Logo
image

ক্ষেত্ৰীত Indo-Israel Centre of Excellence for Vegetables Protected Cultivation-ৰ আধাৰশিলা স্থাপন

আমাৰ অসম, ০২ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূত ড° ৰণ মালকাই কামৰূপ (মেট্ৰ)ৰ ক্ষেত্ৰীত আনুষ্ঠানিকভাৱে Indo-Israel Centre of Excellence for Vegetables Protected Cultivation-ৰ আধাৰশিলা স্থাপন কৰে। সোমবাৰে Indo-Israel Agricultural Project-ৰ অধীনত ৮ হেক্টৰ ভূমিত ১০.৩৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই কেন্দ্ৰত হাই-টেক গ্ৰীণ হাউছ, স্বয়ংক্ৰিয় জলসিঞ্চন ব্যৱস্থা, কীট-পতংগ প্ৰতিৰোধী বিশেষ গৃহ, বিক্ৰী কেন্দ্ৰ, বতৰ কেন্দ্ৰ আদিৰ সুব্যৱস্থা থাকিব। তদুপৰি, গোটেই বছৰজুৰি খেতিয়কসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব এই কেন্দ্ৰত। অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, সুৰক্ষিত কৃষি পদ্ধতি (protected cultivation)ৰ দৰে আধুনিক প্ৰযুক্তিৰ প্ৰয়োগে ৰাজ্যৰ খেতিয়কসকলক যথেষ্ট উপকৃত কৰাৰ লগতে গুণগত উৎপাদন বৃদ্ধিত সহায় কৰিব। লগতে কৃষি, পৰ্যটন, ষ্টাৰ্টআপ্ ইত্যাদিৰ ক্ষেত্ৰত পাৰস্পৰিক উন্নয়নৰ বাবে অসম-ইজৰাইলৰ এনে সহযোগিতা ভৱিষ্যতেও কামনা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।