Logo
image

কেজিএফ-২১ ‘টুফান’ শীৰ্ষক গীতেৰে বলীউডত প্ৰৱেশ প্ৰিয়ংকাৰ

অসমৰ বাবে সুখবৰ যে বলীউডৰ সংগীত জগতখনত খোজ পেলাইছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে৷ জুবিন, পাপন, শ্বাশ্বতীৰ খোজতে খোজ মিলাই এইবাৰ কণ্ঠৰ যাদুৰে মায়াপুৰীত প্ৰৱেশ কৰিছে অসম কন্যা প্ৰিয়ংকাই৷ বলীউডৰ বিগ বাজেটৰ ছবি কেজিএফ ছেপ্টাৰ-২ ৰ ‘টুফান’ শীৰ্ষক থিম ছঙটো পৰিৱেশন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰিয়ংকা ভৰালীয়ে৷ Hombole Flimsৰ বেনাৰত নিৰ্মিত প্ৰশান্ত নীল পৰিচালিত দক্ষিণৰ শক্তিশালী অভিনেতা যশৰ লগতে সঞ্জয় দত্ত, শ্ৰীনীধি ছেট্টী, ৰবীনা টেণ্ডন, প্ৰকাশ ৰাজ অভিনীত ছবিখনৰ লিৰিকেল ভিডিঅ’টো সোমবাৰে মুক্তি পায়৷ ৰবি বাছৰুৰৰ সংগীত আৰু শব্বীৰ আহমেদৰ গীতৰ কথাৰে প্ৰস্তুত কৰা টুফান শীৰ্ষক থিমছংটো হিন্দী, তামিল, তেলেগু, কানাড়া আৰু মালয়ালামকে ধৰি মুঠ পাঁচটা ভাষাত মুক্তি পাইছে৷ ১৪ এপ্ৰিলত মুক্তি পাব লগা ছবিখনৰ বহু প্ৰতীক্ষিত ট্ৰেইলাৰটো ২৭ মাৰ্চত মুকলি হ’ব৷ উল্লেখ্য, প্ৰিয়ংকাই টুফান শীৰ্ষক গীতৰ পলকচে য়ে আছু গিৰে কালি ঘটায়ে শীৰ্ষক লিৰিকত কণ্ঠ নিগৰাইছে৷