Logo
image

পথ নিৰ্মাণ, শিক্ষাত গুৰুত্ব ক’ভিড-উত্তৰ অৰ্থনীতিৰ উত্থানেৰে জিডিপি ১৩.৮৯% বৃদ্ধিৰ আশা

আন্ধাৰৰ পৰা আলোকৰে যাত্ৰা

আমাৰ অসম ১৭ মাৰ্চঃ ইতিহাসৰ অন্ধকাৰতম সময়ৰ পৰা মুক্ত হৈ আলোকৰ যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ শক্তিশালী ৰাজ্য অসম৷ এবছৰৰ পূৰ্বে যেতিয়া ক’ভিডৰ অন্ধকাৰে সমগ্ৰ বিশ্বৰ লগতে অসমকো ঢাকি পেলাইছিল, তেতিয়া সেই দুৰ্ভাগ্যৰে ভৰা সময়ত এইখন চৰকাৰেই দাখিল কৰিবলগীয়া হৈছিল তেওঁলোকৰ নতুনকৈ আৰম্ভ হোৱা কাৰ্যকালটোৰ প্ৰথমখন বাজেট৷ তেতিয়া চলিত বিত্তীয় বৰ্ষৰ কেইমাহমান অতিক্ৰান্ত হৈছিল আৰু সেয়ে বাজেটখন পূৰ্ণাংগ নাছিল৷ এতিয়া ক’ভিডৰ অন্ধকাৰাচ্ছন্ন সময় শেষ হোৱাত, বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল আন্ধাৰৰ পৰা আলোকৰে যাত্ৰা কৰি বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে সেয়ে পোহৰৰ দিশে আগবাঢ়ি যোৱাৰ অংগীকাৰ কৰিছে৷ সেয়ে তেওঁ বাজেটৰ আৰম্ভণিও কৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা কালজয়ী কবিতাৰে৷

তোৰে মোৰে আলোকৰে যাত্ৰা

অব্যৰ্থ, অব্যৰ্থ

আমি পালো জীৱনৰ অৰ্থ অভিনৱ

স্বাগত স্বাগত সতীৰ্থ!

ৰূপকোঁৱৰৰ এই কবিতাৰ পংক্তিৰে বুধবাৰে বাজেট ভাষণ আৰম্ভ কৰা বিত্তমন্ত্ৰী অজন্তা নেওগে অসমৰ সমাজ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে অৰ্থনৈতিক আন্তঃগাঠনি শক্তিশালী কৰাটো অপৰিহাৰ্য বুলি কয়৷ বিত্তমন্ত্ৰীৰ বক্তব্য, সবল অৰ্থনৈতিক স্থিতি অবিহনে আলোকৰ যাত্ৰা অব্যাহত ৰাখিব নোৱাৰি৷ সেয়ে তেওঁ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন পূৰ্ণাংগ বাজেটত ৰাজ্যত সৰ্বদিশতে আন্তঃগাঠনি উন্নয়নৰ প্ৰকল্প হাতত লোৱা হৈছে৷ আন্তঃগাঠনি উন্নয়নৰ জৰিয়তে ৰাজ্যলৈ বিনিয়োগ আনিব পাৰি আৰু বিনিয়োগৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ হ’লে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাটো সবাটোকৈ প্ৰয়োজনীয় কৰ্তব্য বুলি বাজেট ভাষণত উল্লেখ কৰিছে বিত্তমন্ত্ৰীয়ে৷ অন্ধকাৰাচ্ছন্ন সময়ৰ পৰা আলোকৰ যুগলৈ আগবাঢ়িবলৈ লওঁতেই ৰাছিয়া আৰু ইউক্ৰেইনৰ সৰ্বনশীয়া যুদ্ধখনে কিছু পৰিমাণে প্ৰতিবন্ধতাৰ সৃষ্টি কৰা বুলিও বিত্তমন্ত্ৰীয়ে তেওঁৰ বাজেট ভাষণত স্বীকাৰ কৰে৷ বিত্তমন্ত্ৰীয়ে কয়, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্দখনে সমগ্ৰ বিশ্বৰ অৰ্থনীতিয়েই অস্থিৰ কৰি তুলিছে৷ আধুনিক সময়ত এতিয়া যিহেতু সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ সৈতে সকলোৰে পাৰম্পৰিক সম্পৰ্ক আছে, সেয়ে এই যুদ্ধই অসমৰ অৰ্থনীতিতো প্ৰভাব পেলোৱা স্বাভাৱিক৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অতি বিচক্ষনতাৰে ৰাজ্যৰ সকলো ধৰণৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ পৰিকল্পনা কৰিছে৷ তাৰ প্ৰতিফলন ঘটিছে বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত৷ এই বাজেটত বিজেপি চৰকাৰখনে একে সময়তে পথ, দলং, বিমানবন্দৰ, হেলীপেড, জাহাজঘাট নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে৷ জল, স্থল, আকাশ তিনিও ক্ষেত্ৰতে যোগাযোগৰ উন্নয়ন সাধন কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত ৰাজ্যখনৰ যাতায়াত ব্যৱস্থা সৰ্বতোপ্ৰকাৰে উন্নত কৰাৰ যি পৰিকল্পনা লৈছে, সেয়া পৰিষ্কাৰভাৱে প্ৰতিফলিত হৈছে বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটখনত৷ বিত্তমন্ত্ৰী অজন্তা নেওগে তেওঁৰ বাজেট ভাষণত কয় যে, ক’ভিড অতিমাৰীৰ সংকটৰ সময়ত ২০১৯-২০ আৰু ২০২০-২১ বিত্তীয় বৰ্ষত যেতিয়া বহুতো ৰাজ্যই নেতিবাচক বিকাশৰ হাৰ প্ৰদৰ্শন কৰিছিল, সেই সময়ত অসমেই হৈছে একমাত্ৰ ৰাজ্য যি ইতিবাচক বিকাশৰ হাৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল৷ সেই অনুসৰি ২০২০-২১ বৰ্ষত অসমত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩.৮৯ শতাংশৰ অধিক হ’ব বুলি আশা কৰা হৈছে৷ সেই সময়ছোৱাত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হ’বগৈ ৪,৩৩,৯২৫ কোটি টকা৷ ৰাজ্যখনৰ অৰ্থনীতিৰ প্ৰকৃত প্ৰতিফলন মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বা জিএছডিপিয়ে প্ৰকাশ কৰা বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে তেওঁৰ ভাষণত কয়৷ পথ নিৰ্মাণঃ সেই উদ্দেশ্য সন্মুখত লৈয়েই বাজেটত পথ নিৰ্মাণৰ চাৰিখন আঁচনি স্থিৰ কৰা হৈছে৷ সেয়াহৈছে [১] পকীপথ নিৰ্মাণ আঁচনি, [২] উন্নতি পকীপথ নিৰ্মাণ আঁচনি, [৩] মথাউৰি পকীপথ নিৰ্মাণ আঁচনি আৰু [৪] পথ নৱীকৰণ আঁচনি৷ এই আঁচনিৰ অধীনত নতুন পথ নিৰ্মাণ, পূৰ্বৰ পথৰ উন্নীতকৰণ আৰু মেৰামতি কৰা হ’ব৷ অসম মালা আঁচনিৰ অধীনত আগন্তুক বিত্তীয় বৰ্ষত ১৯টা নতুন পথ নিৰ্মাণ কৰা হ’ব৷ ডিব্ৰুগড়ৰ মানকটা পথৰ ওপৰত এখন আৰু গুৱাহাটীৰ জিএনবি পথৰ ওপৰত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰা হ’ব৷ দলংঃ বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটত দুখন বৃহৎ দলং নিৰ্মাণৰ আঁচনি লোৱা হৈছে৷ ইয়াৰে এখন দলং হ’ব সোৱণশিৰি নদীৰ ওপৰত ধূনাগুৰিত আৰু আনখন দলং হ’ব লোহিতৰ ওপৰত৷  কেন্দ্ৰীয় চৰকাৰৰ সহায়ত ‘এছিয়ান ইনফ্ৰাষ্ট্ৰাকছাৰ ইনভেষ্টমেণ্ট বেংকে’এই দলঙৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব৷ আনহাতে মাজুলী আৰু বিহপুৰীয়া তথা নিমাতী সংযোগী এখন বৃহৎ দলঙৰ কাম চলি আছে৷ তদুপৰি গৌৰীপুৰ, উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন সহযোগী দলং নিৰ্মাণ কৰা হ’ব৷ আকাশী পথ আৰু বিমানবন্দৰঃ গুৱাহাটীৰ পৰা লখিমপুৰ, ডিব্ৰুগড়, শিলচৰ আৰু তেজপুৰৰ মাজত সংযোগ স্থাপন কৰা বিমানৰ উৰণৰ ক্ষেত্ৰত অসম চৰকাৰে এক শতাংশ ভেট হ্ৰাস কৰিব৷ অসমৰ বিমানবন্দৰ থকা চহৰকেইখনৰ মাজত যাতে বিমান পৰিবহণ সংস্থাসমূহে অধিক বিমানৰ উৰণ সম্পন্ন কৰে সেই উদ্দেশ্যেই চৰকাৰে এক শতাংশ ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে৷ আনহাতে কাৰ্বি আংলং, শিলচৰত দুটা নতুন বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ লৈছে চৰকাৰে৷ তদুপৰি নগাঁও, গেলেকী আৰু হাফলঙত অসম চৰকাৰে তিনিটা নতুন হেলিপেড নিৰ্মাণ কৰিব৷ কাৰ্বি আংলঙৰ ডিফুত নিৰ্মাণ কৰিবলগীয়া গ্ৰীণফিল্ড এয়াৰপ’ৰ্ট কেন্দ্ৰীয় চৰকাৰৰ সাহায্যত নিৰ্মাণ কৰা হ’ব৷ ইপিনে ৰূপসী বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু উন্নয়ন সাধনৰ বাবে অসম চৰকাৰে ১৮০ একৰ অৰণ্য ভূমি আবণ্টন দিব৷ ৰাজ্যৰ কেবাটাও বিমানবন্দৰৰ সম্প্ৰসাৰণ আৰু উন্নয়ন সাধনৰ প্ৰস্তাৱ বাজেটত লোৱা হৈছে৷ সেই অনুসৰি যোৰহাট বিমানবন্দৰৰ সম্প্ৰসাৰণৰ বাবে ৫০ একৰ ভূমি আৰু ১৫৬ কোটি টকা, শিলচৰৰ গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে ৮৭০ একৰ ভূমি আৰু ৫০ কোটি টকা, লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ বাবে ৮৪ একৰ ভূমি আৰু ৩.৫৬ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে৷ জলপথঃ অসম আভ্যন্তৰীণ জলপৰিবহণ উন্নয়ন ছ’চাইটিৰ অধীনত ১৩টা সৰু নেছনেল ৱাটাৰ ৱে টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব৷ ইয়াৰে দুটা হ’ব গুৱাহাটীৰ উজানবজাৰ আৰু উমানন্দত৷ বাকীকেইটা কুৰুৱা, গুইজান, ঘাঘৰ, কাছাৰী, গোৱালপাৰা, উত্তৰ গুৱাহাটী, অফলামুখ, নিমাতীঘাট, মাতমৰা আৰু দিছাংমুখত নিৰ্মাণ কৰা হ’ব৷ সৰ্বদিশতে যোগাযোগৰ ক্ষেত্ৰত উন্নয়ন সাধনৰ প্ৰস্তাৱ লোৱা এই বাজেটত অন্যান্য বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ বাবে যথেষ্ট পৰিমাণৰ পুঁজি ধাৰ্য কৰা হৈছে৷ বৰদোৱা থান আৰু গংমৌ সত্ৰত একশৰণ ধৰ্ম সংৰক্ষণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷ আনহাতে পাটবাউসী সত্ৰত নতুন প্ৰকল্প নিৰ্মাণ কৰা হ’ব৷ তদুপৰি অসমৰ সকলো নামঘৰলৈ ২.৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব আৰু এই ক্ষেত্ৰত ৰ,২৬০ টা নামঘৰ সামৰি লোৱা হ’ব৷ অসম দৰ্শন আঁচনিৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৫ কোটি টকা ব্যয়ৰে চতুৰ্থটো প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব৷ হোলোংপাৰত থকা লাচিত বৰফুকনৰ সমাধি নবীকৰণ কৰা হ’ব৷ লাচিত বৰফুকনৰ জীৱনী ভিত্তিত ডিজিটেল ডকুমেণ্টৰি ফিল্ম আৰু দিল্লী তথা মুম্বাইত অসমৰ বীৰগৰাকীৰ স্মাৰক বক্তৃতা আয়োজন কৰিবলৈ ৭ কোটি টকা ধাৰ্য কৰা হৈছে৷ ইপিনে যোৰহাট কাৰাগাৰখন উত্তৰ-পূব মুক্তিযোদ্ধা স্মাৰক উদ্যান হিচাপে নিৰ্মাণ কৰা হ’ব৷ যোৰহাটত থকা মণিৰাম দেৱানৰ সমাধি আৰু গোমধৰ কোঁৱৰৰ সমাধিৰ উন্নয়ন সাধন কৰা হ’ব৷ বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে শিৱসাগৰৰ ৰংঘৰত ‘লাইট এণ্ড ছাউণ্ড’প্ৰদৰ্শনী আয়োজন কৰা হ’ব৷ ইপিনে গৌৰীপুৰত প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিত নিৰ্মাণ কৰিবলগীয়া যাদুঘৰৰ বাবে বাজেটত ১৫ কোটি টকা ধাৰ্য কৰা হৈছে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এক লাখ চাকৰি দিব বুলি প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণৰ বাবে আগবঢ়োৱা পদক্ষেপ এই বাজেটত প্ৰতিফলিত হৈছে৷ সেই অনুসৰি এপিএছচিৰ অধীনত ১৩,৫৭২ টা তৃতীয় বৰ্গৰ পদ, ১৩,৭৮৭ টা চতুৰ্থ বৰ্গৰ পদ, ৩,৫৮৭ টা প্ৰথম বৰ্গৰ পদ আৰু ১,৫৬৮ টা দ্বিতীয় বৰ্গৰ পদ আগন্তুক বিত্তীয় বৰ্ষৰ ভিতৰত পূৰণ কৰা হ’ব৷ আনহাতে শিক্ষা বিভাগত ৯৩০ টা পদ অনুকম্পামূলক ক্ষেত্ৰত পূৰণ কৰা হ’ব৷ বহাগ বিহুৰ পূৰ্বে ক্ষুদ্ৰ ঋণৰ সাহায্য প্ৰদান কৰিবলৈ বাকী ৰৈ যোৱা ৰাজ্যৰ সাতখন জিলাৰ বাবে ধন মুকলি কৰি দিয়া হ’ব৷ অৰুণোদয় আঁচনিৰ অধীনত ১২৫০ টকাকৈ পৰৱৰ্তী বিত্তীয় বৰ্ষত প্ৰদান কৰা হ’ব৷ এই আঁচনিত চৰকাৰে পূৰ্বৰ বিত্তীয় বৰ্ষতকৈ ২৫০ টকা বৃদ্ধি কৰিছে৷ আনহাতে উত্তৰ-পূব মহোৎসৱ আয়োজন কৰাৰ বাবে চৰকাৰে ১০ কোটি টকা বাজেটত ধাৰ্য কৰিছে৷ আগন্তুক বিত্তীয় বৰ্ষত বিটিএডি অঞ্চলত ১০ খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ব৷ একেদৰে আগন্তুক বিত্তীয় বৰ্ষৰ ভিতৰত চাহ বাগিচা অঞ্চলত ৪৩৬ খন প্ৰাথমিক বিদ্যালয়, ১১৭ খন মডেল হাইস্কুল স্থাপনৰ কাম সম্পূৰ্ণ কৰা হ’ব৷ সেই বিদ্যালয়সমূহত অহা ১০ মে’ৰ পৰা পাঠদান আৰম্ভ কৰা হ’ব৷ শিৱসাগৰ কলেজ, কোকৰাঝাৰ কলেজ, বঙাইগাঁও কলেজ, জগন্নাথ বৰুৱা কলেজ, উত্তৰ লখিমপুৰ কলেজ আৰু সন্দিকৈ ছোৱালী কলেজ তথা নগাঁও কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নতী কৰাৰ বাবে প্ৰত্যেকখন মহাবিদ্যালয়লৈ দহ কোটি টকাকৈ সাহায্য প্ৰদানৰ বাবে বাজেটত ধন ধাৰ্য কৰা হৈছে৷ স্বাস্থ্য খণ্ডত চৰকাৰে ডিব্ৰুগড়, বৰপেটা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, লখিমপুৰ, দৰঙত সাতখন কৰ্কট ৰোগৰ হাস্পতাল অহা বিত্তীয় বৰ্ষৰ ভিতৰত নিৰ্মাণ কৰিব৷ তদুপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু ৰাজ্যিক কৰ্কট ৰোগ প্ৰতিষ্ঠানলৈ ৰ’বটিক ছাৰ্জাৰী কেন্দ্ৰ স্থাপনৰ বাবে ১৫ কোটি টকা ধাৰ্য কৰিছে৷ বাজেটত বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি শিৱসাগৰ,  কৰিমগঞ্জ আৰু গোৱালপাৰাত তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ আইআইটি গুৱাহাটীত এখন চুপাৰস্পেচিয়েলিটী হাস্পতাল নিৰ্মাণ কৰা হ’ব৷ আনহাতে ধেমাজি, বঙাইগাঁও, মৰিগাঁও, গোলাঘাট আৰু তামুলপুৰত চলি থকা চিকিৎসা মহাবিদ্যালয়ৰ কাম আগন্তুক বিত্তীয় বৰ্ষত সম্পূৰ্ণ কৰা হ’ব৷ চৰকাৰে এহেজাৰ খন বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ নতুনকৈ নিৰ্মাণ কৰিব আৰু দুশটা উপ-স্বাস্থ্য কেন্দ্ৰৰ উন্নয়ন সাধন কৰিব৷ দুধনৈ আৰু পলাশবাৰীত দুখন আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু এখন বি.এছ.চি নাৰ্ছিং কলেজ তথা এখন জিএনএম নাৰ্ছিং স্কুল ৰাজ্যৰ প্ৰত্যেকখন চিকিৎসা মহাবিদ্যালয়তে স্থাপন কৰিব৷ মুঠ ৩৭৯৮ কোটি টকাৰে বৰপেটা, শিলচৰ, ডিফু, যোৰহাট, তেজপুৰ, লখিমপুৰৰ জিলা অসামৰিক চিকিৎসালয়ৰ উন্নয়ন সাধন কৰা হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা আগন্তুক বিত্তীয় বৰ্ষৰ বাজেটত মূলতঃ গুৰুত্ব প্ৰদান কৰা হৈছে যোগাযোগ ব্যৱস্থাৰ বাবে নিৰ্মাণ কৰিবলগীয়া আন্তঃগাঁথনিত৷ তাৰ ঠিক পিছতেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত ক্ষিপ্ৰ উন্নয়ন সাধনৰ লক্ষ্য স্থিৰ কৰাৰ লগতে স্বাস্থ্য ক্ষেত্ৰটো যাতে ৰাজ্যখন দেশৰ অন্যান্য আগশাৰীৰ ৰাজ্যৰ সৈতে সমানে আগবাঢ়ি যাব পাৰে তালৈ চকু দি স্কুল-কলেজ নিৰ্মাণ আৰু চিকিৎসালয় তথা চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে৷ অৱশ্যে শক্তি খণ্ডতো বুধবাৰে দাখিল কৰা বাজেটত অসামান্য গুৰুত্ব আৰোপ কৰা হৈছে৷ সেই অনুসৰি মুখ্যমন্ত্ৰী সৌৰশক্তি প্ৰকল্পৰ বাবে চাৰি হাজাৰ কোটি টকা, নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ বাবে ২১২৭ কোটি টকা, বৰাপানী নদীত নিৰ্মাণ কৰিবলগীয়া দুটা জলবিদ্যুৎ প্ৰকল্পৰ বাবে ২৫০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ কিয়নো এখন ৰাজ্যৰ সমভাৱে উন্নয়ন হোৱাৰ বাবে যোগাযোগ, শিক্ষা, স্বাস্থ্যৰ লগতে শক্তি ক্ষেত্ৰত উন্নয়ন সাধনৰ গত্যন্তৰ নাই৷