Logo
image

উচ্ছৃংখল পৰিৱেশ

সাম্প্ৰতিক সময়ত চাৰিওফালে লুণ্ঠন, শোষণ, মৃত্যুৰ কিৰীলি৷ সমাজত কোনেও কাৰো কথা নুশুনে৷ স্বাৰ্থসিন্ধিৰ কাৰণে যিকোনো পৰিস্থিতিৰ সৈতে সন্মুখীন হ’বলৈ কুণ্ঠাবোধ নকৰে৷ জঘন্য অপৰাধো সংঘটিত কৰিব পাৰে৷  কিয় হ’বলৈ পায় এনে কাণ্ড? সকলো সচেতন ব্যক্তিয়ে সমাজৰ কুলষিত লোকসকলক চিনাক্ত কৰি একগোট হৈ অপৰাধ নিৰ্মূলত সহায় আগবঢ়াওক৷ যদি দেখি-শুনিও নিমাতে থাকোঁ, কি হ’ব ভৱিষ্যৎ প্ৰজন্মৰ? শান্তিৰ অসম অশান্ত কৰিবলৈ নিদিব৷ সকলো জনগোষ্ঠীৰ প্ৰতি সহনশীল, দয়া, মৰম, শ্ৰদ্ধাৰ মনোভাব ৰাখিব লাগিব৷