Logo
image

অনুভূতিশূন্য হৈ পৰিছে নেকি আৰক্ষী

শিশু সন্তান, পত্নীৰ সন্মুখতে পথচাৰীক নৃশংস প্ৰহাৰ

আমাৰ অসম,২০মাৰ্চঃ ধৰ্ষণকাৰী, হত্যাকাৰী, ড্ৰাগছ মাফিয়া, ছিণ্ডিকেট মাফিয়াৰ বিৰুদ্ধে কঠোৰ হ’বলৈ খোদ মুখ্যমন্ত্ৰীয়ে সেউজ সংকেত দিয়াৰ পাছতেই অভিযুক্তক এনকাউণ্টাৰত গুলীবিদ্ধ কৰাৰ যেন উজান উঠিছে স্মাৰ্ট অসম আৰক্ষীৰ৷ হেণ্ডকাফসহ জিম্মাত থকা নিৰস্ত্ৰ অভিযুক্তক নিশাৰ আন্ধাৰৰ সুযোগত জনচক্ষুৰ আঁতৰত এনকাউণ্টাৰ কৰি উল্লাসিত হৈ পৰা ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বাধীন আৰক্ষী বাহিনী এতিয়া অনুভূতিশূন্য হৈ পৰিছে৷ কিয়নো দিন দুপৰতে সাধাৰণ ট্ৰেফিক আইন ভংগৰ অভিযোগত আৰক্ষীৰ এটা গুণ্ডাৰূপী দলে ৰাজপথত শিশু সন্তান আৰু পত্নীৰ সন্মুখতে চৰ, গোৰ, ঘোচা সোধোৱা ঘটনাই আৰক্ষীৰ বৰ্বৰতাকে যেন প্ৰমাণ কৰিলে৷ গুৱাহাটীৰ পল্টন বজাৰৰ বিশাল মেগামাৰ্টৰ সন্মুখত বৃহস্পতিবাৰে আবেলি ভাগত বিকি প্ৰসাদ গুপ্তা নামৰ এজন বাইক চালকৰ সৈতে যান-বাহন আৰক্ষীৰ তৰ্কাতৰ্কি হোৱাৰ পৰিণতিতে ফখৰুদ্দিন আহমেদ নামৰ ট্ৰেফিক জোৱানজনৰ লগতে ৬-৭জনীয়া আৰক্ষীৰ এটা দলে বেয়াকৈ মাৰধৰ কৰে৷ বাইকৰ পিছৰ চিটত পত্নী আৰু শিশু পুত্ৰ থকাৰ পাছতো আৰক্ষীয়ে বিকি গুপ্তাৰ ওপৰত জঁপিয়াই পৰাত সামান্য পৰিমাণে শিশু সন্তানটোও আঘাতপ্ৰাপ্ত হয়৷ আইনৰক্ষক আৰক্ষীয়ে আইন তুলি লৈ বাইক চালকজনক মাৰপিট কৰাই নহয়, ক্ষমতাৰ বলত বাইক চালক বিকি গুপ্তাক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰে৷ সংবাদ মাধ্যমত আৰক্ষীয়ে কৰা মাৰপিটৰ দৃশ্য ৰাজহুৱা হোৱাৰ পাছত ৰাইজৰ মনত এতিয়া প্ৰশ্ন– নিশা হোৱা হ’লে বাইক চালকজনক আৰক্ষীয়ে যে এনকাউণ্টাৰ নকৰিলেহেঁতেন তাক কোনে নিশ্চয়তা প্ৰদান কৰিব৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন হয়– যদিহে চালকজনে যান-বাহন আইন ভংগ কৰিছিল তেনেহ’লে সংশ্লিষ্ট লোকজনক জৰিমনা বিহিব লাগিছিল বা আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰিব লাগিছিল৷ কিন্তু তাকে নকৰি আৰক্ষীয়ে মাৰধৰ কৰাৰ অধিকাৰ ক’ত পালে? তাতো ৰাজহুৱাভাৱে পুত্ৰ আৰু পত্নীৰ সন্মুখতে এজন ব্যক্তিক আৰক্ষীয়ে দলবদ্ধ আক্ৰমণৰ দৰে গুৰুতৰ অপৰাধ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই৷ লক্ষণীয় বিষয়টো হৈছে এই চাঞ্চল্যকৰ ঘটনা সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পাছত গুৱাহাটী আৰক্ষীৰ যান-বাহন শাখাৰ এডিচিপি দেৱাশীষ বৰাই বিকি প্ৰসাদ গুপ্তাক আক্ৰমণৰ ঘটনাত আওপকীয়াকৈ আৰক্ষীৰ ভুল থকা বুলি স্বীকাৰ কৰিছে৷ তদুপৰি পল্টন বজাৰ থানাৰ সংশ্লিষ্ট যান-বাহন আৰক্ষী জোৱান ফখৰুদ্দিন আহমেদক নিলম্বন আৰু ট্ৰেফিক ইনচাৰ্জ প্ৰণৱ কুমাৰ ডেকাক ৰিজাৰ্ভ ক্ল’জ কৰাৰ কথা ঘোষণা কৰিছে৷ কিন্তু কথা হ’ল, ঘটনাটোত যদিহে আৰক্ষীৰ দোষ আছে, তেনেহ’লে বাইক চালক বিকি গুপ্তা জে’লত থাকিব লগা হৈছে কিয়? তদুপৰি কেৱল ফখৰুদ্দিন আহমেদেই নহয়, ভাইৰেল ভিডিঅ’ত স্পষ্টকৈ দেখা গৈছে যে ৬-৭জন আৰক্ষীয়ে অসহায় বাইকচালকজনক প্ৰহাৰ কৰিছিল৷ কিন্তু বাকী আৰক্ষী জোৱানসকলৰ বিৰুদ্ধে এতিয়াও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ লক্ষণীয়ভাৱে আৰক্ষীয়ে যিহেতু নিজৰ দোষ মানি লৈছে, তেনেহ’লে অভিযুক্ত আৰক্ষী জোৱানকেইজনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কিয় কৰা নাই বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ ৰাইজৰ জীৱন সম্পত্তি ৰক্ষাৰ নামত নিয়োজিত অসম আৰক্ষীৰ গুণ্ডাগিৰি আৰু উদ্ভাণ্ডলি নতুন কথা নহয়৷ জন সাধাৰণক অত্যাচাৰ কৰি ধন ঘটাই আৰক্ষীৰ যেন মূল উদ্দেশ্যে সেই কথা বিভিন্ন সময়ত উন্মোচিত হৈ আহিছে৷ ঠিক সেই সময়তে গুৱাহাটী মহানগৰীৰ সদাব্যস্ত অঞ্চল পল্টন বজাৰৰ ৰাজপথত কণমানি সন্তান আৰু পত্নীৰ সন্মুখতে এদল গুণ্ডাৰূপী আৰক্ষীৰ দলে এজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ফুটেজ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে গুৱাহাটীৰ মালিগাঁৱৰ বিজি কলনীৰ বাসিন্দা বিকি প্ৰসাদ গুপ্তাই পত্নী আৰু তিনি বছৰীয়া কন্যা সন্তানক লগত লৈ মটৰ চাইকেলেৰে মহানগৰীৰ চিটি চেণ্টাৰলৈ বৃহস্পতিবাৰে ফুৰিবলৈ আহে৷ চিটি চেণ্টাৰৰ পৰা লাখটকীয়া অভিমুখে মটৰচাইকেলেৰে পৰিয়ালসহ বিকি প্ৰসাদ গুপ্তাই গৈ থকা অৱস্থাত পল্টন বজাৰৰ ট্ৰেফিক পইণ্টত যান-বাহন আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়ে৷ আৰক্ষীৰ নিৰ্দেশ পলমকৈ দেখাত বিকি প্ৰসাদ গুপ্তাই সামান্য আগত গৈ মটৰ চাইকেলখন ৰখায়৷ মটৰ চাইকেলখন কিছু আগত ৰখোৱাৰ বাবেই পল্টন বজাৰ থানাৰ যান-বাহন শাখাৰ কনিষ্ঠবল ফকৰুদ্দিন আহমেদে অশ্লীল ভাষাৰে গালি গালাজ পাৰি বিকি প্ৰসাদ গুপ্তাক ঘোচা-চৰ সোধাবলৈ আৰম্ভ কৰে৷ আৰক্ষীৰ চৰ ঘোচা সহ্য কৰিব নোৱাৰি বিকি প্ৰসাদ গুপ্তায়ো আৰক্ষী কনিষ্টবলজনক প্ৰহাৰৰ চেষ্টা কৰে৷ মটৰ চাইকেলত বহি থকা অৱস্থাত বিকি প্ৰসাদ গুপ্তাক প্ৰহাৰ কৰাত বাইকৰ পৰা কণমানি সন্তান আৰু পত্নী তলত পৰি গুৰুতৰভাৱে আহত হয়৷ পিছত ছয়জনীয়া আৰক্ষীৰ দলে দলবদ্ধভাৱে বাইকৰ পৰা টানি নি বিকিক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে৷ ইয়াতে ক্ষান্ত নাথাকি আৰক্ষীৰ দলটোৱে বিকি গুপ্তাক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে৷ ঘটনা সন্দৰ্ভত জামিনবিহীন গোচৰ ৰুজু কৰি বিকি প্ৰসাদ গুপ্তাক কালি আদালতত হাজিৰ কৰায়৷ আদালতে ধৃত গুপ্তাক জেললৈ প্ৰেৰণ কৰে৷ ইপিনে, বিকি প্ৰসাদ গুপ্তাৰ পত্নী পুনম দাস গুপ্তাই সেইদিনাই অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰিবলৈ যোৱাত আৰক্ষীয়ে ভাবুকি প্ৰদান কৰে৷ পিছত পুনম দাস গুপ্তাই অধিবক্তাৰ জৰিয়তে অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ তদুপৰি পত্নী পুনম দাস গুপ্তাই আৰক্ষীৰ শীৰ্ষ বিষয়াক সাক্ষাথ কৰি অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ এই অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে মহানগৰ আৰক্ষীয়ে৷ বিকি গুপ্তাক প্ৰহাৰ কৰা ঘটনাত জড়িত থকা পল্টন বজাৰ থানাৰ যান-বাহন শাখাৰ কনিষ্টবল ফকৰুদ্দিন আহমেদক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে যান-বহান শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণব  কুমাৰ ডেকাক ৰিজাৰ্ভ ক্লজ কৰা বুলি মহানগৰ আৰক্ষীয়ে নিৰ্দেশনা জাৰি কৰিছে৷ ইপিনে, পিতৃ বিকি গুপ্তাক প্ৰহাৰ কৰা ঘটনাত আঘাতপ্ৰাপ্ত হোৱা তিনি বছৰীয়া শিশুগৰাকী মাজে মাজে চিৎকাৰ মৰাৰ লগতে জ্বৰত আক্ৰান্ত হৈ আছে বুলি মাতৃ পুনম দাস গুপ্তাই জানিবলৈ দিয়ে৷ মন কৰিবলগীয়া বিষয় যে নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হ’লে আৰক্ষীয়ে বিকিপ্ৰসাদ গুপ্তাক এনকাউণ্টাৰ হ’লেহেতেন বুলি ৰাইজৰ মাজত সৰব চৰ্চা চলিছে৷ শিশুসন্তান পত্নীৰ সন্মুখতে পথ চাকিক নৃশংসভাৱে প্ৰহাৰ কৰা আৰক্ষীয়ে অনুভূতিশূন্য হৈ পৰিছে নেকি বুলি ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে৷