Logo
image

মাথোঁ শিক্ষা বিভাগতে ২৮ হাজাৰ পদ খালী

আমাৰ অসম, ১৭ মাৰ্চঃ ‘ৰাজ্যৰ শিক্ষা বিভাগতে মুঠ ২৮,১৯৯টা শিক্ষক কৰ্মচাৰীৰ পদ খালী হৈ আছে৷ খালী পদসমূহৰ পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷’ শিক্ষক নিযুক্তিৰ প্ৰসংগত এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামৰ এক প্ৰশ্নৰ উত্তৰত সদনত এই তথ্য দাখিল কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ পেগুৱে সদৰি কৰা অনুসৰি অসমৰ কলেজসমূহত খালী পদৰ সংখ্যা এনে ধৰণৰ– শিক্ষক ৯৩৫ টা, গ্ৰন্থগাৰিক ২৩ টা, কৰ্মচাৰী ৯৫৬ টা৷ অসমৰ বিশ্ববিদ্যালয়ত খালী থকা শিক্ষক পদৰ সংখ্যা ৩১৯টা আৰু কৰ্মচাৰীৰ সংখ্যা ৯৬৭টা৷ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকসমূহত খালী থকা শিক্ষক-কৰ্মচাৰীৰ পদৰ সংখ্যা এনে ধৰণৰ– শিক্ষক ৭৩০টা, তৃতীয় বৰ্গ ৫৪৮টা, চতুৰ্থ বৰ্গৰ ৩৯০ টা৷ আনহাতে প্ৰাদেশিকৃত আৰু চৰকাৰী উচ্ছ আৰু মাথোঁ শিক্ষা বিভাগতে উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত খালী শিক্ষক কৰ্মচাৰীৰ পদৰ সংখ্যা এনেধৰণৰ–বিষয় শিক্ষক ২,৪৪২টা, সহকাৰী শিক্ষক ৬৯১৮টা, কনিষ্ঠ সহায়ক ৰ,১৫৬টা আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ২,৮০৬টা৷ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ নিম্ন আৰু উচ্ছ প্ৰাথমিক বিদ্যালয়ৰ খালী পদৰ সংখ্যা এনেধৰণৰ–উচ্ছ প্ৰাথমিক ২৭৫৮টা আৰু নিম্ন প্ৰাথমিক ৭২৪২টা৷ মন্ত্ৰীগৰাকীয়ে সদনত সদৰি কৰে যে গুৱাহাটী বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয়ৰ পৰা পদ সৃষ্টিৰ প্ৰস্তাৱ পালে বিবেচনা কৰা হ’ব৷ উল্লেখ যে আজি সদনত শিক্ষা বিভাগৰ প্ৰশ্নৰ উত্তৰ দি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে ২০২২ চনৰ পৰাই ৰাজ্য চৰকাৰে এখন হ’লেও বিশ্ব বিদ্যালয়ত নতুন শিক্ষানীতি অনুসৰি মাল্টি ডিছিপ্লিনেৰী পাঠদান ব্যৱস্থা আৰম্ভ কৰিব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কালি বিত্তমন্ত্ৰী অজন্তা নেওগে দিয়া বাজেট ভাষণত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰদান কৰা হৈছে৷ শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়াৰ পাছতো বাজেটত ৪০ হাজাৰ ঠিকা ভিত্তিক শিক্ষকৰ দাবীয়ে স্থান নোপোৱাত ক্ষুব্ধ হৈ পৰিছে সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজ৷ বাজেটত কৰা প্ৰৱঞ্চনাৰ প্ৰতিবাদত টে’ট শিক্ষক সমাজে আন্দোলন কাৰ্যসূচীত ঘোষণা কৰিছে৷ এই সন্দৰ্ভত টে’ট উত্তীৰ্ণ শিক্ষক সমাজে শিক্ষামন্ত্ৰী ৰণোজ পেগুলৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰিছে৷ এই সন্দৰ্ভত শিক্ষক সংগঠনটোৰ নেতৃত্বই কয়–প্ৰাথমিক টে’ট উত্তীৰ্ণ প্ৰায় ৪০ হাজাৰ ঠিকাভিত্তিক শিক্ষক বিভিন্ন দিশৰ পৰা দুৰ্ভাগ্যজনকভাৱে বঞ্চিত হৈ আছে৷ সমস্যাসমূহ সমাধানৰ বাবে আবেদন জনোৱাৰ পাছতো বৰ্তমানলৈ কোনো ধৰণৰ ধনাত্মক পদক্ষেপ পৰিলক্ষিত হোৱা নাই৷ যাৰ পৰিপ্ৰেক্ষিতত বিগত দুমাহ ধৰি ধাৰাবাহিকভাৱে সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে৷ যোৱা ১১ মাৰ্চত  শিক্ষামন্ত্ৰীয়ে আনুষ্ঠানিক আলোচনালৈ আমন্ত্ৰণ কৰাত সকলো কাৰ্যসূচী সাময়িকভাৱে স্থগিত কৰি আলোচনাত মিলিত হৈছিল শিক্ষক সমাজ৷ উক্ত আলোচনাৰ পাছত সংবাদমাধ্যমৰ আগতো শিক্ষকসকলৰ প্ৰাপ্য মৰগীয়া বানচকে ধৰি অন্যান্য কিছু ভাল খবৰ বাজেটত লাভ কৰিব বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিল৷ কিন্তু বাজেটত সৰ্বশিক্ষাৰ অন্তৰ্গত টে’ট উত্তীৰ্ণ শিক্ষকসকলৰ সপক্ষে কোনো বিষয় তথা ভাল খবৰ নথকাত স্বাভাৱিকতে প্ৰতিজন শিক্ষক হতাশ তথা ক্ষোভিত হৈ পৰিছে৷ দেশৰ প্ৰগতিৰ মেৰুদণ্ড স্বৰূপ শিক্ষক সকলক নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখাটো প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজ তথা কোনো সভ্য সমাজে সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে৷ অহা ২২ মাৰ্চ ভিতৰত সৰ্বশিক্ষাৰ অন্তৰ্গত শিক্ষকে লাভ কৰিবলগীয়া ৫ শতাংশ মৰগীয়া বানচৰ ৩০ মাহৰ বকেয়া তথা ১১ আৰু ৩ শতাংশ মৰগীয়া বানচ আৰু ইয়াৰ বকেয়া তথা অন্য সকলো প্ৰাপ্য আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সাময়িকভাৱে স্থগিত আন্দোলন কাৰ্যসূচী তীব্ৰভাৱে চলাই নিবলৈ শিক্ষক সমাজ বাধ্য হ’ব৷