Logo
image

ধৰ্ম আৰু ধান্দা

হিন্দীভাষী প্ৰদেশবোৰৰ মানুহে ব্যৱসায়-বাণিজ্যক‘ধান্দা’বুলি কয়৷ এবাৰ এটা বৃহৎ কৰ্প’ৰেটত কাম কৰা এজন শিক্ষিত যুৱকক লগ পাইছিলোঁ৷ তেওঁৰ দেউতাকো এজন ব্যৱসায়ী৷ মই জানিব বিচাৰিছিলোঁ যে অৰ্থনৈতিক দিশত সফলতা বুলিবলৈ একো নথকাৰ পাছতো বিজেপিৰ প্ৰতি আনৰ লগতে হিন্দীভাষী প্ৰদেশৰ ব্যৱসায়ীসকলৰো সমৰ্থন কিয় অব্যাহত আছে? সেই উচ্ছশিক্ষিত আধুনিক কৰ্প’ৰেটৰ এগ্‌জিকিউটিভজনে কৈছিল যে তেওঁলোকে ধৰ্মৰ স’তে ধান্দাক মিহলি নকৰে৷‘ধান্দা’অৰ্থাৎ ব্যৱসায়ত লাভ বা লোকচান হোৱা, উন্নতি বা অধোন্নতি হোৱাটো সদায় ঘটি থকা ঘটনা৷ যি দলৰেই চৰকাৰ নহওক এইবোৰ ঘটি থাকে৷ কিন্তু ধৰ্ম ৰক্ষা এটা সুকীয়া বিষয়৷ ইয়াক ‘ধান্দা’ৰ অৰ্থাৎ লাভ-লোকচানৰ হিচাপৰ স’তে সাঙুৰিব নোৱাৰি৷ বিজেপিয়ে হিন্দু ধৰ্মৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছে৷ হিন্দুৰ বিলুপ্ত হ’বলৈ ওলোৱা গৌৰৱ পুনৰুদ্ধাৰ কৰিছে৷ ভাৰতক হিন্দু ৰাষ্ট্ৰৰূপে গঢ়াৰ চেষ্টা কৰিছে৷ হিন্দুৰ স্থান সকলোৰে ওপৰত প্ৰতিষ্ঠা কৰিছে৷ আন কোনো দলে এইদৰে ধৰ্ম ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া নাই৷ গতিকে অৰ্থনৈতিক ক্ষেত্ৰত বিজেপিৰ সফলতা বা বিফলতা মূল বিষয় নহয়৷ হিন্দুৱে, অন্ততঃ হিন্দীভাষী প্ৰদেশৰ হিন্দুৱে ধৰ্ম আৰু ধান্দা মিহলি নকৰে৷ ধৰ্ম ৰক্ষাৰ বাবে ৰাষ্ট্ৰ ক্ষমতা বিজেপিৰ হাতত থকাটো জৰুৰী৷‘ধান্দা’ক লৈ অনবৰত ব্যস্ত হৈ থকা হিন্দীভাষী প্ৰদেশৰ ব্যৱসায়ীসকলে, ধান্দা বৰবাদ হ’ল বুলি হায়ৈ-বিয়ৈ কৰি থকাসকলেও শেষত গৈ ভোটটো বিজেপিকেই দিয়ে, কাৰণ তেওঁলোকে ধৰ্ম আৰু ধান্দা মিহলি নকৰে৷ বিজেপিৰ বহু ব্যৰ্থতা আছে, তেওঁলোকেও মানি লয়, কিন্তু মোদী ক্ষমতাত থকাটো জৰুৰী৷ ধৰ্মৰ বাবেই জৰুৰী৷ শাওণ মাহত শুক্ৰেশ্বৰ ঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী লৈ বশিষ্ঠাশ্ৰমলৈ গুৱাহাটীৰ ৰাজপথেৰে খোজকাঢ়ি গৈ থকা, আজিকালি গেৰুৱা কাপোৰ পিন্ধা ভক্তৰ দল দেখিবলৈ পোৱা যায়৷ গুৱাহাটীৰ মানুহে এওঁলোকক‘ভোলে বোম’নামকৰণ কৰিছে৷ হিন্দীভাষী প্ৰদেশত এওঁলোকক কাঁৱাৰিয়া বুলি কয়৷‘কানৱাৰ’মানে হ’ল কানমাৰি, কান্ধত লোৱা কানমাৰিৰ দুয়োমূৰে দুটা পানীৰ টেকেলি লৈ পদব্ৰজে  কাঁৱাৰিয়া সকলে দূৰদূৰণিৰ তীৰ্থস্থানলৈ খোজকাঢ়ি যায়৷ উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে ৰাজপথেৰে গৈ থকা এই কাঁৱাৰিয়াসকলৰ ওপৰত  আকাশৰ পৰা হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি কৰে৷ প্ৰশাসনৰ বৰ বৰ বিষয়াসকল এই ভক্তসকলৰ সা-সুবিধাৰ তদাৰক কৰাৰ বাবে ব্যস্ত হৈ পৰে৷  হিন্দুধৰ্মী লোকৰ প্ৰতি এই সন্মান বিজেপি চৰকাৰৰ আগতে আন কোনেও প্ৰদৰ্শন কৰা নাছিল৷ দিল্লী চহৰৰ ৰাজপথত এই কাঁৱাৰিয়াসকলৰ যাতে অসুবিধা নহয় তাৰবাবে প্ৰশাসন-পুলিচে বিশেষ তৎপৰতা দেখুৱায়৷ বিলাসী গাড়ীত ৰাজপথেৰে তীব্ৰগতিত গৈ থকা দিল্লীৰ অভিজাতসকলে এই কাঁৱাৰিয়াসকলক সভ্ৰম দেখুৱাই গতি কমায় বা ৰৈ দিয়ে৷ কাঁৱাৰিয়াসকলে বহু সময়ত এই অভিজাতসকলক ধমক লগায়৷ কাঁৱাৰিয়াসকলে জানে যে তেওঁলোকে লাভ কৰা এই সম বিজেপি ক্ষমতাত থকাৰ বাবে সম্ভৱ হৈছে৷ দিল্লীৰ ৰাজপথত বিলাসী গাড়ীত উঠি অহা অভিজাতসকলৰ ওচৰত সদায়েই হীনমন্যতাত ভোগা এই খালী ভৰিৰে খোজকাঢ়ি যোৱা ভক্ত কাঁৱাৰিয়াসকলে আজি এক নতুন ক্ষমতাৰে ক্ষমতাৱান৷ এই ক্ষমতা আহিছে তেওঁলোকৰ হিন্দু পৰিচয়টোৰ পৰা৷ এই অভিজাতসকলে, পুলিচে, প্ৰশাসনে তেওঁলোকক সমীহ কৰিবলৈ বাধ্য৷ এয়া সম্ভৱ হৈছে বিজেপি ক্ষমতাত থকাৰ বাবে৷ এই ডেকা কাঁৱাৰিয়াজনৰ ককাক জৱাহৰলাল নেহৰুৰ দিনত এজন সাধাৰণ দুখীয়া মানুহ আছিল৷ তেওঁৰ জীৱন অভাৱ-অনাটনৰ মাজেৰে অতিবাহিত হৈছিল৷ তেতিয়া ভাৰতত মিশ্ৰ অৰ্থনীতি আৰু‘সমাজবাদ’চলিছিল৷ তেওঁৰ দেউতাকো ইন্দিৰা গান্ধীৰ দিনত এজন সাধাৰণ দুখীয়া মানুহ আছিল৷ তেতিয়া আৰু জোৰদাৰ সমাজবাদ চলিছিল৷ বেংক ৰাষ্ট্ৰীয়কৰণ হৈছিল৷ সংবিধানত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী শব্দ দুটা সংযোগ কৰা হৈছিল৷ তেওঁৰ দেউতাকৰ জীৱনো অভাৱ-অনাটনৰ মাজেৰে অতিবাহিত হৈছিল৷ এই ডেকাজনে কোনোদিনে তেওঁৰ ককাক বা দেউতাকে নিজৰ অভাৱ-অনাটনৰ জীৱন অন্ত পৰিব বুলি বা তেওঁলোক মধ্যবিত্ত বা ধনী মানুহত পৰিণত হ’ব বুলি সপোন দেখা বা তেনে নোহোৱাৰ বাবে বৰ বিশেষ হতাশাত ভোগাও দেখা নাছিল৷ নিজৰ অৱস্থা নিজৰ ভাগ্য বুলি তেওঁলোকে মানি লৈছিল৷ এতিয়া এই ডেকাজনে নিজৰ অভাৱ-অনাটনৰ জীৱনটোৰ পৰা মুক্তি বিচাৰে৷ তেওঁক বাইক লাগে, স্মাৰ্ট ফোন লাগে, ভাল কাপোৰ লাগে, ভাল পোৱা ছোৱালীজনীৰ স’তে সংসাৰ কৰিব পাৰিব লাগে৷ তেওঁৰ অৰ্থনৈতিক অৱস্থা দেউতাক-ককাকতকৈ উন্নত৷ ভাৰতে ১৯৯১ চনত সমাজবাদ বাদ দি বজাৰ অৰ্থনীতি আঁকোৱালি লোৱাৰ পাছত আটাইতকৈ বেছি উন্নতি হৈছে৷ সকলো এম্‌পিৰিকেল পৰিসংখ্যাই দেখুৱাইছে যে ১৯৯১ চনত বজাৰ অৰ্থনীতি আঁকোৱালি লোৱাৰ পাছত আটাইতকৈ অধিকসংখ্যক মানুহ দাৰিদ্ৰ্য সীমাৰেখাৰ ওপৰলৈ উঠি আহিছে৷ বৈষম্য বাঢ়িছে, এচাম অতি ধনী সৃষ্টি হৈছে, কিন্তু যিমানসংখ্যক মধ্যবিত্ত, নিম্নবিত্ত আৰু দুখীয়াৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হৈছে, সিমানখিনি স্বাধীনতাৰ পাছত হোৱা নাছিল৷ এই এম্‌পিৰিকেল পৰিসংখ্যাক অস্বীকাৰ কৰি ‘সমাজবাদ’ৰ ভক্তসকলে এতিয়াও ‘নব্য উদাৰ অৰ্থনীতি’ক গালি পাৰি আছে৷ তেওঁলোকৰ বজাৰ অৰ্থনীতিক লৈও আপত্তি, আৰু কল্যাণকামী ৰাষ্ট˜ৰ আঁচনিৰে হিতাধিকাৰী সৃষ্টিক লৈও আপত্তি৷ তেওঁলোকৰ মতে, বজাৰ অৰ্থনীতিয়ে আম্বানি-আদানি সৃষ্টি কৰিব আৰু কল্যাণকামী ৰাষ্ট্ৰৰ হিতাধিকাৰী আঁচনিয়ে‘মধ্যভোগী’সৃষ্টি কৰিব৷ কিন্তু আম্বানি-আদানি সৃষ্টি নকৰা আৰু‘মধ্যভোগী’হিতাধিকাৰী সৃষ্টি নকৰা অৰ্থনীতি কোনটো? স্বয়ং তথাকথিত সমাজবাদী বা কমিউনিষ্ট দেশসমূহেই ইতিমধ্যে বিফল বুলি প্ৰত্যাখ্যান কৰা তথাকথিত সমাজবাদ? কিয়? কাৰণ কিছুমান সমাজবাদৰ ওপৰত অচলা নিষ্ঠা স্থাপন কৰা ভক্তই তেনে হোৱাটো বিচাৰে৷ গাঁৱৰ ঘৰত হিতাধিকাৰী আঁচনিয়ে আৰু চহৰত বজাৰ অৰ্থনীতিয়ে আনি দিয়া সুযোগৰ ফলত ভোক আৰু অভাৱ-অনাটনৰ পৰা সকাহ পোৱাৰ লগতে দুটকা ঘটাৰ সুযোগ পোৱা এই যুৱ কাঁৱাৰিয়াজনে নিজৰ সপোন সাকাৰ কৰিব বিচাৰে৷ আম্বানি-আদানিয়ে অধিক টকা ঘটাৰ বাবে তেওঁৰ বৰ বিশেষ মূৰ কামোৰণি নাই৷ মাত্ৰ দেউতাক আৰু ককাকৰ অভাৱ-অনাটনৰ জীৱনটোৰ পৰা তেওঁ নিস্তাৰ পাব বিচাৰে৷ চৰকাৰী চাকৰি তেওঁ নাপায় বুলি জানে, গতিকে সেই আকাংক্ষা তেওঁৰ নাই৷ কংগ্ৰেছৰ শাসন কালতো বজাৰত তেনে সুযোগ আছিল, কিন্তু বিজেপিৰ শাসনত বজাৰৰ সুযোগৰ লগতে তেওঁৰ হিন্দু পৰিচয়টোৱে তেওঁক আন এক ক্ষমতাৰে ক্ষমতাশালী কৰিছে, এক সন্মানৰ আসন দিছে৷ তেওঁৰ বাবে ধান্দাৰ লগতে ধৰ্মও হৈ আছে৷ তেওঁৰ জীৱনটো কেতিয়াও ইয়াতকৈ ভাল নাছিল৷ তেওঁৰ বাবে বিজেপিৰ আন কোনো বিকল্প নাই৷ তেওঁ বিচাৰে মোদী প্ৰধানমন্ত্ৰী হৈ থাকক৷‘নব্য উদাৰ বজাৰ অৰ্থনীতি’,‘মধ্যভোগী’সৃষ্টি কৰা হিতাধিকাৰী আঁচনি আৰু হিন্দু ধৰ্মীয় পৰিচয়ক অধিক ক্ষমতাশালী কৰি তোলা বিজপিৰ নীতিক ‘বেয়া’বুলি ভবাসকলৰ ইননি-বিননিৰ পাছতো বিজেপিক ভোটাৰে ভোট দি আছে, বিজেপি জয়ী হৈ আছে৷ বিজেপিৰ ভোটাৰ বাঢ়ি গৈ আছে৷ হিন্দীভাষী প্ৰদেশৰ ভোটাৰে ধৰ্মৰ স’তে ধান্দাক মিহলি নকৰে৷ ধান্ধা মন্দা হোৱাৰ বাবে ধান্দা বচাবলৈ ধৰ্মৰ স’তে আপোচ নকৰে৷ এইটো এটা ৰাজনৈতিক সিদ্ধান্তৰ লগতে এটা সামাজিক-সাংস্কৃতিক-ধৰ্মীয় সিদ্ধান্ত৷ বিজেপিয়ে ইতিমধ্যে এটা ৰাজনৈতিক শক্তিৰ পৰিসীমা পাৰ হৈ এটা বিস্তৃত আৰু ব্যাপক সামাজিক-সাংস্কৃতিক-ধৰ্মীয় পৰিচয় তথা গণ্ডী লাভ কৰিছে নেকি? বিজেপিক ৰাজনৈতিকভাৱে প্ৰত্যাহ্বান জনাবলৈ এই প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব৷ সমাজবাদ-কমিউনিজ্‌মেও এসময়ত ৰাজনীতিৰ পৰিসীমা পাৰ হৈ এনে এক সামাজিক-সাংস্কৃতিক-ধৰ্মীয় বিস্ত্ৃতি লাভ কৰিছিল, নিজৰ আভ্যন্তৰীণ সংঘাতৰ ফলত ভিতৰৰ পাৰ ভাঙি নপৰালৈ৷