সংকটত মানৱ জাতি
নিৰাপত্তা পৰিষদৰ পৰা ৰাছিয়াক বহিষ্কাৰৰ দাবী তুলি ইউক্ৰেইনে আন্তঃৰাষ্ট্ৰীয় আদালতৰ দ্বাৰস্থ হৈছে৷ যুদ্ধৰ দামামাই বিশ্বৰ সকলো ৰাষ্ট্ৰতে খলকনি তুলিছে৷ ইতিমধ্যে ইউক্ৰেইনে ১০০০ সৈনিক মাৰা বুলি দাবী কৰিছে৷ ইতিমধ্যে পেট্ৰ’লৰ দাম বাঢ়িলেই৷ আমেৰিকাই স্বাৰ্থ পূৰণৰ বাবে ইউক্ৰেইনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷ যুদ্ধই পেট্ৰ’লজাত সামগ্ৰীৰ লগতে সকলো বস্তুৰ দাম বঢ়াই জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে৷ দুখীয়া লোকৰ মুখৰ ভাত কাঢ়িবলৈ চৰকাৰে জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে৷ বাচি থকাৰ কোনো উপায় নোহোৱা হৈছে, ইউক্ৰেইনক সহায় কৰি আমেৰিকাই অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰাৰ ফন্দি পাতিছে৷ এই কথা বিশ্বৰ জনসাধাৰণে ভালদৰে বুজিছে আৰু ৰাছিয়াই শিক্ষা দিব বুলি সদৰী কৰিছে৷ বজাৰৰ বস্তু-বাহিনী মজুত কৰি ৰাখিবলৈ সকলোকে সকীয়াই দিছে, আন্তঃৰাষ্ট্ৰীয় এই ঘটনাই মানৱ জাতিক ধবংস কৰি আকৌ এখন বিশ্বযুদ্ধৰ ফালে গতি কৰিছে৷ যিটো মানৱ জাতিৰ কাৰণে শুভ লক্ষণ নহয়৷