Logo
image

মুছাৰফৰ সৈতে সঞ্জয় দত্ত! এখন আলোকচিত্ৰক লৈ তোলপাৰ ছ’চিয়েল মিডিয়া

আমাৰ অসম, ২১ মাৰ্চঃ অভিনেতা সঞ্জয় দত্তৰ এখন আলোক চিত্ৰক লৈ শেহতীয়াভাৱে ছ’চিয়েল মিডিয়া তোলপাৰ লাগিছে৷ ছবিখনত সঞ্জয় দত্তৰ সৈতে দেখা গৈছে পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফক৷ মুছাৰফ বহি আছে এখন হুইল চেয়াৰত৷ সন্মুখত সঞ্জয় দত্ত৷ অভিনেতাজনে কিবা এটা বুজাবলৈ চেষ্টা কৰিছে মুছাৰফক৷  আনহাতে মুছাৰফেও অতি মনোযোগেৰে সঞ্জয় দত্তই কোৱা কথা শুনি আছে৷ পিছে পাৰভেজ মুছাৰফৰ সৈতে সঞ্জয় দত্তৰ এই সাক্ষাতক নেটিযেনসকলে ভালভাৱে লোৱা নাই৷ আলোকচিত্ৰখন ভাইৰেল হোৱাৰ পাছতে বিভিন্নজনে সঞ্জয় দত্তক কঠোৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে৷ বিভিন্নজনে মন্তব্য কৰিছে– কাৰ্গিল যুদ্ধৰ বাবে দায়ী মুছাৰফক সঞ্জয় দত্তই সাক্ষাৎ কৰাটো ভাল কাম হোৱা নাই৷ আন এজনৰ মন্তব্য– আপুনি এনে কাম নকৰিব, যিবোৰ কামে বিতৰ্কৰ সৃষ্টি কৰে৷ অৱশ্যে এই আলোকচিত্ৰখন কেতিয়াৰ সেয়া জানিব পৰা হোৱা নাই৷