Logo
image

মোদীয়েও শিৰনত কৰিলে ১২৫ বছৰীয়া এই তৰুণৰ সন্মুখত

আমাৰ অসম, গুৱাহাটী, ২৩ মাৰ্চঃ ৰাষ্ট্ৰপতি ভৱনৰ ৰাজকীয় দৰবাৰ হলত খালী ভৰিৰে খোজ কাঢ়ি  অহা ১২৫ বছৰীয়া স্বামী শিৱানন্দই সোমবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰাৰ সময়ত উপস্থিত সকলোৱে থিয় হৈ হাত চাপৰি বজাই অভিবাদন জনালে৷ বঁটা গ্ৰহণ কৰাৰ পূৰ্বে যোগ অনুশীলনকাৰী শিৱানন্দই প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু তাৰ পাছত ৰাষ্ট্ৰপতিক আঠু কাঢ়ি প্ৰণাম কৰে৷ লগে লগে প্ৰধানমন্ত্ৰীয়ে মাটি স্পৰ্শ কৰি তেওঁক সন্মান জনায়৷ বগা কুৰ্তা আৰু ধুতি পৰিহিত যোগ গুৰুজনে বঁটা ল’বলৈ যাওঁতে ৰাষ্ট্ৰপতিকো আঠু কাঢ়ি প্ৰণাম কৰে৷ ৰাষ্ট্ৰপতিয়ে তেখেতক শ্ৰদ্ধা জনাই তেওঁক আঠু কঢ়াৰ পৰা তুলি ধৰে৷ তাৰ পাছতে স্বামীৰ হাতত পুৰস্কাৰ আৰু প্ৰশংসা পত্ৰ তুলি দিয়ে ৰাষ্ট্ৰপতিয়ে৷ মানৱ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি স্বামী শিৱাানন্দই যোৱা ৫০ বছৰ ধৰি কুষ্ঠ ৰোগী লোকসকলক সেৱা আগবঢ়াই আহিছে৷ যোগ, তেলবিহীন উতলা আহাৰ আৰু মানৱজাতিৰ প্ৰতি নিস্বাৰ্থ সেৱাই তেওঁক শৃংখলাবদ্ধ আৰু সু-নিয়ন্ত্ৰিত জীৱনৰ অধিকাৰী কৰি ৰখাৰ লগতে তেওঁক ৰোগমুক্ত আৰু চাপমুক্ত দীৰ্ঘজীৱন প্ৰদান কৰিছে৷ স্বামীয়ে নিজৰ জীৱনক প্ৰচাৰ কৰাৰ পৰিৱৰ্তে এক দৃষ্টান্তমূলক পাঠ হিচাপেহে মানৱজাতিৰ সন্মুখত প্ৰদৰ্শন কৰিছে৷ ১৮৯৬ চনৰ ৮ আগষ্টত অবিভক্ত ভাৰতৰ চিলেট জিলাত [বৰ্তমান বাংলাদেশত] জন্ম গ্ৰহণ কৰা স্বামী শিৱাানন্দই ছয় বছৰ বয়সতে মাক আৰু দেউতাকক হেৰুৱাইছিল৷ দৰিদ্ৰতাৰ বাবে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ শৈশৱৰ দিনবোৰত  নিখনি পানীহে খুৱাব পাৰিছিল৷ স্বামীৰ পিতৃ-মাতৃৰ অন্তোষ্টিক্ৰিয়াৰ পাছত তেওঁক পশ্চিম বংগৰ নৱদ্বীপত থকা তেওঁৰ গুৰুজীৰ আশ্ৰমলৈ লৈ অনা হৈছিল৷ গুৰু ওমকাৰনন্দ গোস্বামীয়ে তেওঁক ডাঙৰ-দীঘল কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষা অবিহনে যোগকে ধৰি সকলো ব্যৱহাৰিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰিছিল৷ ইফালে, পদ্ম বঁটা বিজয়ীসকলৰ ওপৰত ৰাষ্ট্ৰপতি ভৱনৰ দস্তাবেজ অনুসৰি তেওঁ আজিলৈকে দেশৰ বিভিন্ন প্ৰান্ত যেনে উত্তৰ-পূব ভাৰত, বাৰানসী, পুৰী, হৰিদ্বাৰ, নবদ্বীপ আদিত দুখীয়া লোকসকলক সেৱা আগবঢ়াই আহিছে৷ যোৱা ৫০ বছৰ ধৰি, স্বামী শিৱানন্দই পুৰীত ৪০০-৬০০ কুষ্ঠ ৰোগ প্ৰভাৱিত দৰিদ্ৰ লোকসকলক তেওঁলোকৰ জুপুৰিত লগ কৰি অতি স-সন্মানেৰে সেৱা আগবঢ়াই আহিছে৷ এই লোক সকলে স্বামী শিৱানন্দক জীৱিত ঈশ্বৰৰ দৰে জ্ঞান কৰে৷ তেওঁ  এই লোকসকলক খাদ্য সামগ্ৰী, ফল, কাপোৰ, শীতৰ পোছাক, কম্বল, আঁঠুৱা, বাচন-বৰ্তন আদিৰ দৰে বিভিন্ন সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰে৷ তেওঁ আন লোকসকলকো এনে সামগ্ৰী দিয়াৰ বাবে উৎসাহিত কৰি আহিছে৷ শিৱাানন্দৰ স্বাস্থ্যৱান আৰু দীঘলীয়া জীৱনেও সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ ১২৫ বছৰ বয়সত ক’ভিডৰ টিকা লৈ স্বামী শিৱানন্দই দেশবাসীক ক’ভিড টিকাকৰণৰ বাবে অনুপ্ৰাণিত কৰিছিল৷ উল্লেখ্য, স্বামী শিৱাানন্দই ২০১৯ চনত বেংগালুৰুত যোগ ৰত্ন বঁটাকে ধৰি বিভিন্ন বঁটা লাভ কৰিছে৷ তদুপৰি ২০১৯ চনৰ ২১ জুনত বিশ্ব যোগ দিৱসৰ দিনা যোগ প্ৰদৰ্শন কৰিতেওঁ দেশৰ জ্যেষ্ঠতম অংশগ্ৰহণকাৰী হিচাপে বিবেচিত হৈছিল৷ ২০১৯ চনৰ ৩০ নৱেম্বৰত সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ৰেছপেক্ট এজ ইণ্টাৰনেশ্বনেলৰ দ্বাৰা বসুন্ধৰা ৰতন বঁটাৰে পুৰস্কৃত কৰা হৈছিল৷