Logo
image

‘কাশ্মীৰ ফাইল্‌ছ’ টেক্স ফ্ৰী? আজি চাব মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম ১৫মাৰ্চঃ মুক্তিৰ পাছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা আৰু কাশ্মিৰী পণ্ডিতৰ  জীয়া বাস্তব জীবনক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা ‘দ্যা কাশ্মীৰ ফাইলছ’ নামৰ চিনেমাখনক লৈ অসমতো উৎসুকতাৰ সৃষ্টি হৈছে৷  বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে আৰু সোমবাৰেও সংবাদ মাধ্যমৰ আগত ‘দ্যা কাশ্মীৰ ফাইলছ’ চিনেমাখনো সতীৰ্থ মন্ত্ৰীৰ লগতে মিত্ৰজোঁটৰ প্ৰতিজন বিধায়কক লগত লৈ মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ চিটি চেণ্টাৰত থকা পি ভি আৰ হলত উপভোগ কৰিব বুলি সদৰি কৰিছে৷ ইফালে চিনেমাখনৰ ওপৰত থকা কৰ ৰেহাই দিয়া আৰু এইক্ষেত্ৰত দেশৰ কেবাখনো ৰাজ্য চৰকাৰে কৰ বা টেক্স ৰেহাই দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় দেশৰ আন ৰাজ্যত চিনেমা হলত টিকটৰ ওপৰত অতিৰিক্তভাৱে আমোদকৰ আৰোপ কৰা আছে৷ কিন্তু অসমত চিনেমা হলৰ অৱস্থা ভাল নহয় বাবে পূৰ্বতে এই আমোদ কৰ উঠাই দিয়া হৈছে৷ গতিকে আমাৰ অসমত আমোদ কৰ নাই৷ দৰ্শকে অতিৰিক্ত কৰ আদায় নিদিয়াকৈ চিনেমাখন উপভোগ কৰিব৷ এক কথাত অসমত চিনেমাখনৰ টেক্স ফ্ৰি৷ আমি অসমৰ সকলোকে চিনেমাখন উপভোগ কৰিবলৈ বা চাবলৈ অনুৰোধ জনাইছো বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে৷ ইফালে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকায়ো সংবাদ মাধ্যমৰ আগত চিনেমাখন চাব বুলি সদৰি কৰিছে৷ উল্লেখযোগ্য যে ৯০ ৰ দশকত কাশ্মীৰ উপত্যকাৰ ভূমিপুত্ৰ কাশ্মিৰী পণ্ডিতসকলক পাকিস্তান সমৰ্থনপুষ্ট ইছলামীক উগ্ৰপন্থী সংগঠনসমূহে কিদৰে গুলীয়াই হত্যা কৰাৰ লগতে নানানধৰণৰ শাৰীৰিক অত্যাচাৰ কৰি খেদি পঠিওৱা, তাৰ পাছত মাটি ভেটি হেৰুৱাই দিল্লীত ভগনীয়াৰ থকা আদি বিষয় চিনেমখনত সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷  উল্লেখ্য, ১২ মাৰ্চত সদৌ অসম চিনেমা হল মালিক সন্থাই এখন সংবাদ মেল অনুষ্ঠিত কৰি টেক্সফ্ৰি কৰাকে ধৰি চিনেমাখন অসমৰ সকলো চিনেমা হলত প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল৷ তাৎপৰ্যপূৰ্ণভাৱে সন্থাই আহ্বান জনোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে সতীৰ্থ মন্ত্ৰী আৰু মিত্ৰজোঁটৰ বিধায়কক লগত লৈ চিনেমাখন উপভোগ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত বাৰুকৈয়ে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে৷ নিশ্চিতভাবে ক’ভিড জুৰুলা কৰা ৰাজ্যৰ চলচ্ছিত্ৰ জগত আৰু চিনেমা হলসমূহলৈ ই এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব৷