Logo
image

অবিশ্বাস্য আয় ‘কাশ্মীৰ ফাইল্‌ছ’ৰ

এইবাৰ ভূপেনৰ দাবী ‘গুপ্তহত্যা ফাইল্‌ছ’

আমাৰ অসম, ১৮ মাৰ্চঃ দা কাশ্মীৰ ফাইলছৰ দৰে অসমত সংঘটিত গুপ্তহত্যাৰ ওপৰতো এখন চিনেমা নিৰ্মাণৰ সপক্ষে মত আৰু যুক্তি দাঙি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ উল্লেখ্য যে শেহতীয়াভাৱে ‘দা কাশ্মীৰ ফাইলছ’ চিনেমা খনে সমস্ত দেশতে আলোড়নৰ সৃষ্টি কৰিছে৷ চিনেমাখনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিভিন্ন বিতৰ্কৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ চৰকাৰে এই চিনেমাখনক লৈ যথেষ্ট উৎসাহিত হৈ পৰিছে৷ অসম চৰকাৰে কাশ্মীৰ ফাইলছৰ ওপৰত আমোদকৰ ৰেহাই ঘোষণা কৰাৰ উপৰিও চৰকাৰী কৰ্মচাৰীসকলক এই চিনেমাখন চোৱাৰ বাবে অৰ্ধ ছুটি দিয়াৰ সিদ্ধান্তও ঘোষণা কৰিছে৷ আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ অধিৱেশনৰ ব্যস্ততাৰ মাজতে বিজেপি-অগপ আৰু ইউ পি পি এৰ মন্ত্ৰী বিধায়কসকলক লগত লৈ গুৱাহাটীত চিনেমাখন উপভোগ কৰে৷ কাশ্মীৰ ফাইলছক লৈ বিজেপি দল আৰু চৰকাৰে এনে উৎসাহ প্ৰদৰ্শন কৰাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়–‘কাশ্মীৰ ফাইলছ চিনেমাখন চোৱাক লৈ বিতৰ্ক কৰিবলগীয়া একো নাই৷ কিন্তু তাৰ যিটো পটভূমি, যিটো সময়ত ঘটনাবিলাক হৈছিল, তেতিয়া বিজেপি আৰু জনতা দলৰ সন্মিলিত চৰকাৰ কেন্দ্ৰত আছিল৷ বিজেপি সমৰ্থিত এজন ৰাজ্যপাল জম্মু-কাশ্মীৰত আছিলে৷ সেয়ে কাশ্মীৰ ফাইলছৰ নিচিনা অসম গুপ্তহত্যা ফাইল্‌ছ নামেৰে এখন চিনেমা কৰিব লাগে বুলি কংগ্ৰেছৰ ফালৰ পৰা অনুপম খেৰলৈ এখন চিঠি লিখিম৷ অসমত গুপ্তহত্যাৰ ঘটনা সংঘটিত হোৱাৰ সময়ত কেন্দ্ৰত বিজেপি চৰকাৰ আছিলে৷ অসমত অগপৰ দলৰ চৰকাৰ আছিলে৷ তেতিয়া আমিও আমাৰ দলৰ বিধায়ক সকলক লৈ আসাম গুপ্তহত্যা ফাইলছ চিনেমাখন চাবলৈ যাম৷ অগপ বিজেপিৰ শাসনকালত অসমত কেনেকৈ গুপ্তহত্যা হৈছিলে তাৰ ওপৰত অনুপমখেৰে যদি এখন চিনেমা কৰে আমি সকলোধৰণৰ সহযোগিতা আগবঢ়াম৷ আনহাতে, দেশৰ ইমূৰৰ পৰা সিমূৰলৈ নিজৰ জনপ্ৰিয়তাৰ ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱা দা কাশ্মীৰ ফাইলছে উপাৰ্জন কৰিছে অভিলেখ পৰিমাণৰ ৰাজহ৷ মাত্ৰ ছয় দিনত চলচ্ছিত্ৰখনে উপাৰ্জন কৰিছে ৭৯.২৫ কোটি টকা৷ এটা সপ্তাহত এই পৰিমাণ ১০০ কোটি টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে৷ উপাৰ্জনৰ দিশৰ পৰা অভিলেখ সৃষ্টিৰ দিশত আগবাঢ়িছে চিনেমাখনে৷