Logo
image

বেকাৰত্বৰ কোপ চাকৰিৰ টোপ

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে কেন্দ্ৰত শাসন ক্ষমতালৈ আহিলে বছৰি এক কোটি নিবনুৱাক চাকৰি দিব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল৷ মোদী চৰকাৰৰ আঠ বছৰ পাৰ হ’ল, কিন্তু মোদী চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে৷ তথাপি ২০১৯ চনত পুনৰ তেওঁ ক্ষমতালৈ অহাত অসুবিধা নহ’ল৷ বিহাৰ আৰু উত্তৰ প্ৰদেশত ৰে’লত চাকৰি দিয়াত অনিয়ম কৰাৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলে প্ৰতিবাদ কৰাত পুলিচে লাঠীহে চালনা কৰে৷ অকল শাসক দলেই নহয়, বিৰোধী দলেও শাসন ক্ষমতালৈ আহিলে লাখ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিয়ে৷ ২০২০ চনৰ বিহাৰৰ নিৰ্বাচনত বিৰোধী নেতা তেজস্বী যাদৱে দহ লাখ নিবনুৱাক চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ কংগ্ৰেছ দলেও মুঠতে পাঁচ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ যোৱামাহত অনুষ্ঠিত পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত শাসক-বিৰোধী সকলো দলেই নিৰ্বাচনী প্ৰতিশ্ৰুতিত লাখ লাখ নিবনুৱাক চাকৰি দিয়াৰ কথা কৈছিল৷ আমাৰ দেশত কৰ্মসংস্থানৰ পৰিসংখ্যা গোটোৱাৰ সুব্যৱস্থা নথকা বাবে ৰাজনৈতিক নেতাসকলে বহুতো লোকক চাকৰি দিয়াৰ দাবী উত্থাপন কৰে৷ মোদী চৰকাৰ ২০১৯ চনত পুনৰ ক্ষমতাত বহাৰ পাছত কেন্দ্ৰীয় শ্ৰম বিভাগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, ভাৰতত নিবনুৱাৰ হাৰ মুঠ জনসংখ্যাৰ ৬.ৰ শতাংশ৷ যোৱা ৪৫ বছৰৰ ভিতৰত নিবনুৱাৰ এয়া উচ্ছ পৰিসংখ্যা৷

২০১৭ চনত পঞ্জাবত ক্ষমতালৈ অহা কংগ্ৰেছ দলৰ চৰকাৰেও ৫৫ লাখ পৰিয়ালৰ প্ৰত্যেককে এটাকৈ অৰ্থাৎ ৫৫ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ ‘ঘৰ ঘৰ মে নৌকৰি’ৰ সেই কংগ্ৰেছী প্ৰতিশ্ৰুতি পাঁচ বছৰত পালন কৰিব নোৱাৰিলে৷

২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপি দলে পাঁচ লাখকৈ চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল৷ পিছে সোণোৱাল চৰকাৰৰ কাৰ্যকালৰ অন্তত ২০২১ চনৰ ২৫ জানুৱাৰীত অসমৰ ৰাজ্যপালে দিয়া ভাষণত কোৱা হ’ল যে বিগত প্ৰায় পাঁচটা বছৰত স্থায়ী আৰু ঠিকাভিত্তিক চাকৰিত মাত্ৰ ৮০ হাজাৰ লোককহে সোণোৱাল চৰকাৰে চাকৰি দিবলৈ সক্ষম হৈছে৷ ২০২১ চনৰ নিৰ্বাচনৰ সময়ত বিজেপি দলে বছৰি এক লাখকৈ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ উত্থাপন কৰিলে৷ বিজেপি দলে ২০১৬ চনত নিবনুৱাক দিয়া প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱা সত্ত্বেও পুনৰ বিজেপি ৰাজ্যৰ ক্ষমতালৈ আহিল৷ এইবাৰৰ বাজেটত অসমৰ বিত্তমন্ত্ৰীয়ে বছৰি এক লাখকৈ চাকৰি দিয়াৰ কথা পুনৰ দোহাৰিলে৷ কি কি বিভাগত চাকৰি খালী আছে তাকো ক’লে৷ পিছে ইমান কম সময়ত ৰাজ্য চৰকাৰে এক লাখ নিবনুৱাক চাকৰি কেনেদৰে দিয়ে সেয়া চাবলগীয়া হ’ব৷ সোণোৱাল চৰকাৰৰ দিনত বৰ্তমানৰ মুখ্যমন্ত্ৰীজন বিত্ত বিভাগৰ দায়িত্বত আছিল, মুখ্যমন্ত্ৰীৰ পাছতেই দ্বিতীয়জন শক্তিশালী নেতাৰূপে৷ গতিকে সোণোৱাল চৰকাৰৰ চাকৰি দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থতাৰ দায়িত্ব তেওঁ মূৰ পাতি ল’ব লাগিব৷ অৱশ্যে,আমাৰ দেশত নেতাসকলে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে তাক ভংগ কৰিবলৈ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ ক’লাধন বিদেশৰ পৰা ওভোটাই আনি প্ৰত্যেক পৰিয়ালক ১৫ লাখকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতিক নিৰ্বাচনী ‘ঝুমলা’আখ্যা দি হাস্যৰসৰ সৃষ্টি কৰিছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে বজাৰত পকোৰা বিক্ৰী কৰা লাখ লাখ লোককো বিজেপি চৰকাৰে পৰোক্ষভাৱে সংস্থান দিছে৷ গতিকে এক লাখ নিবনুৱাক চাকৰি দিয়াৰ লক্ষ্য পূৰণৰ বাবে ৰাজ্য চৰকাৰে যদিহে নগৰৰ ফুটপাথত শাক-পাচলি বিক্ৰী কৰা লোকসকলক পৰোক্ষ কৰ্মসংস্থান দিয়া বুলি দাবী কৰে, তেনেহ’লে তাত আচৰিত হ’বলগীয়া একো নাই৷