Logo
image

মহানগৰী যেন মৰুভূমি

শুকাই গৈছে ভূগৰ্ভৰ জলস্তৰ, পানী-মাফিয়া সক্ৰিয়

আমাৰ অসম ১৮ মাৰ্চঃ কাষত সুবিশাল মহাবাহু ব্ৰহ্মপুত্ৰ৷ চৌপাশৰ পাহাৰত অসংখ্য জান-জুৰি–তথাপিও গুৱাহাটী মহানগৰী এতিয়া জলহীন৷ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই ক্ৰমাৎ মৰুভূমিলৈ পৰ্যবসিত হৈছে সমগ্ৰ গুৱাহাটী৷ এজাক বৰষুণতে জলবন্দী হৈ পৰা মহানগৰবাসীৰ এতিয়া খাবলৈও নাই এটুপি খোৱা পানী৷  কাপোৰ ধোৱা বা আন ঘৰুৱা কামত পানী ব্যৱহাৰ কৰাটো দূৰৈৰে কথা৷ নাগৰিকৰ এনে অসহায় অৱস্থাৰ এতিয়া সুযোগ লৈছে পানী মাফিয়াই৷ পানী মাফিয়াৰ দৌৰাত্ম্যৰ আঁৰৰ পৰা মদত যোগাইছে প্ৰশাসনে৷ গুৱাহাটী মহানগৰীৰ বাসিন্দাই এতিয়া যেন খোৱা পানীৰ মহাসংকটত ভুগিছে৷ ভূগৰ্ভৰ পানী শুকাই যোৱাত সাধাৰণ দমকল আৰু কুঁৱাতো পানী নোহোৱা হৈ পৰিছে৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত গুৱাহাটী জল ব’ৰ্ডে নাগৰিকক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ৪ খনকৈ বিশাল পানী যোগান আঁচনি গ্ৰহণ কৰিছিল যদিও বিগত ১০ বছৰ ধৰি এখনো আঁচনি সম্পূৰ্ণ হৈ নুঠিল৷ কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা পানী যোগান আঁচনিকেইখন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ ৬ বছৰীয়া কাৰ্যকালতো সম্পূৰ্ণ হৈ উঠাটো বাদেই, প্ৰকল্পকেইটা এতিয়া ঠিকাদাৰী প্ৰতিষ্ঠান আৰু বিভাগীয় একাংশ বৰমূৰীয়াৰ  খীৰতী গাইলৈ পৰিণত হৈছে৷ লক্ষণীয়ভাৱে গুৱাহাটীৰ একাংশ জলদস্যুৰূপী পানী মাফিয়াই ব্যৱসায়িক ভিত্তিত হাজাৰ হাজাৰ ফুট গভীৰতাত বিশাল ব’ৰিং সংস্থাপন কৰি দিনে নিশাই পানী উত্তোলন কৰি আহিছে৷ এই পানী সৰু সৰু বাহনেৰে গ্ৰাহকক চৰা দামত বিক্ৰী কৰিছে৷ সু-গভীৰ ব’ৰিঙৰ জৰিয়তে অত্যাধুনিক মেচিন লগাই এনেদৰে পানী উত্তোলন কৰি বিক্ৰী কৰাৰ পৰিণতিত সমীপৱৰ্তী অঞ্চলসমূহত পানীৰ মহা সংকটে দেখা দিছে৷ সাধাৰণ নাগৰিকৰ ঘৰুৱা সৰু সৰু ব’ৰিঙত পানী উঠোৱাটো দূৰৰে কথা, কুঁৱাসমূহো শুকাই গৈছে৷ ফলত এটুপি খোৱাপানীৰ বাবে নাগৰিকে যমৰ যাতনা ভোগ কৰিবলগীয়াত পৰিছে৷ আনহাতে, গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যতে বৰষুণৰ পৰিমাণ অস্বাভাৱিক হাৰত হ্ৰাস পাবলৈ ধৰাত মহানগৰীৰ মাজেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰো বুকু খৰালিত বালিময় হৈ পৰিছে৷ ৰাইজৰ এনে দুৰৱস্থা তথা অসহায় অৱস্থাৰ সুযোগ লৈ প্ৰশাসনৰ জ্ঞাতে-অজ্ঞাতে গঢ়ি উঠিছে খোৱাপানীৰ অসাধু ব্যৱসায়৷ এই অসাধু ব্যৱসায়ীসকলে ৫০০ লিটাৰ পানীকে ২০০-৩০০ টকা দামত বিক্ৰী কৰি অহাও দেখা গৈছে৷ জিলা প্ৰশাসনৰ লগতে গুৱাহাটী পৌৰ নিগমৰ উদাসীনতাৰ সুযোগ লৈ খোৱা পানী বেপাৰ এতিয়া সহজলভ্য হৈ পৰিছে৷ প্ৰশাসনৰ চকুৰ সন্মুখতে দিনে-নিশাই অসাধু ব্যৱসায়ীয়ে ব’ৰিঙৰ পৰা পানী উত্তোলন কৰি নাগৰিকক চৰা দামত বিক্ৰী কৰি মুনাফা আদায় কৰি আহিছে৷ শেহতীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনেও অসাধু ব্যৱসায়ীৰ পক্ষত থিয় দি সাধাৰণ নাগৰিকক ঘৰুৱা ব্যৱহাৰৰ বাবেও ব’ৰিং কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ বিগত ১০ মাৰ্চত দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ হৈ উপায়ুক্ত পল্লৱ গোপাল ঝাই জাৰি কৰা নিৰ্দেশনাত পানী ব্যৱসায়ীসকলক ব’ৰিং স্থাপনত কোনো বাধা দিয়া নাছিল৷ প্ৰশাসনৰ এই নিৰ্দেশনাক লৈ সাধাৰণ লোকে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাত অৱশেষত প্ৰশাসনে ১৬ মাৰ্চত আন এটা নিৰ্দেশনাযোগে পূৰ্বৰ নিৰ্দেশ বাতিল কৰে৷ অৰ্থাৎ এতিয়াৰে পৰা নাগৰিকে ঘৰুৱাভাৱে ব’ৰিং কৰাত কোনো বাধা নাথাকিব৷ লক্ষণীয় বিষয়টো হৈছে, সাধাৰণ কম গভীৰতাৰ এটা ব’ৰিঙৰ বাবে নূ্যনতম লাখ টকাৰ প্ৰয়োজন হয়৷ তেনেস্থলত মহানগৰীৰ ধনী শ্ৰেণীৰ ব্যক্তিৰ বাবে এয়া সম্ভৱ যদিও দুখীয়া লোকৰ পক্ষে লাখ টকা ব্যয় কৰি ব’ৰিং কৰা সম্ভৱ নহয়৷ আনহাতে, লাখ টকা ব্যয় কৰি কম গভীৰতাৰ ব’ৰিং কৰিলেও পৰ্যাপ্ত পানী যে লাভ কৰিব তাৰো কোনো নিশ্বয়তা নাই৷ তেনেস্থলত চৰকাৰীভাৱে পানী যোগান নধৰিলে মহানগৰীৰ দুখীয়া লোকসকলে খোৱাপানীৰ অভাৱত ভয়ংকৰ দুৰ্যোগৰ দিশে গতি কৰিব সেয়া ধ্ৰুৱসত্য৷ ইপিনে, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে কিছুদিন পূৰ্বে ২০২৪ চনলৈ গুৱাহাটীবাসীয়ে খোৱাপানীৰ সংকটত ভুগিব বুলিও স্পষ্ট কৰি দিছিল৷ অৱশ্যে গুৱাহাটী পানী যোগান প্ৰকল্পকেইটালৈ লক্ষ্য কৰিলে দেখা যায় যে দক্ষিণ-মধ্য গুৱাহাটী পানী যোগান প্ৰকল্পক বাদ দি বাকী তিনিটা প্ৰকল্প ২০২৪ চনৰ ভিতৰতো যে সম্পূৰ্ণ নহয় সেয়াও নিৰ্ঘাত সত্য৷ কিয়নো এই প্ৰকল্পকেইটাৰ বৰ্তমানলৈ ৫০ শতাংশ কামো সম্পূৰ্ণ হোৱা নাই৷ অৱশ্যে বৃহস্পতিবাৰে মন্ত্ৰী অশোক সিংঘালে গুৱাহাটী ভূগৰ্ভৰ পানী ব্যৱসায় সন্দৰ্ভত আইন প্ৰণয়ন কৰিব বুলিও সদৰি কৰে৷

অধিক দামত পানী বিক্ৰী কৰিছে দুষ্টচক্ৰইঃ উপায়ুক্ত

গুৱাহাটী পৌৰ এলেকাৰ ৬০টা ৱাৰ্ডত পৌৰ নিগমে প্ৰায় ৭০ শতাংশ লোকক খোৱাপানী যোগান ধৰিব নোৱাৰাৰ বাবে এক চক্ৰই পানীৰ অবৈধ বেহা চলাই নাগৰিকৰ পৰা পানী যোগানৰ বিপৰীতে অধিক ধন লোৱাৰ ঘটনা তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে৷ আনকি বৃহস্পতিবাৰে বিয়লি কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদমেলত স্বয়ং জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই নিগমে নাগৰিকক পানী যোগান ধৰিব নোৱাৰাৰ বাবে এক দুষ্ট চক্ৰই অবৈধভাৱে বৰিং কৰি ভূ-গৰ্ভৰ বহু গভীৰতাৰ পৰা পানী উত্তোলন কৰাৰ ফলত ভূ-গৰ্ভৰ জলস্তৰ উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ বিপৰীতে দুষ্ট চক্ৰই পানী অধিক দামত বিক্ৰী কৰি মুনাফা লুটি থকা কথাটো স্বীকাৰ কৰে৷ ইফালে, পানীৰ ক’লা বেহা ৰোধৰ বাবে উপায়ুক্ত পল্লৱ গোপাল ঝাই দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ১০ মাৰ্চত পানীৰ অবৈধ বৰিং আৰু সৰবৰাহৰ ক্ষেত্ৰত যি নিষেধাজ্ঞা জাৰি কৰিছিল তাক বৰ্তমান পানীৰ নাটনিকেন্দ্ৰিক পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি ১৬ মাৰ্চত সেই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে বুলি সদৰি কৰে৷ সংবাদমেলত নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কয়–উপায়ুক্তই পানীৰ অবৈধ বৰিং আৰু সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰাত ঠাইবিশেষে নাগৰিকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ আয়ুক্ত দেৱাশীষ শৰ্মাই কয়– গুৱাহাটীত কোন ঠাইত কিমান তলৰ পৰা পানী উত্তোলন বা বৰিং কৰিব পাৰি তাৰ অনুমতি কেন্দ্ৰীয় ভূতল জল আয়োগে দিয়ে৷ কিন্তু বৰ্তমান ফাগুণ-চ’ত মাহত বহু অঞ্চলত আৱাসীক এলেকাত নাগৰিকৰ কুঁৱা, দমকল আদিৰ পানী শুকাই যোৱাৰ ফলত দুষ্ট চক্ৰই ঠাইবিশেষে ঘৰৰ ভিতৰত অনুমতি অবিহনে বহু দকৈ বৰিং কৰি পানী উত্তোলন কৰি বিক্ৰী কৰি আছিল৷ আনকি তেনে পানী যোগান ধৰাৰ বাবে পানী সৰবৰাহ কৰা বাহনসমূহ য’তে-ত’তে ৰখাৰ ফলত বহু আৱাসী এলেকাত যান-জঁটৰ সৃষ্টি হয়৷ সমান্তৰালভাৱে ভূ-গৰ্ভৰ বহু তলৰ পৰা দুষ্ট চক্ৰই পানী বৰিং কৰাৰ ফলত সংশ্লিষ্ট অঞ্চলত থকা দমকল, কুঁৱা আদিৰ পানী উদ্বেগজনক হ্ৰাস পায়৷ ১৬ মাৰ্চত উপায়ুক্তই পূৰ্বতে ১০ মাৰ্চত দিয়া নিৰ্দেশটো প্ৰত্যাহাৰ কৰাৰ ফলত এতিয়া যিকোনো লোকেই চলিত খৰালিৰ সময়চোৱাত অনুমতি অবিহনে পানী বৰিং কৰি বিক্ৰী কৰিব পাৰিব৷ নিগমৰ অধীনত থকা সাতপুখুৰী, উজানবজাৰ, কামাখ্যা আদি প্ৰকল্পৰ কেতিয়াবাই ম্যাদ উকলি যোৱাৰ বাবে তাক মেৰামতি কৰাৰ পদক্ষেপ গ্ৰহণ কৰা আৰু ইয়াৰ বাবদ চৰকাৰৰ পৰা প্ৰায় ১০ কোটি টকা বিচৰা হৈছে৷ অৱশ্যে নাগৰিকক পানী যোগান ধৰাৰ বাবে নিগমৰ নিজাববীয়া ট্ৰাক পূৰ্বৰ ৩খনৰ বিপৰীতে বৰ্তমান ১৫খনলৈ বৃদ্ধি কৰা হৈছে বুলি আয়ুক্ত দেৱাশীষ শৰ্মাই সদৰি কৰে৷