Logo
image

এপ্ৰিলৰ পৰা ৰাজ্যত বাঢ়িব ৫% টোলটেক্স

দেৰগাঁৱত নতুন টোলগেট ৮০ শতাংশ নিৰ্মাণ সম্পূৰ্ণ দেৰগাঁৱত নতুন টোলগেট

পে’ট্ৰল, ডিজেল, ৰন্ধন গেছ, শাক-পাচলি, ঔষধ, অত্যাৱশ্যকীয় সামগ্ৰী আদি সকলোৰে মূল্য আকাশলংঘী হোৱাৰ সময়তে অসমবাসীৰ ওপৰত আৰু এটা মাধমাৰ দিবলৈ ওলাইছে চৰকাৰে৷ অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ পূৰ্বেই পহিলা এপ্ৰিলৰ পৰা ৰাজ্যবাসীয়ে ভৰিব লাগিব আগতকৈ ৫ শতাংশ অধিক টোলটেক্স৷ ১ এপ্ৰিলৰ পৰা ৰাজ্যত বৰ্তমান সক্ৰিয় হৈ থকা ৬খন টোলগেটেৰে পাৰ হ’বলৈ হ’লে ৰাইজে ভৰিব লাগিব পূৰ্বে প্ৰদান কৰা কৰতকৈ অধিক কৰ৷ উল্লেখ্য, ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোলটেক্সৰ বাবে ধাৰ্য কৰা নতুন নিৰিখ অনুসৰি ১ এপ্ৰিলৰ পৰা নাজিৰাখাত টোলগেটেৰে কাৰ, জীপ তথা লাইট মটৰ ভেহিক’লেৰে টোলগেট পাৰ হ’বলৈ হ’লে দিব লাগিব ১৩০ টকা [পূৰ্বে আছিল ১১৫ টকা]৷ একেদিনাই টোলগেটেৰে ঘূৰি আহিলে দুয়োটা যাত্ৰা মিলাই দিব লাগিব ১৯০ টকা [পূৰ্বে ১৭৫ টকা]৷ এমাহত ৫০টা ভ্ৰমণৰ বাবে পাছ ল’বলৈ প্ৰদান কৰিব লাগিব ৪,২৬০ টকা [পূৰ্বে ৩,৮৬৫ টকা]৷ একেখন জিলাৰ ভিতৰৰ সৰু বাণিজ্যিক বাহনসমূহে ভৰিব লাগিব ৬৫ টকা [পূৰ্বে ৬০ টকা]৷ আনহাতে জিলাৰ বাহিৰৰ সৰু বাণিজ্যিক বাহনে এবাৰ পাৰ হ’বলৈ ২০৫ টকা [পূৰ্বে ১৮৫ টকা], একেদিনাই পুনৰ ঘূৰি আহিলে ৩১০ টকা [পূৰ্বে ২৮০ টকা], এমাহত ৫০টা যাতায়তৰ পাছৰ বাবে প্ৰদান কৰিব লাগিব ৬,৮৮০ টকা [পূৰ্বে ৬,২৪৫ টকা] আৰু একেখন জিলাৰে বাহন হ’লে ভৰিব লাগিব ১০৫ টকা [পূৰ্বে ৯৫ টকা]৷ এইবিলাক সৰু গাড়ীৰ উপৰি ডাঙৰ বাছ বা ট্ৰাকে [টু এক্সেল] এবাৰত দিব লাগিব ৪৩০ টকা [পূৰ্বে ৩৯৫ টকা], একেদিনাই পুনৰ ঘূৰি অহা ডাঙৰ বাহনে দিব লাগিব ৬৫০ টকা [পূৰ্বে ৫৯০ টকা], এমাহত ৫০টা যাতায়ত পাছৰ বাবে প্ৰদান কৰিব লাগিব ১৪,৪১৫ টকা [পূৰ্বে ১৩,০৮৫ টকা] আৰু একেখন জিলাৰে বাহন হ’লে ভৰিব লাগিব ২১৫ টকা [পূৰ্বে ১৯৫ টকা]৷ ইয়াৰোপৰি অলপ ডাঙৰ বাণিজ্যিক বাহনে [থ্ৰী এক্সেল] এবাৰত দিব লাগিব ৪৭০ টকা [পূৰ্বে ৪৩০ টকা], একেদিনাই পুনৰ ঘূৰি আহিলে ৭১০ টকা [পূৰ্বে ৬৪০ টকা], এমাহত ৫০টা যাতায়তৰ বাবে প্ৰদান কৰিব লাগিব ১৫,৭২৫ টকা [পূৰ্বে ১৪,২৭৫ টকা] আৰু একেখন জিলাৰে বাহন হ’লে ভৰিব লাগিব ২৩৫ টকা [পূৰ্বে ২১৫ টকা]৷ ইয়াতকৈও ডাঙৰ বাহনসমূহে ভৰিব লাগিব আৰু অধিক টকা৷ লক্ষ্যণীয় কথাটো এয়াই যে এয়া অকল নাজিৰাখাট টোলগেটত দিবলগীয়া কৰৰ পৰিমাণ৷ ইয়াৰোপৰি ৰাজ্যৰ ৰহা, মদনপুৰ, মান্দেৰদিছা, মিকিৰআটি, গলিয়া আদি টোলগেটসমূহতো ৰ এপ্ৰিলৰ পৰা ৰাইজে দিব লাগিব পূৰ্বতকৈ প্ত শতাংশ অধিক কৰ৷ নতুন টোলটেক্স অনুসৰি অকল সৰু গাড়ীয়ে [লাইট মটৰ ভেহিক’ল] মদনপুৰত ১২৫ টকা, ৰহাত ১১০ টকা, মান্দেৰদিছাত ১০০ টকা, মিকিৰআটিত ৯০ টকা আৰু গলিয়াত ৪৫ টকা দিব লাগিব৷ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা জনসাধাৰণৰ মূৰত ৰামটাঙোন শোধাই টোলটেক্স বৃদ্ধি কৰা কাৰ্যই যে পুনৰ আকৌ ৰাইজৰেই যে ক্ষতি কৰিব এই কথা সৰ্বজনবিদিত৷ কাৰণ অত্যধিক টোলটেক্সে গাড়ী ভাৰা বৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিতো অৰিহণা যোগাব৷ আৰু এয়া পৰিশোধ কৰিব লাগিব ৰাইজেই৷ ইয়াৰোপৰি বৰ্তমান ৰাজ্যৰ বিভিন্ন স্থানত বহুকেইখন টোলগেট নিৰ্মীয়মান অৱস্থাত আছে, ইয়াৰে দেৰগাঁৱৰ টোলগেটৰ প্ৰায় ৮০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছে৷ উল্লেখ্য, চৰকাৰে পথৰ ক্ষেত্ৰত দুটা দিশৰ পৰা জনগণৰ ওপৰত কৰ জাপি দিছে– পৰোক্ষ আৰু প্ৰত্যক্ষ কৰ৷ পৰোক্ষ কৰ হিচাপে পেট্ৰ’ল, ডিজেল ইত্যাদি বিভিন্ন উৎসৰ পৰা পথ উন্নয়ন আৰু নিৰ্মাণৰ বাবে চৰকাৰে কৰ সংগ্ৰহ কৰি আছে৷ আনহাতে, পথ উন্নয়নৰ বাবে টোলগেটৰ জৰিয়তে জনগণৰ পৰা প্ৰত্যক্ষ কৰ সংগ্ৰহ কৰি আছে৷ কোনো স্বাধীন দেশত নিজৰ চৰকাৰে এনেদৰে একেটা ক্ষেত্ৰতে দুটাকৈ কৰ সংগ্ৰহ কৰাটো চৰম অন্যায়৷ কিন্তু বিজেপি চৰকাৰে পৰাধীন দেশৰ নাগৰিকৰ পৰা কৰ সংগ্ৰহ কৰাৰ দৰে পথ নিৰ্মাণ-উন্নয়নৰ ক্ষেত্ৰত দুটাকৈ কৰৰ বোজা জনগণৰ ওপৰত জাপি দিছে৷ তদুপৰি টোলগেটৰ মূল ধাৰণাটো আছিল– পথ নিৰ্মাণত হোৱা ব্যয় কৰৰ জৰিয়তে সম্পূৰ্ণ আদায় হ’লে টোলগেটখন বন্ধ কৰি দিয়া হয় বা হ’ব৷ আনহাতে, পথ উন্নয়নৰ বাবে চৰকাৰে পৰোক্ষভাৱে বিভিন্ন সামগ্ৰীত প্ৰতিকৰ আৰোপ কৰি ৰাজহ সংগ্ৰহ কৰি থাকিব৷ কিন্তু মোদী চৰকাৰে টোলগেটৰ ক্ষেত্ৰত থকা সেই বুনিয়াদী ধাৰণাটো বন্ধ কৰি বছৰ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে কৰ সংগ্ৰহ কৰি আছে৷ কৰৰ এনে বোজা দখল কৰি লোৱা দেশৰ ক্ষেত্ৰতহে মানিব পাৰি, স্বাধীন দেশত নিজৰ চৰকাৰৰ পৰা মানি লোৱা টান আৰু এয়া চৰকাৰে জনগণৰ ওপৰত কৰা চৰম অন্যায়৷ আনহাতে, দেশৰ প্তখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পাছতে দেশৰ জনসাধাৰণক সমূহীয়া আঘাত দি মোদী চৰকাৰে পে’ট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি কৰে৷ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰায়বোৰ ৰাজ্যতে প্ৰতিষ্ঠানবিৰোধী ঢৌ থকাৰ বাবে মোদী চৰকাৰে বিগত ৩ মাহ ধৰি পে’ট্ৰল-ডিজেল আৰু গেছৰ মূল্যবৃদ্ধি কৰিবলৈ সাহ কৰিব পৰা নাছিল৷ কিন্তু নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতে ইয়াৰ মূল্যবৃদ্ধি কৰি দেশৰ মধ্যবিত্ত তথা নিম্ন মধ্যবিত্ত শ্ৰেণীক মাধমাৰ শোধায়৷ কিয়নো দেশত সাধাৰণতে সামগ্ৰী পৰিবহণ কৰা হয় ট্ৰাকত আৰু যাতায়াতৰ ক্ষেত্ৰত বৃদ্ধি পোৱা মূল্য ব্যৱসায়ীয়ে সামগ্ৰীৰ দাম বৃদ্ধি কৰি উলিওৱাৰ বাহিৰে বিকল্প নাই৷ সেয়ে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ আঘাত পোনে পোনে দেশৰ জনতাৰ ওপৰতে পৰিব৷ সেই সময়তে টোলটেক্সৰ প্ৰত্যক্ষ প্ৰভাৱো যে ৰাইজৰ ওপৰতে যে পৰিব, সেয়া বহলাই কোৱাটো নিষ্প্ৰয়োজনীয়৷ ইয়াৰোপৰি ৰ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতত বৃদ্ধি পাব ৫৯ পইচাকৈ৷ ৰাজহ সংগ্ৰহৰ বাবে এপিজিচিএলে এই সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ঘাটি পূৰাবলৈ ৫৪৬ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছে বিভাগটোৱে৷