Logo
image

সাৱধান! মাৰপিট কৰাৰ প্ৰশিক্ষণ লৈছে অভিনেত্ৰী ছামান্থাই

কোৱা হয়, ‘নাৰী নাং চৰিত্ৰ দেবাঃ ন জানন্তি, কুতো মনস্য৷’ অৰ্থাৎ নাৰী চৰিত্ৰ দেৱতাৰে দুৰ্লভ, মনুষ্য কোনকুটা৷ আশ্বৰ্যকৰ কথা যে নাগা চৈতন্যৰ সৈতে বিচ্ছেদৰ পাছত ‘পুষ্পা’ত আইটেম নৃত্যৰে ছ’চিয়েল মিডিয়াত জোৱাৰ অনাৰ পৰৱৰ্তী সময়ত দক্ষিণৰ শক্তিশালী নায়িকা ছামান্থা ৰুথ প্ৰভু এইবাৰ কাজেই বজ্ৰাদপি কঠোৰাণি হ’বলৈ ওলাইছে৷ ফুলতকৈ কোমল সুন্দৰী অভিনেত্ৰীগৰাকীয়ে এইবাৰ মাৰপিট কৰাৰ প্ৰশিক্ষণ লৈছে৷ গতিকে দক্ষিণ ভাৰতৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰীগৰাকীৰ পৰা সাৱধান! অ’ ৰ’ব ভয় নাখাব, ছামান্থাই মাৰপিটৰ প্ৰশিক্ষণ লৈছে ৰীল লাইফৰ বাবেহে৷ আন্তৰ্জাতিক স্পাই থ্ৰিলাৰ ঘৰাণাৰ ৱেব ছিৰিজ ছিটাডেলত অভিনয় কৰিছে ছামান্থাই৷ লগত আছে বলীউডৰ অভিনেতা বৰুণ ধাৱন৷ ৱেব ছিৰিজখনৰ ভাৰতীয় সংস্কৰণটো পৰিচালনা কৰিছে নিদিমেৰু আৰু কৃষ্ণা ডিকেয়ে৷ ৱেব ছিৰিজটোৰ বাবে মাৰপিটৰ প্ৰশিক্ষণ লৈ সাজু হৈ উঠিছে ছামান্থা-বৰুণ৷ ইতিমধ্যে ছিটাডেলৰ ষ্টাণ্টকৰাৰ বাবে আন্তৰ্জাতিক ষ্টাণ্ট টীম অনা হৈছে৷ এই ষ্টাণ্ট টীমেই মাৰপিটৰ প্ৰশিক্ষণ দিছে ছামান্থা-বৰুণক৷ দুয়ো একচন দৃশ্যৰ বাবে বিভিন্ন কৌশল আয়ত্ত কৰিছে৷ ৱেব ছিৰিজ ছিটাডেলৰ পূৰ্বে ফেমিলী মেন-২ত নিদিমোৰু আৰু কৃষ্ণা ডিকেৰ সৈতে কাম কৰিছিল ছামান্থাই৷ ছামান্থাৰ কৰ্মব্যস্ততা বাঢ়িছে৷ সেই অনুপাতে পাৰিশ্ৰমিকো বাঢ়িছে৷ পুষ্পাত ‘আন্তাভা ও আন্তাভা...’ শীৰ্ষক আইটেম গানৰ নৃত্য কৰি দৰ্শকৰ দৃষ্টি কাঢ়িছে ছামান্থাই৷ পুষ্পাৰ আইটেম গীতটোত তিনি মিনিট নৃত্য কৰিয়ে ৫ কোটি পাৰিশ্ৰমিক আদায় কৰিছে বিচ্ছেদিত নায়িকাই৷ তদুপৰি এৰে?মেণ্ট অৱ লাভ, শকুন্তলম, কাতুবাকুল ৰেণ্ডু কাদলি আদি ছবিত দেখা যাব দক্ষিণৰ দক্ষ অভিনেত্ৰাগৰাকীক৷