Logo
image

জিলা দিৱস আৰু কৰণীয়

অসম চৰকাৰে ২০২২ চনৰ ২৭ জানুৱাৰীত এক সিদ্ধান্তমৰ্মে অসমৰ সকলো জিলাকে নিজৰ জিলাত জিলা দিৱস উদ্‌যাপনৰ বাবে পৰামৰ্শ দিছে৷ অসম চৰকাৰৰ এই নিৰ্দেশ স্বাভাৱিকতেই অভিনৱ আৰু উদ্দেশ্যধৰ্মী৷ জিলাসমূহক জিলা দিৱস উদ্‌যাপনৰ দিন নিৰ্ধাৰণৰ বাবে দুটা নীতি দিছে৷ প্ৰথম হ’ল, জিলাখন যিদিনা গঠন হৈছে সেই দিনটোতেই প্ৰতিবছৰে জিলা দিৱস পালন কৰিব৷ দ্বিতীয়তে, যদি জিলা গঠনৰ নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰাত অসুবিধা হয়, তেন্তে সেই জিলাৰ প্ৰথম উপায়ুক্তজনে উপায়ুক্ত হিচাপে যোগদানৰ দিনটোকেই সেইখন জিলাৰ জিলা দিৱস হিচাপে বিবেচনা কৰিবলৈ পৰামৰ্শ দিছে৷ সম্প্ৰতি অসমত ৩৫খন জিলা আছে৷ উল্লিখিত নীতিৰ আধাৰত ইতিমধ্যে প্ৰতিখন জিলাই বৰ্ণাঢ্য কাৰ্যসূচীৰে জিলা দিৱস উদ্‌যাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে৷ জিলা দিৱস উদ্‌যাপনৰ ধাৰণাটো সঁচাকৈয়ে সমৰ্থনযোগ্য৷ চৰকাৰীভাৱে জিলা দিৱস উদ্‌যাপনৰ মূল লক্ষ্য হিচাপে জিলাখনৰ মানুহৰ মাজত এক নতুন উদ্যম প্ৰতিষ্ঠা, প্ৰশাসন আৰু জনসাধাৰণৰ মাজত সু-সম্পৰ্ক স্থাপন, নিজৰ জিলাখনৰ বৰেণ্য ব্যক্তি আৰু প্ৰতিভাধৰসকলক স্বীকৃতি প্ৰদান আৰু জিলাখনৰ উন্নয়নৰ হকে আৰম্ভণিৰে পৰা সেৱা আগবঢ়োৱাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ আদি লোৱা হৈছে৷ আমাৰ বোধেৰে জিলা দিৱস উদ্‌যাপনে আৰু কিছুমান নতুন লক্ষ্য আৰু উদ্দেশ্য পূৰণত জিলা প্ৰশাসনক সহায় কৰিব পাৰে৷ প্ৰথম কথা, প্ৰত্যেক জিলাৰ কিছুমান বিশেষ ঐতিহ্য থাকে৷ সেইসমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু সমান্তৰালভাৱে নথিকৰণৰ বাবে পৰ্যায়ক্ৰমে দীৰ্ঘম্যাদী আঁচনি ল’ব পাৰে৷ জিলাখনৰ ভৌগোলিক অধ্যয়ন আৰু সমান্তৰালভাৱে জিলাৰ জীৱ-বৈচিত্ৰ্যৰ অধ্যয়ন আৰু ইয়াৰ সংৰক্ষণৰ হকে জনমত গঠনৰ আঁচনি জিলা দিৱসৰ লক্ষ্যত অন্তৰ্ভুক্ত হোৱা উচিত৷ এই জিলা দিৱসত জিলাখনৰ উন্নয়নৰ বাবে গণমত লোৱাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি জিলাৰ বিভিন্ন পৰ্যায়ৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণৰ ব্যৱস্থা কৰিব পাৰে৷ জিলাৰ কৃষকৰ সমস্যা, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সমস্যা, শিক্ষা, স্বাস্থ্য, যাতায়াত, উদ্যোগ, নাৰী সবলীকৰণ, পৰিৱেশ সংৰক্ষণ, জিলাবাসীৰ জীৱন-জীৱিকাৰ মান উন্নতকৰণৰ ক্ষেত্ৰত সামগ্ৰিক আঁচনি ৰূপায়ণ কৰিবলৈ জিলাসমূহে প্ৰয়াস কৰিব পাৰে৷ আমি সকলোৱে জানো যে জিলা এখনৰ বাসিন্দাসকলৰ বাবে জিলাৰ উপায়ুক্তৰ কাৰ্যালয়টোৱেই প্ৰথম আশা-ভৰষাৰ থল৷ জিলাৰ গঞাবাসী বা চহৰ অঞ্চলৰ ৰাইজৰ যিকোনো সমস্যা সমাধানৰ প্ৰথম পছন্দৰ স্থান হ’ল উপায়ুক্তৰ কাৰ্যালয়৷ জনসাধাৰণে নিজৰ নোপোৱাখিনি পোৱাৰ আশা কৰি  উপায়ুক্তৰ কাৰ্যালয়লৈ আহে৷ জিলা প্ৰশাসনে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰাৰ ওপৰতেই জিলা প্ৰশাসনৰ সফলতা নিৰ্ভৰ কৰে৷ সকলো কাম জিলা প্ৰশাসনে কৰিব নোৱাৰিব পাৰে, কিন্তু সমাধানৰ পৰামৰ্শদাতাৰ ভূমিকা ল’ব পাৰে৷ জনসাধাৰণে যাতে জিলা প্ৰশাসনৰ পৰা এক ইতিবাচক সঁহাৰি লৈ যাব পাৰে, তাৰ  নি(য়তাৰ কাঠামো আৰু পৰিৱেশ এই জিলা দিৱসৰ নিচিনা অনুষ্ঠানে নিৰ্মাণ কৰিব পাৰে৷ জিলা দিৱসৰ কাৰ্যসূচীত জিলাসমূহে জিলাৰ স্বায়ত্তশাসন ব্যৱস্থা উন্নত কৰা, গাঁওসভাক আধুনিক আৰু প্ৰগতিশীল চিন্তা-চেতনাৰে সমৃদ্ধ কৰা, জিলাত অপৰাধ প্ৰৱণতা ৰোধৰ লগতে বিকল্প ব্যৱস্থাৰে বিবাদ নিৰাকৰণ, বিজ্ঞানসন্মত জনসেৱা ব্যৱস্থা, বৌদ্ধিক সম্পদৰ সংৰক্ষণ আৰু সংবৰ্ধন, ভৱিষ্যতৰ বাবে চৰকাৰী ভূমিৰ সংৰক্ষণ, জিলাত স্বচ্ছতা আঁচনিৰ সফল ৰূপায়ণ, জনসাধাৰণৰ মাজত সামাজিক ন্যায় প্ৰতিষ্ঠা, জিলাৰ জ্যেষ্ঠ নাগৰিকৰ বাবে কল্যাণ আঁচনি, গ্ৰাম্যশিল্পৰ বিকাশ, শিক্ষাৰ্থীৰ বাবে জীৱন-জীৱিকাৰ সন্ধান দিয়াৰ লগতে কেৰিয়াৰ কাউঞ্চেলিঙৰ ব্যৱস্থা গ্ৰহণ, নতুন প্ৰজন্মৰ মাজত উদ্ভাৱনী শক্তিৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ, গাঁও বা নগৰ সুৰক্ষা বাহিনীৰ আধুনিকীকৰণ, অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি আদিও সন্নিৱিষ্ট থকা উচিত, যাতে জিলা দিৱসৰ বাৰ্ষিক অনুষ্ঠানত এনে চিন্তাৰ সাকাৰ ৰূপ দিব পৰা যায়৷ জিলাৰ উপায়ুক্তজন জিলাখনৰ মুৰব্বী বিষয়া৷ জিলাৰ উপায়ুক্তজনে সাধাৰণতে জিলাৰ ৰাজহ সংগ্ৰহ, আইন-শৃংখলা নিয়ন্ত্ৰণ, ভূমি-তথ্য ৰূপায়ণ, প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা, জিলাৰ সংসদীয় ৰাজনীতিৰ নিৰ্বাচন পৰিচালনা, স্থানীয় স্বায়ত্ত শাসনৰ নিৰ্বাচন পৰিচালনা, লোকপিয়ল, পুনৰ সংস্থাপন, কোষাগাৰ নিয়ন্ত্ৰণ, অসামৰিক যোগান ব্যৱস্থা আদিৰ তদাৰক আৰু নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ গতিকে উপায়ুক্তৰ দক্ষতা, কৰ্মপটুতা আৰু ইচ্ছাশক্তিৰ ওপৰত জিলা এখনৰ প্ৰগতি বহু পৰিমাণে নিৰ্ভৰশীল৷ জিলা দিৱসৰ নিচিনা কাৰ্যসূচীয়ে উপায়ুক্তক নিজকে এনে কামৰ বাবে সক্ৰিয় কৰি ৰাখিবলৈ নি(য় প্ৰেৰণা যোগাব৷ জিলাৰ উপায়ুক্তজনে সাধাৰণতে জিলাৰ জনসাধাৰণৰ আৰু চৰকাৰৰ মাজৰ সেতু হিচাপে কাম কৰে৷ কাৰণ বহুক্ষেত্ৰত জনসাধাৰণে নিৰ্বাচিত প্ৰতিনিধিক সহজতে লগ নাপায় বা চৰকাৰৰ উচ্ছপদস্থ বিষয়াক লগ নাপায়৷ তেনেক্ষেত্ৰত ৰাইজে উপায়ুক্তৰ জৰিয়তেই স্মাৰক-পত্ৰ আদিৰ যোগেদি নিজৰ প্ৰাপ্য বা দাবী পূৰণৰ বাঞ্ছা কৰে৷ এইক্ষেত্ৰত উপায়ুক্তই দাবীসমূহ কেৱল ঊধবৰ্তন কতৃৰ্পক্ষলৈ প্ৰেৰণতেই নিজৰ দায়িত্ব সীমিত নাৰাখি তাৰ কাৰ্যকৰীকৰণৰ বাবে চৰকাৰৰ লগত যোগাযোগ কৰা উচিত৷ জিলা দিৱসে এনেক্ষেত্ৰত কৌশল নিৰ্ধাৰণৰ খোৰাক যোগাব পাৰে৷