Logo
image

১৬ মাৰ্চৰ পৰা ১২-১৪ বছৰীয়াক ভেক্‌চিন

আমাৰ অসম১৫ মাৰ্চঃ শিশুসকলৰ বাবে সুখবৰ৷ বুধবাৰৰ পৰা দেশৰ ১২-১৪ বছৰ বয়সৰ শিশুৰ ক’ভিড টিকাকৰণ আৰম্ভ হ’ব৷ তদুপৰি ৬০ ঊধবৰ্ৰ লোককো ক’ভিডৰ বুষ্টাৰ ড’জ প্ৰদান কৰিব৷ ১৬ মাৰ্চৰ পৰা দেশত ১২১ পৰা ১৪ বছৰ বয়সৰ শিশুক টিকাকৰণ আৰম্ভ হোৱাৰ কথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সোমবাৰে এক বিবৃতিযোগে সদৰি কৰিছে৷ স্বাস্থ্য মন্ত্ৰণালয়ে লগতে দেশৰ ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে ক’ভিডৰ বু্‌ষ্টাৰ পালিৰ সুবিধা উপলব্ধ হ’ব বুলিও ঘোষণা কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে বৈজ্ঞানিক সংস্থাসমূহৰ সৈতে আলোচনাৰ পাছত ১২-১৩ বছৰ আৰু ১৩-১৪ বছৰ বয়সৰ শিশুৰ বাবে ক’ভিড-১৯ টিকাকৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে৷ স্বাস্থ্য মন্ত্ৰণালয়ে বিবৃতিটোত লগতে কয় যে– বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টিকাকৰণ অভিযানত হায়দৰাবাদৰ বায়’লজিকেল ইভান্সে নিৰ্মাণ কৰা ‘কৰ্বেভেক্স’ নামৰ ভেক্‌চিন বিধ প্ৰদান কৰা হ’ব৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই টুইটযোগে অভিভাৱকসকলক নিজ সন্তানক টিকাকৰণ কৰাবলৈ আহ্বান জনায়৷ তেওঁ লগতে ৬০ বছৰ বয়সৰ ঊধবৰ্ৰ লোক সকলকো বুষ্টাৰ পালি গ্ৰহণ কৰিবলৈ আহ্বান  জনাইছে৷ ইতিপূৰ্বে দেশৰ ১৪ বছৰ বয়সৰ ঊধবৰ্ৰ শিশুৰ বাবে ক’ভিড টিকাকৰণ অভিযান অব্যাহত আছে৷

এইম্‌ছ, গুৱাহাটীক লৈ স্বাস্থ্যমন্ত্ৰীৰ আলোচনা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সোমবাৰে নিশা দিছপুৰৰ জনতা ভৱনত এইম্‌ছ, গুৱাহাটীৰ সঞ্চালক ড॰ ৰামজী সিঙৰ সৈতে আলোচনাত মিলিত হয়৷ চাংসাৰিত নিৰ্মীয়মাণ এইম্‌ছ, গুৱাহাটীৰ অগ্ৰগতিকে ধৰি কেন্দ্ৰীয় চিকিৎসা শিক্ষা প্ৰতিষ্ঠানখনৰে জড়িত ভালেকেইটা বিষয়ত স্বাস্থ্যমন্ত্ৰীয়ে সঞ্চালকজনৰ সৈতে আলোচনা কৰে৷ স্বাস্থ্যমন্ত্ৰীৰ কাৰ্যালয়কক্ষত এইম্‌ছ গুৱাহাটীৰ ফেকাল্তী ডাঃ মানসী ভট্টাচাৰ্য আৰু অধীক্ষক অভিযন্তা জয়ন্ত শৰ্মাৰ লগতে এনএইচএম, অসমৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱাও উপস্থিত থাকে৷ এইম্‌ছ, গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্ছিং মহাবিদ্যালয়ৰ উপৰি চিকিৎসালয়, ছাত্ৰাৱাস, ছাত্ৰী নিৱাস, আয়ূষ ব্লক আদি নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ লগতে ২০২১ বৰ্ষৰ পৰা এমবিবিএছৰ প্ৰথম বৰ্ষৰ পাঠদান আৰম্ভ হোৱাৰ পাছত যোৱা ১০ মাৰ্চৰ পৰা এমবিবিএছৰ দ্বিতীয় বৰ্ষৰ শ্ৰেণীও আৰম্ভ হৈছে৷ এমবিবিএছ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান চাংসাৰিৰ এইম্‌ছ, গুৱাহাটী ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাসত থাকি পাঠগ্ৰহণ কৰি আছে৷