতুনকৈ প্ৰদেশিকীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰদেশিকীকৰণযোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদীসকলে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে ধৰ্ণাস্থলী৷ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ কৰ্মৰত ২১০৭জন কৰ্মচাৰীক শীঘ্ৰেই নিযুক্তি দিয়াৰ দাবী জনায় চৰকাৰক৷ ২০২১চনৰ ৰ জানুৱাৰীৰ পৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ দৰমহা কাৰ্যকৰী কৰাৰ দাবী জনায়৷ ধৰ্ণাৰ অন্তত দিছপুৰ সংমণ্ডলৰ এ চি পিৰ জৰিয়তে শিক্ষামন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে৷ ইপিনে, কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷  প্ৰতিবাদকাৰীসকলে আক্ৰছু লং লিভ, বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী গ’ বেক, মুখ্যমন্ত্ৰী মিছলীয়া আদি শ্লোগানেৰে উত্তাল কৰি তোলে ধৰ্ণাস্থলী৷  বিজেপি চৰকাৰে ২০১৬ চনত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰাৰ পাছতো চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি ছাত্ৰ সন্থাই অভিযোগ কৰে৷ কেৱল কোঁচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদৰ টোপ দি কোচ ৰাজবংশীসকলক প্ৰতাৰণা কৰি আছে৷ নৱগঠিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাম-কাজসমূহ তৰান্বিত কৰি আৰু ২০টা বিভাগ নতুনকৈ অন্তৰ্ভুক্ত কৰি বাজেটত ৩০০ কোটি টকা ধাৰ্য কৰিবলৈ দাবী জনায়৷ অন্যথা কোচ ৰাজবংশী ছাত্ৰ সন্থাই বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে৷ আনহাতে,  স্থায়ী নিযুক্তি আৰু নিয়মীয়া দৰমহাৰ দাবীত সদৌ অসম অতিৰিক্ত প্ৰাক্‌-প্ৰাথমিক [ক-শ্ৰেণী] শিক্ষয়িত্ৰী সন্মিলনীৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে আমাক স্থায়ী নিযুক্তি দিয়ক, আমাৰ নিয়মীয়া দৰমহা আদায় দিয়ক, প্ৰাক্‌ প্ৰাথমিকত অংগনবাড়ীত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ’ব, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে৷ ৰাজ্যত কৰ্মৰত তিনিহাজাৰতকৈ অধিক প্ৰাক্‌ প্ৰাথমিক শিক্ষয়িত্ৰীক শীঘ্ৰেই নিযুক্তিৰ দাবী জনায় চৰকাৰৰ ওচৰত৷