Logo
image

মায়ানগৰীত জিলিকিছে অসম কন্যা ইন্দ্ৰাণী

মায়ানগৰীত মডেল-অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰি সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠা এগৰাকী অসম কন্যা হ’ল ইন্দ্ৰাণী তালুকদাৰ৷ ২০২১ বৰ্ষত দাদা চাহেব ফাল্কে ফেশ্বন আইকণ লাইফষ্টাইল এৱাৰ্ড লাভ কৰি গ্লেমাৰ জগতখনত জিলিকি উঠিছিল অসম কন্যা  ইন্দ্ৰাণী৷ এগৰাকী অভিনেত্ৰী হিচাপেও বলীউডত খোপনি পুতিছে ইন্দ্ৰাণী তালুকদাৰে৷ লতিফ, ইজাজত, হ’ৰৰ লাভষ্ট’ৰীকে ধৰি বলীউডৰ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰি নিজৰ অভিনয়ৰ প্ৰতিভা জগতবাসীৰ আগত দাঙি ধৰিছে ইন্দ্ৰাণীয়ে৷ তদুপৰি কেইবাটাও আইটেম চঙত আইটেম নাম্বাৰ হিচাপে নৃত্য কৰি প্ৰশংসা বুটলিছে অসমৰ যুৱতীগৰাকীয়ে৷ শেহতীয়াকৈ ইন্দ্ৰাণীৰ এটা মিউজিক ভিডিঅ’ মুক্তিৰ পথত আছে৷ তৰুণ মল্লিক আৰু বিক্ৰম মাৰোৱাৰ গীতৰ মিউজিক ভিডিঅ’ত অভিনয় কৰিছে ইন্দ্ৰাণী তালুকদাৰে৷ এগৰাকী প্ৰতিষ্ঠিত মডেল অভিনেত্ৰী হিচাপে ইন্দ্ৰাণী সপোনপুৰীত খুবেই ব্যস্ত৷  গুৱাহাটীৰ পৰা গৈ নেশ্বনেল কলেজ মুম্বাই ইউনিভাৰচিটিৰ পৰা আইনত মাষ্টাৰ ডিগ্ৰী গ্ৰহণ কৰা, মডেলিং-অভিনয়ক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰি ইতিমধ্যে গ্লেমাৰ জগতত খ্যাতি অৰ্জন কৰা ইন্দ্ৰাণী তালুকদাৰ অসমৰ বাবে গৌৰৱ৷