Logo
image

সোমবাৰৰ পৰা খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

আমাৰ অসম, ৩১ অক্টোবৰঃ সোমবাৰৰ পৰা খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান। পূৰ্বতে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা নিৰ্দেশনাৱলী মানি খোলা হ’ব ৰাজ্যৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয়। জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ৩০ নৱেম্বৰলৈকে সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কেন্দ্ৰীয় চৰকাৰৰ এখন জাননীয়ে সৃষ্টি কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।