Logo
image

জিএমচিএইচত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আমাৰ অসম, ০৫ নৱেম্বৰঃ জিএমচিএইচত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া মোৰ পিতৃতুল্য আৰু পুত্ৰ হিচাপে খবৰ ল'বলৈ আহিছোঁ। সম্প্ৰতি তেখেত পূৰ্বতকৈ কিছু সুস্থ হৈ উঠিছে আৰু মোক সঁহাৰিও জনাইছে। জিএমচিএইচৰ জ্যেষ্ঠ চিকিৎসকসকলে অহৰ্নিশে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সুচিকিৎসাৰ লগতে স্বাস্থ্যৰ বিশেষ যতন লৈছে। তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ।