Logo
image

ৰাজকোষৰ টনাটনিৰ মাজতে আজি বাজেট

কৃষিৰ লগতে উদ্যোগকো ৰেহাই দিব পাৰে অজন্তাই

আমাৰ অসম, ১৬ মাৰ্চঃ ৰাজকোষৰ টনাটনিৰ মাজতে আজি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট৷ বুধবাৰে বিয়লি বিত্তমন্ত্ৰীয়ে সদনত দাখিল কৰিব বাজেট৷ কি থাকিব অজন্তাৰ বাজেটত, ইয়াক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে৷ জানিব পৰা মতে, কৃষিৰ লগতে উদ্যোগ খণ্ডলৈও বিশেষ ৰেহাইৰ ব্যৱস্থা থাকিব অজন্তাৰ বাজেটত৷ ইয়াৰ কিছু আভাস আজি মুখ্যমন্ত্ৰীয়ে সদনত দিয়া ৰাজ্যপালৰ ভাষণ বিতৰ্কতো পোৱা গ’ল৷ বিত্তমন্ত্ৰীৰ বাজেট দাখিলৰ পূৰ্বে এই অভিযোগ ৰাজকোষৰ টনাটনিৰ মাজতে উঠিছে যে তীব্ৰ অৰ্থসংকটৰ বাবে ৰাজ্য চৰকাৰে আদায় কৰিব পৰা নাই বহু বিভাগ-ঠিকাদাৰৰ চিলিং মঞ্জুৰি৷ ঠিকাদাৰ আৰু যোগানকাৰীৰ শ শ ফাইল ওভতাই পঠিয়াইছে বিত্ত বিভাগে৷ দৰমহা বহিৰ্ভূত বিভিন্ন খা-খৰচো আদায় পোৱা নাই বিভাগসমূহে৷ পূৰ্বৰ দৰে বাজেটত প্ৰস্তাৱিত পুঁজিৰ ব্যয়তো বিত্তমন্ত্ৰী ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে৷ ২০২০-২১ বৰ্ষৰ বাজেট ধাৰ্য ৰ,০৫,২৪৬ কোটি টকাৰ মাত্ৰ ৮৭,৩৫৪ কোটি টকাহে [৮৩ শতাংশ] ব্যয় হোৱা বুলি জানিব পৰা গৈছে৷ বুধবাৰে বিধানসভাৰ মজিয়াত দাখিল কৰিবলগীয়া বাজেট মঙলবাৰে কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰি গৃহীত কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ কেবিনেট বৈঠকৰ সন্দৰ্ভত সাংবাদিকৰ আগত সদৰী কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়– ‘কেবিনেটে কাইলৈ উত্থাপন হ’বলগীয়া বাজেটৰ সকলো দিশ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি অনুমোদন জনায়৷ ইয়াৰ লগতে আৰু কেইটামান বিষয়ত সিদ্ধান্ত হৈছে৷ ষষ্ঠ অসম বিত্তীয় আয়োগে স্থানীয় নিকায়ৰ পুঁজি আৱণ্টনৰ বাবে দিয়া পৰামৰ্শৰ অনুমোদন জনায় কেবিনেটে৷ পৰৱৰ্তী অলিম্পিকলৈকে লাভলিনা বৰগোহাঁইৰ বাবে এগৰাকী প্ৰশিক্ষকৰ দায়িত্ব ৰাজ্য চৰকাৰে লৈছে৷ অলিম্পিক প্ৰতিযোগিতাত নমালৈকে ৰাজ্য চৰকাৰে মাহে আঢ়ৈ লাখ টকা প্ৰশিক্ষকজনক মাননী প্ৰদান কৰিব৷ ঠিক তেনেকৈ হিমা দাসকো তেওঁৰ প্ৰশিক্ষণৰ বাবে মাহে এক লাখ টকাকৈ অহা অলিম্পিকৰ বাবে প্ৰস্তুত হ’বৰ বাবে দিয়া হ’ব৷ জেনেৰেল প্ৰভিডেণ্ট ফাণ্ডৰ পৰা টকা লোৱাৰ প্ৰক্ৰিয়া সৰলীকৰণ কৰি বিভাগীয় মুৰব্বীৰ পৰাই পি এফৰ টকা উলিওৱাৰ কতৃৰ্ত্ব আজিৰ কেবিনেটে প্ৰদান কৰিছে৷ চাহ জনজাতীয় সন্মিলনে এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীসকলক অ’বিচি জাতিগত প্ৰমাণ-পত্ৰ দিব পাৰিব৷ এই সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে৷’ ইফালে, আজি বিধানসভাত ৰাজ্যপালৰ ভাষণ বিতৰ্কৰ উত্তৰ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ২০২১ বৰ্ষৰ তুলনাত বছৰটোৰ প্ৰথম দুটা মাহত অপৰাধৰ হাৰ ৩০ শতাংশ কমি আহিছে৷ ইয়াৰ এক পৰিসংখ্যক সদনত দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয়– ২০২১ চনৰ জানুৱাৰী মাহত ৰাজ্যত ৮৬৬১টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জানুৱাৰী মাহত ৭১০৬টা গোচৰ ৰুজু হৈছে৷ একেদৰে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ৮৯৪১টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৫৪২৫টা গোচৰ ৰুজু হৈছে৷ অৰ্থাৎ যোৱা বছৰৰ প্ৰথমে দুটা মাহৰ তুলনাত চলিত বৰ্ষত ১১ হাজাৰ গোচৰ হ্ৰাস পাইছে৷ মুখ্যমন্ত্ৰীৰ যুক্তি– মাইনৰিটি সম্প্ৰদায়ৰ কোনো ড্ৰাগছ পেডলাৰ এজনক গুলীয়াই মৰা মানেই সমগ্ৰ মাইনৰিটিক আক্ৰমণ কৰা নুবুজায়৷ যোৱা পৌৰ নিৰ্বাচনত হাউলী, সাপটগ্ৰাম, গোৱালপাৰা, লক্ষীপুৰত কিয় সংখ্যালঘু লোকে বিজেপিক সমৰ্থন দিছে– এই কথা বিৰোধীয়ে এবাৰ ভাবি চোৱা উচিত৷ পুলিচৰ ড্ৰাগছবিৰোধী অভিযানৰ প্ৰতি ৰাইজৰ সমৰ্থন আছে৷ মুখ্যমন্ত্ৰীয়ে ভাষণত কয় যে ধান ক্ৰয় কেন্দ্ৰৰ সংখ্যা ১৮০টাৰ পৰা ২০০টালৈ বৃদ্ধি কৰা হ’ব৷ ৪ কোটি টকাৰ ১১০টা গুদাম স্থাপনৰ বাবে ৪০ লাখ টকাৰ ৰাজসাহায্য দিয়া হ’ব৷ অহা দুবছৰৰ ভিতৰত অসমত এফচিআইৰ কোনো কাম নাথাকিব৷ অসমৰ খেতিয়কৰ চাউল অসম চৰকাৰে কিনিব৷ মাত্ৰ গেপখিনিহে এফচিআয়ে মাৰিব৷ লক্ষণীয় যে আজি সদনত প্ৰায় এক ঘণ্টা কুৰি মিনিট ভাষণ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ ভাষণত সংখ্যালঘূ মুছলমানৰ প্ৰসংগই বিশেষ স্থান পায়৷