Logo
image

১৩ বছৰ ডাঙৰ আই এ এছ বিষয়াৰ সৈতে বিয়াত বহিব টিনা ডাবি

দুবছৰ পূৰ্বে হৈছিল বিবাহ বিচ্ছেদ

আমাৰ অসম,৩০ মাৰ্চঃ ২০১৫ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি ব্যাপক চৰ্চালৈ অহা আই এ এছ বিষয়া টিনা ডাবিযে দ্বিতীয়বাৰলৈ বিয়াত বহিব৷ মাত্ৰ ২২ বছৰ বয়সতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰি চৰ্চালৈ অহা টিনাৰ পৰৱৰ্তী পৰ্যায়ৰ জীৱনো চৰ্চাৰ বিষয় হৈ পৰে৷ সেইবাৰ দ্বিতীয় স্থান লাভ কৰা আথাৰ  আমীৰ খানৰ সৈতে ২০১৬ চনত প্ৰেম, ২০১৮ চনত চৰ্চিত বিয়া আৰু ২০২০ চনত বিবাহ বিচ্ছেদ৷  অতি কম সময়ৰ ভিতৰতে টিনাৰ ব্যক্তিগত জীৱনলৈ এই উঠা-নমা আহে৷ টিনা হৈছে মধ্য প্ৰদেশৰ৷ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত প্ৰথম প্ৰচেষ্টাতে ইউপিএছচি পৰীক্ষাত দেশৰ ভিতৰত প্ৰথম হৈছিল৷ এতিয়া সেই টিনা ডাবিয়েই পুনৰ চৰ্চালৈ আহিছে৷ বিচ্ছেদৰ পাছত মানসিকভাৱে ভাগি পৰা টিনাই পুনৰ সংসাৰ কৰিবলৈ আগবাঢ়িছে৷ ২৮ বছৰীয়া টিনাই তেওঁতকৈ ১৩ বছৰৰ ডাঙৰ আই এ এছ বিষয়া প্ৰদীপ গাণ্ডাৱেৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত লোৱাৰ কথা ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰে৷ ‘তুমি দিয়া হাঁহিটো পিন্ধি ল’লো’বুলি লিখি টিনাই ইনষ্টাগ্ৰামত দুয়োৰে এখন ছবি আপলোড কৰে৷ অনুৰাগীসকলে টিনা ডাবিৰ এই সিদ্ধান্তক আদৰণি জনাইছে আৰু শুভেচ্ছাৰে ওপচাই পেলাইছে৷ প্ৰদীপ গাণ্ডাৱে হৈছে ৰাজস্থানৰ প্ৰত্নতত্ত্ব আৰু সংগ্ৰহালয় বিভাগৰ সঞ্চালক৷