Logo
image

মুখ্যমন্ত্ৰীৰ ‘কাশ্মীৰ ফাইল্‌ছ’ উপভোগৰ পূৰ্বেই যুৱকৰ দলে লণ্ডভণ্ড কৰিলে চিনেমা হল

অসমতো ‘কাশ্মীৰ ফাইল্‌ছ’ৰ ধুমুহা

আমাৰ অসম ১৬ মাৰ্চঃ  সদ্য অতীতত ‘বাহুবলী নামৰ ছবিখনৰ দৰে কোনো ভাৰতীয় ছবি দেশজুৰি চৰ্চিত হোৱা নাছিল৷ তাৰো পূৰ্বে পটভূমি ভাৰত কিন্তু হলীউডত নিৰ্মিত ‘শ্লামডগ মিলিয়’নিয়াৰ’ আৰু বহুবছৰ পূৰ্বে ৰিচাৰ্ড এটেনব’ৰ’ৰ ‘গান্ধী’ক লৈ ভাৰতত হলস্থুল হৈছিল আৰু ওফন্দি উঠিছিল বক্স অফিচ৷ মাজত কেইটামান  বছৰৰ নীৰৱতা আৰু ক’ভিডৰ ফলত শুইপৰা বলীউডক জগাই এইবাৰ প্ৰচাৰ আৰু পৃষ্ঠপোষকতাৰ তুংগত উঠিছে ‘দ্য কাশ্মীৰ ফাইলছ’৷ দেশৰ পৰিৱেশ, পৰিস্থিতি এতিয়া বেলেগ৷ সকলোৰে মনত ৰাষ্ট্ৰীয়তাবাদী-ৰাষ্ট্ৰীয়তাবাদী ভাব এটাই অনবৰত এতিয়া ঘূৰা-ফিৰা কৰি থাকে আৰু তাৰ ফলত শৰীৰৰ তেজো উতলি থাকে৷ তেনে এক তেজ উতলি থকা এদল যুৱকে পূৰ্বে কোনোদিনে কাশ্মীৰত হিন্দু পণ্ডিতক কৰা অত্যাচাৰৰ বিষয়ে লেশমানো নাজানিলেও, সেই ঘটনাক উপজীৱ্য কৰি নিৰ্মাণ কৰা ছবিখন, মানে ‘দ্য কাশ্মীৰ ফাইলছ’ কিয় নচলাাব বুলি প্ৰশ্ন কৰি সোমবাৰে নিশা পল্টন বজাৰৰ গ্ৰেণ্ড চিনেমা নামৰ ছবিঘৰটোকে ভাঙি পেলালে৷’ ৯০১ দশকত কাশ্মীৰত মুছমানৰ অত্যাচাৰৰ বলি হৈ কাশ্মীৰি পণ্ডিতসকলে নিজৰ পৈত্ৰিক ভেটি তাতে এৰি থৈ কোনোমতে প্ৰাণ লৈ পলোৱাৰ কথা, আক্ষৰিক অৰ্থত উছন হোৱাৰ কথা এই যুৱকৰ দলটোৱে সম্ভবতঃ নাজানিলেহেঁতেন, যদিহে বিবেক অগ্নিহোত্ৰীয়ে সময় আৰু পৰিৱেশৰ সদব্যৱহাৰ কৰি ‘দ্য কাশ্মীৰ ফাইলছ’ নামৰ ছবিখন নিৰ্মাণ নকৰিলেহেঁতেন৷ হয়তো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছবিখনৰ নিৰ্মাতা আৰু তেওঁৰ অন্যতম স্তাবক, অনুপম খেৰৰ সাক্ষাতৰ পাছত ছবিখন ভাল হৈছে আৰু সেয়ে সকলো সাংসদে এই ছবিখন চোৱা উচিত বুলি দলৰ সংসদীয় কমিটীৰ বৈঠকত একপ্ৰকাৰ নিৰ্দেশ নিদিয়া হ’লে এবিভিপি আৰু আৰ এছ এছৰ সদস্যৰে গঠিত বুলি বহুতে দাবী কৰা যুৱকৰ দলটোৱে কাশ্মীৰৰ এই শোকাবহ অধ্যায়টোৰ কথা নাজানিলেহেঁতেন আৰু সম্ভৱত তেতিয়া তেওঁলোকে পল্টন বজাৰৰ গ্ৰেণ্ড চিনেমা নামৰ ছবিঘৰটো নাভাঙিলেহেঁতেন৷ 

দেশৰ যিটো পৰিৱেশ, দ্য কাশ্মীৰি ফাইলছ সময়োপযোগী৷ বিশেষ তেনে সময়োপযোগী নোহোৱাকৈয়ে ভাৰতৰ বক্স অভিচৰ এসময়ত ‘গান্ধী’, ‘শ্লামডগ মিলিয়’নিয়াৰ’ আৰু সদ্য অতীতত ‘বাহুবলী’ ছুপাৰ-ডুপাৰ হিট হৈছিল৷ চিনেমা হ’ললৈ দৰ্শকৰ সোঁত বৈছিল৷  এতিয়া স্বয়ং প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা আদায় কৰিবলৈ সক্ষম হোৱাৰ পাছত জন্মু-কাশ্মীৰৰ কাশ্মীৰি পণ্ডিতৰ দুখ-দুৰ্দশা, অত্যাচাৰক লৈ নিৰ্মিত ছবি ‘দ্য কাশ্মীৰি ফাইলছ’ সমগ্ৰ দেশতে চৰ্চা আৰু প্ৰচাৰৰ তুংগত৷ প্ৰধান মন্ত্ৰী মোদীয়ে মঙলবাৰে দলৰ সাংসদসকলক ক’লে– ‘দ্য কাশ্মীৰ ফাইলছ’ এখন অতি ভাল ছবি হৈছে৷ তোমালোক সকলোৱে এই ছবিখন চোৱা উচিত৷ এনেধৰণৰ আৰু ছবি নিৰ্মাণ কৰা প্ৰয়োজন৷’ প্ৰধানমন্ত্ৰী মোদীয়ে ছবিখন উপভোগ কৰি পৰিচালক বিবেক অগ্নিহোত্ৰী, মূল অভিনেতা অনুপম খেৰ আদিকো সাক্ষাতো দিছে আৰু দেশবাসীক ছবিখন চোৱাৰ বাবে আহ৩ান জনাইছে৷ দেশজুৰি ‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ সৃষ্টি হোৱা আবেগ-উন্মাদনা দেখি  পৰিচালক বিবেক অগ্নিহোত্ৰী আৰু অভিনেতা অনুপম খেৰ ইমানেই আবেগিক হৈ পৰিছে যে  মঙলবাৰে দুয়ো এটা টিভি চেনেলৰ সাক্ষাতকাৰত হুকহুকাই কান্দিয়েই পেলালে৷ এই ছবিৰ বিনামূলীয়া প্ৰচাৰ চলাই অক্ষয় কুমাৰ, কংগনা ৰানাৱাট, পৰেশ ৰাৱাল আদিয়ে দেশবাসীক ছবিখন চাবলৈ দঢ়াই দঢ়াই অনুৰোধ জনাইছে৷ এই দিশত ঘটিৰাম-বাটিৰামো থমকি ৰোৱা নাই৷ ফ্ৰেণ্ডলিষ্টত ৩০০-৪০০ বন্ধু থকাজনেও ফেচবুকত হেছটেগ দি দ্য কাশ্মীৰ ফাইলছ লিখি ‘মাষ্ট চি’ ষ্টেটাছ দিছে৷ প্ৰসংগত, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণৰ পাছতে ডিজিটেল পেমেণ্ট মাধ্যম পেটিএমক প্ৰশংসা কৰিছিল৷ পেটিএমে নৰেন্দ্ৰ মোদীৰ ফটো ব্যৱহাৰ কৰি বিজ্ঞাপনো দিছিল৷ প্ৰধান মন্ত্ৰী মোদীৰ ফটো ব্যৱহাৰ কৰাৰ লগে লগে পেটিএম ব্যৱহাৰকাৰীৰ সংখ্যা কেইঘণ্টামানৰ ভিতৰত ৪৩৫ শতাংশ বৃদ্ধি হৈছিল৷ কোৱা বাহুল্য মাথোঁ, ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত সপ্তাহতে পেটিএম বেংকৰ বিভিন্ন অনিয়মৰ বাবে নতুন একাউণ্ট খোলাৰ অনুমতি বন্ধ কৰিছে৷ সেয়ে পেটিএম বেংকক লৈ আৰু তেওঁলোকে ব্যৱহাৰ কৰা প্ৰযুক্তিক লৈ গ্ৰাহকৰ মাজত সন্দেহ আৰু শংকাৰ উদ্ভব হৈছে৷

তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে ‘দ্য কাশ্মীৰ ফাইল্‌ছ’ত বৰ্ণিত জম্মু কাশ্মীৰৰ কাশ্মীৰি পণ্ডিতৰ ওপৰত স্থানীয় মুছলমানে চলোৱা অত্যাচাৰৰ কথা ছবিখনৰ জৰিয়তে দেশজুৰি প্ৰকাশ হোৱাৰ সময়ত অসমতো নেলীৰ গণহত্যাৰ ঘটনাক লৈ ছবি নিৰ্মাণ কৰিলে একেই পৰিৱেশৰ সৃষ্টি হ’লহেঁতেন বুলি অনেকেই মত প্ৰকাশ কৰিছে৷ অসমৰ বহুতেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে কাশ্মীৰি পণ্ডিতৰ দুখ-দুৰ্দশাৰ সৈতে অসমৰ নেলীৰ গণহত্যা আৰু গুজৰাটত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ তুলনা টানি আনিছে৷ সেই তুলনাৰ প্ৰত্যুত্তৰত এচাম তথ্যবিজ্ঞ ব্যক্তিয়ে জনাইছে যে নেলীৰ গণহত্যাক লৈ এখন তথ্যচিত্ৰ আৰু এখন পূৰ্ণাংগ ছবি নিৰ্মিত হৈছিল৷ ২০১৫ চনত ‘হোৱাট এ ফিল্ডছ ৰিমেম্বাৰ’ নামৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰিছিল সুবাশ্ৰী কৃষ্ণণে৷ প্ৰসাৰ ভাৰতীৰ সহযোগত এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছিল ‘পাব্লিক ছাৰ্ভিচ ব্ৰ’ডকাষ্টিং ট্ৰাষ্টে’৷ আনহাতে অসমৰ খ্যাতিমান ছবি পৰিচালক বিদ্যুৎ কটকীয়ে ‘ৰেইনব’ ফিল্ডছ’ নাম দি নেলীৰ গণহত্যাক লৈ এখন ছবি নিৰ্মাণ কৰিছিল৷ প্ৰকৃততে তেওঁ ‘শৈশৱতে ধেমালিতে’ নামৰ যিখন অসমীয়া ছবি নিৰ্মাণ কৰিছিল সেই ছবিখনতে ‘ৰেইনব’ ফিল্ডছ’ নাম দি অসমৰ বাহিৰৰ দৰ্শকৰ বাবে মুকলি কৰিছিল৷ ছবিখনত অভিনয় কৰিছিল ভিক্তৰ বেনাৰ্জী, নকুল বৈদ্য, দীপান্বিতা শৰ্মা আদিয়ে৷ কিন্তু ছবিঘৰত এই চিনেমাখন মুক্তি দিয়াৰ পাছত কোনো দৰ্শকেই চাবলৈ নাহিল৷ এই তথ্য আগবঢ়োৱাৰ পাছত সম্ভৱতঃ ‘দ্য কাশ্মীৰ ফাইল্‌ছ’ নামৰ ছবিখনক লৈ দেশত সৃষ্টি হোৱা আৱেগৰ সৈতে একাংশই অসমৰ নেলীৰ গণহত্যা আৰু গুজৰাটৰ সাম্প্ৰদায়িক হত্যাৰ ঘটনাৰ তুলনা নকৰিব৷ কিয়নো এতিয়া দেশত যি পৰিৱেশ, তাৰ সৈতে ‘দ্য কাশ্মীৰ ফাইলছ’ সময়োপযোগী৷

অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে তেওঁৰ সতীৰ্থ মন্ত্ৰী, বিধায়কৰ উপৰি বিজেপিৰ সহযোগী সকলো ৰাজনৈতিক দলৰ মন্ত্ৰী তথা বিধায়ক সমন্বিতে মহানগৰীৰ চিটী চেণ্টাৰত থকা পিভিআৰ মাল্টিপ্লেক্সত ‘দ্য কাশ্মীৰ ফাইল্‌ছ’ নামৰ বহুচৰ্চিত ছবিখন উপভোগ কৰে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই ছবিখন উপভোগৰ বাবে আহিব বুলি আগতীয়াকৈ ঠিৰাং হোৱাত চিটী চেণ্টাৰ চৌহদ উখল-মাখল হৈ আছিল৷ বিধানসভাৰ অধিৱেশনৰ অন্তত সন্ধিয়া তেওঁ সতীৰ্থ বিধায়ক-মন্ত্ৰী সমন্বিতে ছবিখন উপভোগ কৰে৷ তেওঁৰ সৈতে একেলগে ছবিখন উপভোগ কৰিবলৈ অহা বিজেপিৰ বিধায়ক অমিয় ভূঞাই কয়– মুখ্যমন্ত্ৰীৰ সৈতে এনে এখন দেশপ্ৰেমমূলক ছবি একেলগে উপভোগ কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা৷ বিজেপিৰ চাৰিবাৰৰ বিধায়ক প্ৰশান্ত ফুকনে কয় যে ‘দ্য কাশ্মীৰ ফাইল্‌ছ’ৰ হূদয়বিদাৰক দৃশ্য দেখি তেওঁ ছবিখন সম্পূৰ্ণকৈ চাবই নোৱাৰিলে৷ ইপিনে, মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিৰোধী কংগ্ৰেছ দলৰ বিধায়ক ছিদ্দিক আহমেদেও মুখ্যমন্ত্ৰীৰ সৈতে একেটা শ্ব’তে ‘দ্য কাশ্মীৰ ফাইল্‌ছ’ উপভোগ কৰে৷ আনহাতে, ইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে ‘দ্য কাশ্মীৰ ফাইল্‌ছ’ ছবিখনক নিষিদ্ধ কৰিবলৈ দাবী জনাইছে৷ মঙলবাৰে আজমলে হোজাইত ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাই কয় যে, এই ছবিখনে দেশৰ হিন্দু-মুছলমানৰ মাজত ভেদাভেদ সৃষ্টি কৰিব৷ সেয়ে তেওঁ সমগ্ৰ দেশতে এই ছবিখন নিষিদ্ধ কৰিব লাগে বুলি সবল দাবী জনায়৷