Logo
image

যোগীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী

আমাৰ অসম, ২৫ মাৰ্চঃ উত্তৰ প্ৰদেশৰ নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল’বলৈ শুকুৰবাৰে বিশেষ বিমানেৰে লক্ষ্ণৌলৈ উৰা মাৰিব অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ বহুচৰ্চিত নেতা যোগী আদিত্যনাথে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব৷ বিয়লি ৪ বজাত ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ক্ৰিকেট ষ্টেডিয়ামত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত দেশৰ আন আন বিজেপিশাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব৷ শপতগ্ৰহণ অনুষ্ঠানৰ মধ্যমণি হ’ব অৱশ্যেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীৰ উপৰি শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নড্ডাকে ধৰি দেশৰ আগশাৰীৰ বিজেপিৰ নেতা আৰু কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ মন্ত্ৰী উপস্থিত থাকিব৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰ্টাৰ্ড বিমান লৈ পুৱা ১০.৪৫ বজাত গুৱাহাটীৰ পৰা ৰাওনা হ’ব৷ শপতগ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ পূৰ্বে তেওঁ লক্ষ্ণৌৰ এম জি মাৰ্গত থকা ছাকেট ভি ভি আই পি গেষ্ট হাউছত ক্ষন্তেক সময় জিৰণি ল’ব৷ ডেৰঘণ্টাজুৰি হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানৰ পাছত শুকুৰবাৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ গুৱাহাটীলৈ উভতি আহিব৷ উত্তৰ প্ৰদেশত বিজেপিৰ বিজয় আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁৰ শাসন ক্ষমতা অক্ষুণ্ণ ৰখাৰ বিষয়টো ব্যাপকভাৱে প্ৰচাৰৰ দিহা কৰিছে বিজেপিয়ে৷ শেহতীয়া পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত একমাত্ৰ পঞ্জাৱত সফলতা অৰ্জন কৰিব নোৱাৰা বিজেপিয়ে উত্তৰ প্ৰদেশৰ উপৰি উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰত ক্ষমতা অটুট ৰাখিবলৈ সক্ষম হৈছিল৷ উত্তৰ প্ৰদেশত নিৰ্বাচনৰ পূৰ্বে উন্নাও আৰু হাথৰসৰ ধৰ্ষণৰ ঘটনা, লখিমপুৰ খেৰিত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই গাড়ীৰে খুন্দিয়াই প্ৰতিবাদকাৰী কৃষকক হত্যা কৰাৰ ঘটনাই প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সৃষ্টি কৰিছিল৷ কিন্তু নিৰ্বাচনত তাৰ সামান্যতম প্ৰভাৱো দেখা নগ’ল৷ বৰং বিগত কাৰ্যকালতকৈ অধিক সফলতাৰে ক্ষমতা অটুট ৰাখিলে যোগী আদিত্যনাথে৷ ২০২৪ চনত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ এই বিজয় বিজেপিৰ বাবে অতি প্ৰয়োজনীয় আছিল৷ সেই সাফল্য লাভ কৰাৰ পাছত এতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই উত্তৰ প্ৰদেশৰ সাফল্যক ব্যাপকভাৱে প্ৰচাৰৰ পৰিকল্পনা কৰিয়েই যোগী আদিত্যনাথ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান ধুমধামেৰে আয়োজন কৰিছে৷ বিজয় অৰ্জন কৰা বাকী তিনিখন ৰাজ্যত শপতগ্ৰহণ অনুষ্ঠান অনুষ্টুপীয়াকৈ সম্পন্ন হোৱাৰ পাছত সেই সেই ৰাজ্যৰ বিজেপি মুখ্যমন্ত্ৰীকো যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে৷ অৱশ্যে দেশৰ আগশাৰীৰ আৰু বিজেপিৰ গুৰুত্বপূৰ্ণ নেতা হিচাপে পৰিণত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি পুৰ্বৰে পৰা বাঞ্ছনীয় আছিল৷