Logo
image

‘বাহুবলী’ৰ ৰেকৰ্ড ভংগ ‘আৰআৰআৰ’ৰ

আমাৰ অসম,২৭মাৰ্চঃ মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত একপ্ৰকাৰৰ ‘চুনামি’ৰ সৃষ্টি কৰিছে এছ এছ ৰাজামৌলী পৰিচালিত ছবি ‘আৰ আৰ আৰ’-এ৷ মুক্তিৰ প্ৰথম দিনাই বিশ্বজুৰি সংগ্ৰহ কৰা ধনে ‘বাহুবলী-২’ৰ ৰেকৰ্ড ভংগ কৰে আৰ আৰ আৰে৷ মুঠ ৩৩৬ কোটি টকা ব্যয়েৰে নিৰ্মিত এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই বিশ্বজুৰি ২৫৭ কোটি টকা সংগ্ৰহ কৰি অভিলেখ সৃষ্টি কৰাৰ লগতে বৰ্তমানলৈ যিকোনো ভাৰতীয় চিনেমাই মুক্তিৰ প্ৰথম দিনা সংগ্ৰহ কৰা ধনৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিছে৷ শুকুৰবাৰে মুক্তি পোৱা আৰ আৰ আৰ চিনেমাখনৰ মুখ্য চৰিত্ৰত দক্ষিণৰ জনপ্ৰিয় অভিনেতা ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰৰ লগতে লগতে বলীউডৰ অভিনেতা অজয় দেৱগন, আলিয়া ভাট আদিয়েও অভিনয় কৰিছে৷ উল্লেখ্য, মুক্তিৰ পূৰ্বেই এই ছবিখনৰ গীত, ট্ৰেইলৰেও ব্যাপক চৰ্চা লাভ কৰিছিল৷