Logo
image

উচ্ছতৰ মাধ্যমিকৰ প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰকো স্কুটী

আমাৰ অসম ১৭মাৰ্চঃ উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰকো দিয়া হ’ব স্কুটী বা স্কুটাৰ৷ অসম বিধানসভাৰ ২০২২-২৩ বৰ্ষৰ বাজেটত উল্লেখ কৰা হৈছে এই কথা৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বাজেটত ছেবাৰ অধীনৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্টফোন দিয়া হ’ব বুলি ঘোষণা কৰা হৈছিল৷ আনকি প্ৰতিমাহে নেটপেক ৰেহাই দিয়া হ’ব বুলি কৈছিল সদনত খোদ মুখ্যমন্ত্ৰীয়ে৷ কিন্তু এই ঘোষণা ঘোষণা হৈয়ে ৰ’ল৷ স্মাৰ্টফোন লৈ ঘৰৰ পৰা অনলাইন ক্লাছ কৰিবলৈ আশাপালি থকা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ হাতত নপৰিল স্মাৰ্টফোন৷ নহ’ল ঘৰৰ পৰা অনলাইন ক্লাছ কৰাৰ৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন পূৰ্ণংগ বাজেটতো উচ্ছতৰ মাধ্যমিক প্ৰথম বিভাগ পোৱা সকলো ছাত্ৰকো স্কুটাৰ প্ৰদানৰ বাবে পুঁজি ধাৰ্য কৰা হৈছে৷ পূৰ্বে উচ্ছতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক দিয়া হৈছিল স্কুটী৷ বিগত বৰ্ষত নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্ট ফোন দিয়া নহ’ল যদিও কৰ’নাসৃষ্ট পৰিস্থিতিত বাতিল নহ’ল আনন্দৰাম বৰুৱা বঁটা প্ৰদান আঁচনি৷ বাজেটত ধাৰ্য কৰা মতে নৱম শ্ৰেণীত প্ৰথম স্থান দখল কৰা শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ’ব বিশেষ সুবিধা৷ ৰাজ্যৰ মেধাৱী ছাত্ৰলৈ মাহে ২ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব৷ আই আই টি, গুৱাহাটীৰ দৰে প্ৰতিষ্ঠান ভ্ৰমণৰ সুবিধা পাব এনে শিক্ষাৰ্থীয়ে৷ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীলৈ বছৰি ১০ হাজাৰ টকা যাতায়াতৰ বাবদ সাহায্য আগবঢ়োৱা হ’ব৷