Logo
image

স্বাস্থ্যমন্ত্ৰীৰ কন্যাৰে আৰম্ভ ১২-১৪ বছৰীয়াক টিকাকৰণ

আমাৰ অসম ১৭ মাৰ্চঃ ১২-১৪ বছৰ বয়সৰ শিশুসকলৰ বাবে ক’ভিড-১৯ টিকাকৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটীৰ ৰুক্মিনী গাঁও বালিকা বিদ্যালয়ত ভেক্‌চিন প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ এই অভিযানত নিদ্ধাৰিত ১২-১৪ বছৰ  স্বাস্থ্যমন্ত্ৰীৰ কন্যাৰে আৰম্ভ বয়সৰ শিক্ষাৰ্থীসকলক নিজ নিজ বিদ্যালয়ত বিনামূলীয়া টিকাকৰণ কৰা হ’ব৷ বিদ্যালয়ত টিকাকৰণ কৰিব নোৱাৰা আন শিশুৱে তেওঁলোকৰ নিকটতম চৰকাৰী ক’ভিড-১৯ টিকাকৰণ কেন্দ্ৰত টিকা গ্ৰহণ কৰিব পাৰিব৷ হায়দৰাবাদৰ ‘বায়’লজিকেল ই লিমিটেডে’প্ৰস্তুত কৰা ক’ৰ্বেভে’ক’ভিড-১৯ টিকা হিচাপে প্ৰদান কৰা হ’ব৷ ইয়াৰ উপৰি ৬০ বছৰৰ ঊদ্ধৰ্ৰ সকলো ব্যক্তিয়ে সতৰ্কতামূলক পালি হিচাপে বুধবাৰৰ পৰা ক’ভিডৰ অতিৰিক্ত পালি টিকা গ্ৰহণ কৰিব পাৰিব৷ ৬০ বছৰৰ ঊদ্ধৰ্ৰ ব্যক্তিসকলৰ ক্ষেত্ৰত আনুসংগিক ৰোগৰ কাৰকসমূহ পৰিহাৰ কৰা হৈছে৷ দ্বিতীয় পালি টিকা গ্ৰহণৰ ৯ মাহৰ পিছত [৩৬ সপ্তাহ] এই সতৰ্কতামূলক পালি ল’ব পাৰিব৷ মুখ্যমন্ত্ৰীয়ে সকলো যোগ্য হিতাধিকাৰীকে টিকাকৰণৰ বাবে আগবাঢ়ি আহিবলৈ আহ৩ান জনায়৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কন্যা নীলাক্ষী মহন্তক ভেক্‌চিন প্ৰদানেৰে ৰাজ্যৰ ১২-১৪ বছৰ বয়সৰ ১৩ লাখ শিশুক টিকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে সকলো অভিভাৱককে আশ্বাস প্ৰদান কৰি কয় যে এই টিকা তেওঁলোকৰ সন্তানৰ বাবে সম্পূৰ্ণ সুৰক্ষিত আৰু ইয়াৰ পা্ৰশ্বক্ৰিয়া নাই৷ শিশুসকলৰ স্বাভাৱিকতে ৰোগ প্ৰতিৰোধৰ ক্ষমতা থাকে৷ তেওঁলোকক ক’ভিড-১৯ ৰ বিভিন্ন বিকশিত প্ৰকাৰৰ বিৰুদ্ধে যুজ দিবলৈ টিকাকৰণ কৰিব লাগে বুলিও তেওঁ কয়৷ খালী পেটত টিকা গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দি মুখ্যমন্ত্ৰীয়ে বিদ্যালয়সমূহক টিকাকৰণৰ দিনবোৰত অলপ আগতীয়াকৈ মধ্যাহ্ন ভোজন প্ৰস্তুত কৰিবলৈ আহ্বান জনায় যাতে টিকাকৰণৰ পূৰ্বে খাদ্য গ্ৰহণ কৰিব পাৰে৷ ক’ভিড-১৯ ৰ তিনিওটা ঢৌ পৰিচালনাৰ দিশত অসমে যথেষ্ট ভাল প্ৰদৰ্শন কৰিব পাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত ৪ কোটি ৩৬ লাখ পালি ক’ভিড টিকা প্ৰদান কৰা হৈছে৷ তেওঁ ৰাজ্যখনত ক’ভিড টিকাকৰণ অভিযান সফল কৰাৰ বাবে চিকিৎসক, নাৰ্ছ আৰু সকলো স্বাস্থ্যকৰ্মীৰ প্ৰচেষ্টাৰ শলাগ লয়৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাইও ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল৷