Logo
image

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকীত সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আমাৰ অসম, ০৫ নৱেম্বৰঃ আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী। মহান আৰু মানৱদৰদী শিল্পী ড° ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায় আৰু স্মৃতি তৰ্পণ তথা সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজিৰ বিষয়ে অধ্যয়ন কৰি বিশাল ব্যক্তিত্বক অনুধাৱন কৰিবলৈ নতুন প্ৰজন্মক আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।