গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব
গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষা কৰাটো প্ৰতিখন নিৰ্বাচিত চৰকাৰৰ প্ৰধান দায়িত্ব বুলি ভাবোঁ৷ গ্ৰাহকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ১৯৮৬ চনত গ্ৰাহক সুৰক্ষা আইন প্ৰৱৰ্তন কৰিছিল আৰু তিনি দশকৰ পাছত ২০১৯ চনৰ ৯ আগষ্টত এই আইনখন ডিজিটেল তথা ই-কমাৰ্চৰ লগত সংগতি ৰক্ষা কৰি আৰু সহজ-সৰল প্ৰণালীবদ্ধ কৰি কঠোৰভাৱে গ্ৰাহকৰ অনুকূলে বলৱৎ কৰা হৈছে যদিও অধিকাংশ গ্ৰাহক এই আইনখনৰ বিষয়ে এতিয়াও সম্পূৰ্ণৰূপে জ্ঞাত নহয়৷ ৰাজ্য চৰকাৰে এই আইনখনৰ বিষয়ে ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰ তথা প্ৰসাৰ কৰাটো প্ৰয়োজন বুলি ভাবো৷ প্ৰতিদিন শুই উঠাৰ পৰাই দৈনিক বাতৰিখনৰ পৰা আৰম্ভ কৰি দিনটোৰ বাবে বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰ বাবে আমি হৈ পৰোঁ একোজন গ্ৰাহক৷ কিন্তু আমি গ্ৰাহক হিচাপে কিমান সজাগ? আমি কোনো সামগ্ৰী ক্ৰয় কৰাৰ সময়ত সামগ্ৰীৰ মূল্য, ওজন, গুণাগুণ, সামগ্ৰীৰ ম্যাদ উকলি যোৱা তাৰিখ আদি ভালদৰে পৰীক্ষা কৰিহে সামগ্ৰী ক্ৰয় কৰা প্ৰয়োজন৷ কিন্তু অধিকাংশ গ্ৰাহকে এইবোৰ পৰীক্ষা নকৰাকৈ সামগ্ৰী ক্ৰয় কৰা দৃষ্টিগোচৰ হয়, যাৰ ফলস্বৰূপে অসাধু লাভখোৰ ব্যৱসায়ীয়ে গ্ৰাহকক ৰামঠগন দি আহিছে৷ কেতিয়াবা পেকেটৰ ওপৰত উল্লেখ কৰা ছপা মূল্যৰ ওপৰত অতিৰিক্ত লেবেল বা ষ্টিকাৰ লগাই বিভিন্ন সামগ্ৰী গ্ৰাহকক বিক্ৰী কৰে৷ ইয়াৰ উপৰি ওজনৰ ক্ষেত্ৰতো গ্ৰাহক প্ৰতাৰিত হৈ আহিছে৷ সেয়ে গ্ৰাহকে সামগ্ৰী ওজনত ক্ৰয় কৰাৰ সময়ত জোখ-মাখৰ আহিলাসমূহ যেনে– তৰ্জু, দগা আদিত বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ দ্বাৰা সত্য নিৰূপণ আৰু মোহৰাংকন পৰীক্ষা কৰি আৰু ব্যৱহাৰ কৰা তৰ্জুখন কোনো স্থানত ওলোমাই ৰখাটো নিশ্চিত হৈহে সামগ্ৰী ক্ৰয় কৰা দৰকাৰ, যাতে গ্ৰাহকে সামগ্ৰী ওজনত কোনোপধ্যে প্ৰতাৰিত নহয়৷ এই বিষয়ত গ্ৰাহক সজাগ হোৱাটো বাঞ্ছনীয়৷ যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ সময়ত ছপা কেছমেমো সংগ্ৰহ কৰা প্ৰয়োজন আৰু লগতে যন্ত্ৰ-পাতি, বৈদু্্যতিন সামগ্ৰী আদি ক্ৰয় কৰাৰ সময়ত গেৰাণ্টী কাৰ্ড, ৱাৰেণ্টী কাৰ্ড দাবী কৰাৰ লগতে ইয়াক সংৰক্ষণ কৰিব লাগে৷ ক্ৰয় কৰা যন্ত্ৰপাতি তথা বৈদ্যুতিন সামগ্ৰীৰ যদিহে ৱাৰেণ্টী তথা গেৰাণ্টী থকা সময়ত কোনো ত্ৰুটি ধৰা পৰে, তেতিয়াহ’লে বিক্ৰেতাজনে তেনে সামগ্ৰী গ্ৰাহকক কোনো অতিৰিক্ত মূল্য অবিহনে সলনি কৰি দিয়াৰ বাবে বাধ্য৷ যদিহে কোনো বিক্ৰেতাই গেৰাণ্টী বা ৱাৰেণ্টী কাৰ্ড দিবলৈ অমান্তি হয়, তেতিয়াহ’লে গ্ৰাহকজনে গ্ৰাহক সুৰক্ষা ফ’ৰামত কেছমেমো তথা গেৰাণ্টী বা ৱাৰেণ্টী কাৰ্ডসহ বিক্ৰেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা দৰকাৰ, যাতে প্ৰতাৰিত গ্ৰাহকজনে অসাধু বিক্ৰেতাজনৰ পৰা উপযুক্ত ক্ষতিপূৰণ আদায় কৰিবলৈ সক্ষম হ’ব৷
উল্লেখ কৰিব পাৰি যে প্ৰতিবছৰে ১৫ মাৰ্চ দিনটো ‘বিশ্ব গ্ৰাহক অধিকাৰ দিৱস’ হিচাপে অসমত পালন কৰি অহা হৈছে৷ এই দিৱসৰ মুখ্য উদ্দেশ্য হৈছে গ্ৰাহকৰ অধিকাৰ, কৰ্তব্য, দায়িত্ব সম্পৰ্কে সজাগ কৰাৰ লগতে গ্ৰাহকে লাভ কৰিবলগীয়া সুৰক্ষাৰ উপায়, পদ্ধতি আদি অৱগত কৰোৱা৷ সংশোধিত গ্ৰাহক সুৰক্ষা আইন, ২০১৯১ ধাৰা ৩৪ত এইটো উল্লেখিত আছে যে যদি কোনো ক্ৰয় কৰা সামগ্ৰী বা সেৱাৰ মূল্য এক কোটি টকাপৰ্যন্ত হয়, তেতিয়াহ’লে জিলা আয়োগত অভিযোগ দাখিল কৰাৰ সুবিধা উল্লেখ আছে৷ সেয়ে প্ৰতিজন প্ৰতাৰিত গ্ৰাহকক জিলা আয়োগত লাগতিয়াল নথিসহ অভিযোগ দাখিল কৰিবলৈ অনুৰোধ জনালোঁ, যাতে প্ৰতাৰিত গ্ৰাহকজনে অসাধু লাভখোৰ ব্যৱসায়ীৰ পৰা সম্পূৰ্ণ ক্ষতিপূৰণ আদায় কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত গ্ৰাহক সুৰক্ষা সন্থাৰ যোগেদিও জিলা আয়োগত অভিযোগ দাখিল কৰিব পাৰে৷ গ্ৰাহক সুৰক্ষা সন্থা সদায় গ্ৰাহকৰ সপক্ষত মাত মাতি অহাৰ উপৰি গ্ৰাহকৰ স্বাৰ্থত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধকে ধৰি বিভিন্ন সেৱা সন্দৰ্ভত গ্ৰাহকৰ স্বাৰ্থত চৰকাৰ তথা স্থানীয় প্ৰশাসনক হেঁচা প্ৰয়োগ কৰি বহুখিনি সাফল্য লাভ কৰা দৃষ্টিগোচৰ হয়৷ ৰাজ্য চৰকাৰ তথা স্থানীয় প্ৰশাসনে গ্ৰাহক সুৰক্ষা সংস্থাক মূল্যবৃদ্ধি আদিকে ধৰি গ্ৰাহকৰ স্বাৰ্থৰ পৰিপন্থী বিষয়ত হোৱা আলোচনাত জড়িত কৰিবলৈ অনুৰোধ জনালোঁ৷ আমাৰ বোধেৰে মূল্যবৃদ্ধি ৰোধ তথা গ্ৰাহকৰ স্বাৰ্থত হোৱা আলোচনালৈ গ্ৰাহক সুৰক্ষা সন্থাৰ প্ৰতিনিধিক এই কাৰণেই জড়িত কৰোৱাটো প্ৰয়োজন যিহেতু গ্ৰাহক সুৰক্ষা সংস্থা গ্ৰাহকৰ লগত প্ৰত্যক্ষভাৱে জড়িত৷ গ্ৰাহক সুৰক্ষা সংস্থা বিভিন্ন সময়ত প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি তথা সময়ে সময়ে প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্য সন্দৰ্ভত গ্ৰাহকৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ গ্ৰাহক সুৰক্ষাৰ বিষয়ববীয়া আৰু সদস্যসকল অস্বস্তিকৰ পৰিস্থিতিত পৰিবলগীয়াত পৰে৷ দ্বিতীয়তে, স্থানীয় প্ৰশাসনে সময়ে সময়ে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দণ্ডাধীশ আৰু অসামৰিক যোগান বিভাগৰ বিষয়াক অন্তৰ্ভুক্ত কৰি টাস্কফ’ৰ্চ কৰা আমাৰ দৃষ্টিগোচৰ হয় কিন্তু এনে টাস্কফ’ৰ্চৰ দ্বাৰা গ্ৰাহকসকল কোনোপ্ৰকাৰে সকাহ পোৱা পৰিলক্ষিত নহয়৷
অধিকাংশ ব্যৱসায়ীয়ে সামগ্ৰীৰ ওপৰত ছপা কৰা সৰ্বাধিক খুচুৰা মূল্যত গ্ৰাহকক বিক্ৰী কৰি আহিছে; কিন্তু একাংশ ব্যৱসায়ীয়ে সামগ্ৰীৰ ওপৰত ছপা কৰা সৰ্বাধিক খুচুৰা মূল্যৰ ওপৰত গ্ৰাহকক দহ শতাংশপৰ্যন্ত ৰেহাই দি বিক্ৰী কৰাও দৃষ্টিগোচৰ হয়৷ সেয়ে প্ৰতিজন গ্ৰাহকে কোনো সামগ্ৰী ক্ৰয় কৰাৰ সময়ত ছপা কৰা সৰ্বাধিক খুচুৰা মূল্য সন্দৰ্ভত দাম-দৰ কৰা প্ৰয়োজন যাতে কিছু ৰেহাই পাবলৈ সক্ষম হয়৷ ফাৰ্মাচীসমূহে দৰৱৰ ছপা কৰা সৰ্বাধিক খুচুৰা মূল্যত গ্ৰাহকক বিক্ৰী কৰি আহিছে যদিও আজিকালি ফাৰ্মাচীসমূহেও সৰ্বাধিক ছপা মূল্যৰ ওপৰত ১০-১২ শতাংশ ৰেহাই দিয়ে৷
প্ৰতিজন গ্ৰাহকে যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ সময়ত ওপৰত উল্লেখ কৰা বিষয়সমূহৰ প্ৰতি সজাগ হোৱা প্ৰয়োজন৷