Logo
image

হিয়ালি জিয়ালি হৈ পৰিল আঙুৰলতা, বুকু খামুচি আধাতে প্ৰেক্ষাগৃহ এৰিলে প্ৰশান্তই

‘কাশ্মীৰফাইল্‌ছ’ চাবলৈ কৰ্মচাৰীলৈ অৰ্ধছুটী

আমাৰ অসম ১৭ মাৰ্চঃ দেশজুৰি এতিয়া ‘দ্য কাশ্মীৰ ফাইলছ’ৰ চৰ্চা আৰু অসমত সেই ছবিখন উপভোগ কৰিবলৈ গৈ কান্দি-কাটি অধাতে ওলাই অহা বিজেপিৰ প্ৰাক্তন বিধায়ক আঙুৰলতাৰ চৰ্চা৷ আঙুৰলতাই কিয় ইমানকৈ কান্দিলে আৰু কিয় ছবিখন সম্পূৰ্ণভাৱে চাব নোৱাৰি মুখ্যমন্ত্ৰীসহ সকলো সতীৰ্থক এৰি থৈ ছবিঘৰৰ বাহিৰলৈ ওলাই আহিল সেই প্ৰশ্নই সকলোকে আমনি কৰিছে৷ এদিন পূৰ্বে, অৰ্থাৎ মঙলবাৰে বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক আঙুৰলতাই মহানগৰীৰ চিটী চেণ্টাৰৰ পিভিআৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সকলো মন্ত্ৰী-বিধায়কৰ সৈতে ‘দ্য কাশ্মীৰ ফাইলছ’চাবলৈ গৈছিল৷ ছবিখন চাবলৈ যোৱাৰ সময়ত টিভি চেনেলৰ ফুটেজ দখল কৰিছিল অতি স্বাভাৱিকভাৱে মুখ্যমন্ত্ৰীয়ে,য’ত আঙুৰলতাৰ চিন-মোকামো নাছিল৷ ছবি অন্ত পৰাৰ পাছৰ ফুটেজো অধিকাৰ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কিন্তু হিয়ালি-জিয়ালিকৈ কান্দি আধাতে ছবিঘৰৰ পৰা ওলাই আহি মাজৰ সময়চোৱাৰ সম্পূৰ্ণ ফুটেজ অধিকাৰ কৰিলে এসময়ৰ অভিনেত্ৰী আঙুৰলতাই৷ ছবিঘৰৰ পৰা উচুপি উচুপি ওলাই আহোতে ছেলফিৰ আবদাৰ কৰা অনুৰাগীক নমস্কাৰ কৰি আঙুৰলতা যিদৰে থৰক বৰক খোজেৰে ওলাই আহিল, সেয়া দেখি কৰ্তব্য সম্পাদন কৰি থকা এজন আৰক্ষী বিষয়া ৰ’বই নোৱাৰিলে৷ কান্দি কাটি অস্থিৰ হৈ পৰা আঙুৰলতা কেনেবাকৈ পৰিও যাব পাৰে বুলি ভাবি আৰক্ষী বিষয়াজনে তেওঁক হাতত ধৰি আনি গাড়ীত তুলি দিলে৷ এই দীঘলীয়া সময়ছোৱাৰ দৃশ্যায়ন ৰাজ্যৰ বৈদ্যুতিন মাধ্যমৰ মুভি কেমেৰাত বন্দী হ’ল আৰু কালিৰ পৰা আজিলৈকে দীঘলীয়া সময়ৰ ফুটেজ অকলেই অধিকাৰ কৰা আঙুৰলতাৰ এই আবেগিক দৃশ্য ৰাজ্যজুৰি ভাইৰেল হ’ল৷ অৱশ্যে অভিনেত্ৰী আঙুৰলতাই ‘দ্য কাশ্মীৰ ফাইলছ’ত অভিনয় কৰা শিল্পীসকলৰ মৰ্মস্পৰ্শী অভিনয়ৰ বাবে কান্দি-কাটি বাউলী হ’ল নে কাশ্মীৰি পণ্ডিতৰ ওপৰত ’৯০১ দশকত জন্মু-কাশ্মীৰত হোৱা অত্যাচাৰৰ ঘটনা জানিবলৈ পাই হিয়ালি-জিয়ালিকৈ কান্দিবলগীয়া হ’ল সেই সন্দৰ্ভতহে এই দৃশ্য দেখাসকল নিশ্চিত নহ’ল৷ অনেকেই আঙুৰলতাৰ এই ভিডিঅ’ক অভিনয় বুলি সমালোচনা কৰিছে সঁচা, কিন্তু একোখন মৰ্মস্পৰ্শী ছবিয়ে বহুতকে এনেদৰে আবেগিক কৰি তুলিব পাৰে বুলি অনেকেই স্বীকাৰো কৰিছে৷ ছবিখন চাই অন্তৰত বিষম আঘাত পালে বিজেপিৰ চাৰিবাৰৰ বিধায়ক প্ৰশান্ত ফুকনেও৷ তেওঁ সংবাদ মাধ্যমক জনালে, ছবিখন চাই থাকোতে তেওঁক শোকে খুন্দা মাৰি ধৰাত সম্পূৰ্ণকৈ চাবই নোৱাৰিলে৷ প্ৰশান্ত ফুকনে বুকুত খামুছি ধৰি ছবিঘৰৰ পৰা ওলাই অহাৰ দৃশ্যই তেওঁৰ শোকৰ পৰিমাণ কিমান সেয়া সকলোকে উপলব্ধি কৰিবলৈ বাধ্য কৰাইছে৷ প্ৰসংগতঃ উল্লেখযোগ্য যে বুধবাৰে অসমৰ ৰাজ্যপাল জগদীশ মুখিয়েও সপত্নীক দেশজুৰি চৰ্চিত হোৱা এই দেশপ্ৰেমমূলক ছবিখন উপভোগ কৰে৷ মুখ্যমন্ত্ৰীয়ে এই ছবিখন উপভোগ কৰা চৰকাৰী কৰ্মচাৰীলৈ অৰ্ধেক দিনৰ ছুটী মঞ্জুৰ কৰিছে৷ তাৰ ফলত যিকোনো চৰকাৰী কৰ্মচাৰীয়ে এতিয়া কাৰ্যালয় চলি থকা অৱস্থাতো আধা দিনৰ ছুটী লৈ ‘দ্য কাশ্মীৰ ফাইলছ’চাবলৈ যাব পাৰিব৷ পিছদিনা তেওঁ শীৰ্ষ বিষয়াক টিকটটো জমা দিলেই ছুটী মঞ্জুৰ হৈ যাব৷ এনে ঘোষণাৰ পাছত আক্ষেপ কৰিছে মাজুলীৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে৷ কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমষ্টি, ঐতিহ্যমণ্ডিত সাংস্কৃতিক কেন্দ্ৰ মাজুলীত এটাও ছবিঘৰ নাই৷ অসমৰ ছবিজগতৰ সৈতে জড়িত অনেকেই কৈছে, মুখ্যমন্ত্ৰীয়ে এনেদৰে চৰকাৰী কৰ্মচাৰী, ৰাজ্যৰ বাসিন্দাকে অসমীয়া ছবি চাবলৈ উদ্বুদ্ধ কৰাহ’লে অসমীয়া ছবিৰ এনে দুৰ্দশা নহ’লহেঁতেন৷ তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা অসমীয়া ছবিৰ ক্ষেত্ৰতো এনে ইতিবাচক পদক্ষেপ আশা কৰিছে৷