Logo
image

ৰাজ্যসভালৈ যাব পৱিত্ৰ যুঁজ হ’ব ৰিপুণ-ৰণগৌৰাৰ

মুখত একতাৰ কথা থাকিলেও বিৰোধীৰ মাজত সন্দেহৰ বাতাবৰণ

আমাৰ অসম, ২০মাৰ্চঃ ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দ উছাহৰ মাজতে অৱশেষত স্পষ্ট হ’ল ৩১ মাৰ্চত ৰাজ্যত হ’ব লগা ৰাজ্যসভাৰ আসন দুখনৰ প্ৰাৰ্থী হ’ব কোন৷ শুকুৰবাৰে নিশা শাসক-বিৰোধী উভয় পক্ষই ঘোষণা কৰিলে নিজ নিজ প্ৰাৰ্থীৰ নাম৷ বিজেপিয়ে নিজাববীয়াকৈ পৱিত্ৰ মাৰ্ঘেৰিটাক বিজেপিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ বিপৰীতে ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌড়া নাৰ্জাৰীৰ নাম দ্বিতীয়খন আসনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা হৈছে৷ ইফালে, কংগ্ৰেছ দলে পুনৰ ৰিপুণ বৰাক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে৷ প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতে এতিয়া গৰম হৈছে ৰাজ্যৰ ৰাজনীতি৷ সমান্তৰালভাৱে আশংকা ঘনীভূত হৈছে– পুনৰ ৰাজ্যসভাত চলিব নেকি ঘোঁৰা কিনা-বেচা ৰাজনীতি৷ লক্ষণীয় যে আপাতঃ সংখ্যাৰ দিশৰ পৰা চালে দেখা যায় যে ৩১ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অসমৰ ৰাজ্যসভাৰ দুই আসনৰ প্ৰথমখনত বিজেপি প্ৰাৰ্থী আৰু দ্বিতীয়খনত বিৰোধী শিবিৰৰ প্ৰাৰ্থীৰ জয় নিশ্চিত৷ শাসকীয় বিজেপি মিত্ৰজোঁটে দুয়োখন আসনত জয়ী হ’বলৈ হ’লে মুঠ ৮৩জন বিধায়কৰ সমৰ্থন লাগিব৷ সম্প্ৰতি মাজুলীৰ ভুৱন গামকে ধৰি বিজেপি মিত্ৰজোঁটৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ৮২জন৷ [বিজেপিৰ নিজাকৈ ৬৩জন, এজেপিৰ জ্ঝজন, ইউপিপিএলৰ জ্জজন আৰু বিপিএফৰ ৩জন] সেই হিচাপে ৪২জন বিধায়কৰ সমৰ্থনেৰে প্ৰথমখন আসনত বিজেপি প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটা বিনাদ্বিধাই জিকিব৷ কিন্তু দ্বিতীয়খন আসন অৰ্থাৎ ৰণগৌড়া নাৰ্জাৰী জিকিবৰ বাবে হয়তো আৰু মাত্ৰ এজন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন হ’ব৷ ইফালে, বিৰোধী পক্ষত কংগ্ৰেছ দলৰ হাতত বৰ্তমান ২৭জন বিধায়ক, এআইইউডিএফৰ হাতত ১৫জন বিধায়ক, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু চিপিআই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰসহ মুঠ ৪৪জন বিধায়ক আছে৷ কংগ্ৰেছৰ এগৰাকী নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ ইতিমধ্যে ৰিপুণ বৰাক ভোট দিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যদিও আনগৰাকী নিলম্বিত বিধায়ক শশীকান্ত দাসে এতিয়াও অৱশ্যে মুখ খোলা নাই৷ শ্বেৰমান আলী আহমেদে দাবী কৰিছে যে এআইউডিএফৰ নাম লৈ কংগ্ৰেছৰ চাৰি-পাঁচজনমান বিধায়কে গাড্ডাৰী কৰিব ৰিপুণ বৰাক৷ শ্বেৰমানৰ বক্তব্যৰ পাছতেই থৰহৰি কম্পমান হৈছে কংগ্ৰেছৰ শিবিৰ৷ ইফালে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ বিজেৰি সভাপতি ভৱেশ কলিতা তথা মন্ত্ৰী পীয়ূষ হাজৰিকাকে ধৰি বিজেপি শিবিৰে বাৰম্বাৰ দাবী কৰি আহিছে যে ৰাজ্যসভাৰ দ্বিতীয়খন আসনতো বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় নিশ্চিত৷ সেই হিচাপে ৰাজ্যসভাৰ মূল যুঁজখন ৰিপুণ বৰা আৰু ৰণগৌড়া নাৰ্জাৰীৰ মাজতেই হোৱাটো নিশ্চিত হৈছে৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ দুয়োখন আসনতে বিজেপিৰ জয়লাভ নিশ্চিত বুলি দাবী কৰি আজি মন্ত্ৰী পীয়ূষ হাজৰিকাই সাংবাদিকৰ আগত এনেদৰে কয়– ‘আমি দুয়োটা চিটতে জিকিম৷ এইটো কথা মই কনফিডেণ্টলী কৈছোঁ৷ মই তিনিবছৰ ধৰি শুনি আছোঁ যে মই অপৰিপক্ক সৰু ল’ৰা৷ কিন্তু তেণ্ডুলকাৰটো তেণ্ডুলকাৰেই৷ তেওঁ বিশ বছৰ বয়সতে অভিজ্ঞতাৰে খেলিছিল৷ মই পুনৰ দৃঢ়তাৰে কৈছোঁ৷ ৰিপুণ বৰা নিজিকে৷ কংগ্ৰেছৰ সদস্যসকলে তেওঁক ৰাজ্যসভাৰ সদস্য হোৱাটো নিবিচাৰে৷ তেওঁলোকে নিলম্বন কৰি থোৱা বিধায়কৰ পৰা ভোট বিচাৰিছে৷ সেয়া কেনেকৈ সুস্থ গণতন্ত্ৰ হ’ল৷ মই তেওঁলোকক চেলেঞ্জ কৰিছোঁ৷ মোক ধাক্কা দিয়ক৷ মোক ধাক্কা দিব পৰা নাই৷ ৩১ তাৰিখৰ ৰিজাল্টটো মই এতিয়াই কৈ দিব পাৰোঁ কিন্তু নকওঁ৷ ৰাজ্যসভাত যেতিয়া কংগ্ৰেছে টিকট ঘোষণা কৰিছিল তেতিয়া হিমন্ত বিশ্বই ঘোষণা কৰিছিল নেকি? কালি ৰাতিৰে পৰা কংগ্ৰেছৰ বিধায়কসকলে ৰিপুণ বৰাক হৰুৱাবলৈ লাগি গৈছে৷ এইবাৰ ৰাজ্যসভাত কংগ্ৰেছশূন্য হোৱাটো খাটাং৷ হৰ্ছ ট্ৰেডিং নাই৷ কোনোবাই চৰকাৰক সমৰ্থন কৰি ভোট দিব পাৰে৷ কাৰোবাৰ বেমাৰ হ’ব পাৰে৷ কোনোবা অনুপস্থিত থাকিব পাৰে৷’ইফালে, শুকুৰবাৰে নিশা প্ৰাৰ্থিত্ব ঘোষণাৰ পাছত ৰাতিটো টোপনি গ’ল কি নগ’ল, পুৱাই উঠি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘৰত হাজিৰ হ’ল ৰিপুণ বৰা৷ কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ চীফ হুইপ ৱাজেদ আলী চৌধুৰীৰ সৈতে ফাঁকু খেলি ৰিপুণ বৰাই ঘোষণা কৰিলে যে তেওঁৰ জয় নিশ্চিত৷ ইতিমধ্যে কংগ্ৰেছ দলৰ তৰফৰ পৰা ৰিপুণ বৰাৰ জয় নিশ্চিত কৰিবলৈ থ্ৰী লাইন হুইপ জাৰি কৰাৰ লগতে কাইলৈ কেউটা বিৰোধী দলৰ বিধায়কৰ সৈতে এখন বিশেষ বৈঠকৰো আয়োজন কৰিছে৷ সাম্ভাব্য হৰ্ছ ট্ৰেডিং ৰোধৰ বাবে ভোট দিয়াৰ পাছতে বেলট বাকচত বেলট পেপাৰ ভৰোৱাৰ পূৰ্বে ভোটিং এজেণ্টক পেপাৰখন দেখুৱাব লাগিব বিধায়কে৷ কংগ্ৰেছৰ সকীয়নি– ‘দলীয় প্ৰাৰ্থীক ভোট নিদিয়াটো ধৰা পৰিলে এনে বিধায়কৰ পদ খাৰিজ কৰা হ’ব৷’লক্ষণীয় যে আজি কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰাই সমৰ্থন বিচাৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈকো সাক্ষাৎ কৰে৷ এফালে, ৰিপুণ বৰাৰ প্ৰৱল আত্মবিশ্বাস, আনফালে বিজেপি গোজৰণি৷ ইয়াৰ মাজত ৩১ মাৰ্চত ৰাজ্যসভাৰ দ্বিতীয়খন আসনত কোনে শেষ হাঁহি মাৰে, সেয়া সেয়া উৎসুকতাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷