Logo
image

মূল্যবৃদ্ধিৰ জুইত ছাৰখাৰ মধ্যবিত্তৰ সংসাৰ

৯ দিনত পেট্ৰ’লৰ দাম বৃদ্ধি পালে ৬.৪০ টকা

মূল্যবৃদ্ধিৰ জুয়ে ছাৰখাৰ কৰি পেলাইছে মধ্যবিত্তৰ সংসাৰ৷ প্ৰতিনিয়ত ৰকেটৰ গতিত উত্থান ঘটা খাদ্যসামগ্ৰী, নিত্যব্যৱহাৰ্য দ্ৰব্য, ইন্ধনৰ মূল্যই ৰাজ্যৰ সাধাৰণ জনতাৰ সংসাৰখন সম্পূৰ্ণৰূপে মহঙা কৰি তুলিছে৷ প্ৰতিবেশী দেশ শ্ৰীলংকাৰ শোচনীয় অৰ্থনৈতিক অৱস্থাৰ বাবে সৃষ্টি হোৱা অভূতপূৰ্ব পৰিস্থিতি দেখি বিতত হৈ পৰা ভাৰতীয় আৰু অসমীয়া মধ্যবিত্তৰ সংসাৰ এতিয়া অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাবে নচলা হৈ পৰিছে৷ পূৱা শুই উঠিয়েই কিনা গাখীৰ আধালিটাৰ এপোৱালৈ হ্ৰাস পাইছে মধ্যবিত্তৰ সংসাৰত৷ ঘৰৰ পৰা ওলাবলৈ লোৱাৰ লগে লগে বৰ্ধিত পেট্ৰ’লৰ মূল্যই মধ্যবিত্তৰ স্কুটাৰ-বাইকৰ গতি স্তব্ধ কৰি দিছে৷ ঘৰৰ গৃহিণীয়ে ভাত ৰান্ধিবলৈ লৈ চৌকাৰ গেছটো জ্বলাওতে থমকি ৰ’বলগীয়া হৈছে, এপদ বা দুপদ আহাৰ ৰন্ধা বাদ দি গেছৰ খৰচ কমাব নেকি চিন্তা কৰি৷ ঘৰটোৰ আটাইকেইটা কোঠাৰ লাইট গধুলি জ্বলাবনে বা গোটেইকেইখন ফেন চলাবনে একেলগে– তাকো চিন্তা কৰিবলগীয়া হৈছে৷ নিয়মীয়া অসুখৰ বাবে সদায় খাই থকা ঔষধৰ মাত্ৰা কমোৱাৰ কথাও চিন্তা কৰিবলগীয়া হৈছে ঔষধৰ বৰ্ধিত মূল্যৰ বাবে৷ মধ্যবিত্তৰ জীৱনৰ মূল সপোনটো– এটুকুৰা মাটি কিনি সৰুকৈ হ’লেও এটা ঘৰ নিৰ্মাণ কৰা, এতিয়া অপূৰ্ণ হৈয়েই থকাটো বাস্তৱ আৰু কঠোৰ সত্যলৈ পৰিণত হৈছে৷ বিগত ১০ দিনত ৯ দিনেই পেট্ৰ’ল-ডিজেলৰ মূল্য ৰকেটৰ দৰে ঊধবৰ্মুখী হৈছে, ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত দুসপ্তাহ পূৰ্বে বৃদ্ধি পাইছে ৫০ টকাকৈ৷ ১ এপ্ৰিল অৰ্থাৎ শুকুৰবাৰৰ পৰা দেশৰ লগতে অসমতো বৃদ্ধি পাব ১১ শতাংশকৈ প্ৰায় নিয়মিত ব্যৱহাৰ কৰা আৰু অত্যাৱশ্যকীয় ঔষধৰ মূল্য৷ অসমত প্ৰতি ইউনিট বিদ্যুৎৰ মাচুল ৰ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৫৯ পইচাকৈ৷ এনে পৰিস্থিতিত সংসাৰ ছাৰখাৰ হৈ যোৱা অসমৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তই সপোন দেখিছে, ১ এপ্ৰিলৰ পৰা মূল্যবৃদ্ধি হ’ব বুলি কৰা ঘোষণা‘এপ্ৰিলফুল’হৈ যোৱা হ’লে! মধ্যবিত্ত, নিম্ন মধ্যবিত্তৰ সংসাৰ ছাৰখাৰ হৈ গ’লেও দেশৰ উচ্চবিত্ত, ধনাঢ্য আৰু দৰিদ্ৰ বা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰাসকলৰ সংসাৰক লৈ কোনো চিন্তা নাই৷ কিয়নো, দৰিদ্ৰ, বিপিএলৰ বাবে আছে অনেক চৰকাৰী আঁচনি আৰু ধনাঢ্যই ৰইনাৰে চপাই আছে ধন৷ অথচ সংসাৰ ছাৰখাৰ হৈ পৰা মধ্যবিত্ত মূল্যবৃদ্ধিৰ ভৰত কোঙা হৈ পৰিলেও তেওঁলোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চৰকাৰক যোগান ধৰি আছে কৰ হিচাপে ৰাজভঁৰালৰ ধনো৷ তাকেই চৰকাৰে দুখীয়াক বিলাইছে আৰু ধনীক দিছে হোৰাহোৰে৷ এনে এক কঠিন পৰিস্থিতিৰ মাজতে ৰাজ্যত পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব বিদ্যুৎ, ঔষধ, টোলটেক্স, চাৰিচকীয়া গাড়ী, গৃহ নিৰ্মাণ সামগ্ৰী [ৰড, চিমেণ্ট, ৰং আদি], ৰাসায়নিক সাৰ, পশুখাদ্য, শিশুৰ খাদ্য, এলইডি বাল্বব, টিভি, এচি, ফ্ৰীজ আদিকে ধৰি বহুকেইবিধ অত্যাৱশ্যকীয় আৰু নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য৷ দেশবাসীক ‘অচ্ছে দিন’ৰ সপোন দেখুৱাই শাসনৰ গাদী দখল কৰা মোদী চৰকাৰৰ দিনত এটাৰ পাছত আনটো সামগ্ৰীত অত্যধিক কৰ আৰোপ কৰা কাৰ্যত সকলো সামগ্ৰীৰে মূল্য আকাশলংঘী হৈছে৷ ইয়াৰ ফলত দুখীয়া শ্ৰেণীৰ লোকৰ উপৰি মূলতঃ তথৈবচ অৱস্থা হৈছে মধ্যবিত্ত তথা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ৷ ইতিমধ্যে ৰন্ধন গেছৰ মূল্য ৫০ টকাকৈ বৃদ্ধি পোৱাৰ লগতে কেইবাবিধো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে৷ পেট্ৰ’লৰ মূল্য ধাৰাবাহিকভাৱে বাঢ়িয়েই আছে৷ বৃহস্পতিবাৰৰ দিনটোত পেট্ৰ’লৰ দাম ৮০ পইচা বৃদ্ধি হোৱাৰ ফলত বিগত ৯ দিনত পেট্ৰ’লৰ মূল্য সৰ্বমুঠ ৬.৪০ টকা বৃদ্ধি পাইছে৷ বৃহস্পতিবাৰে কামৰূপত [ম] পেট্ৰ’লৰ মূল্য ১০১.৬৭ টকা হোৱাৰ বিপৰীতে ১০৪.১৭ টকাৰে মাজুলীত ৰাজ্যখনৰ ভিতৰতে পেট্ৰ’লৰ মূল্য আছিল সৰ্বাধিক৷ পহিলা এপ্ৰিলৰ পৰা বাঢ়িব বিদ্যুতৰ মাচুল৷ ৰাজহ ঘাটি পূৰণ কৰিবলৈ চৰকাৰে সৰ্বসাধাৰণক মাধমাৰ সোধাই প্ৰতি ইউনিট বিদ্যুতত ৫৯ পইচাকৈ বৃদ্ধি কৰিছে৷ ৫৪৬ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে বৃদ্ধি কৰা হৈছে বিদ্যুৎ মাচুল৷ ইয়াৰ লগতে পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি হ’ব জীৱনদায়িনী ঔষধৰ মূল্য৷ হৃদৰোগ, জ্বৰ, উচ্ছ ৰক্তচাপ, ছাল, ৰক্তহীনতা, সংক্ৰমণ আদিকে ধৰি প্ৰায় ৮৫০ বিধ ঔষধৰ দাম ১১ শতাংশকৈ বৃদ্ধি পাব৷ আনহাতে, পেট্ৰ’লৰ মূল্যৰ গ্ৰাফ তীব্ৰগতিত ঊধবৰ্মুখী হৈ থকাৰ মাজতে ৰ এপ্ৰিলৰ পৰা ব্যয়বহুল হ’ব চাৰিচকীয়া বাহনৰ মূল্য৷ ইস্পাত, এলুমিনিয়াম আৰু অন্যান্য সামগ্ৰীৰ বৰ্ধিত মূল্যই গাড়ী নিৰ্মাণত পেলোৱা পোনপটীয়া প্ৰভাৱৰ ফলতে বহু কোম্পানীৰ চাৰিচকীয়া বাহনৰ দাম বৃদ্ধি হ’ব৷ টয়টা, টাটা, বিএমডব্লিউ ইণ্ডিয়া, মাৰ্চিডিজ বেঞ্জকে ধৰি কেইবাটাও কোম্পানীয়ে তেওঁলোকৰ বাহনৰ মূল্য বৃদ্ধি কৰিব৷ ইতিমধ্যে টাটা মটৰছ্‌ৰ বাহনসমূহৰ মূল্য ২১ পৰা ২.৫ শতাংশ, টয়টাই সকলো মডেলৰ মূল্য ৪ শতাংশলৈ, বিএমডব্লিউ ইণ্ডিয়াই ৩.৫ শতাংশলৈ বৃদ্ধি কৰিব বুলি প্ৰকাশ কৰিছে৷ বাহনৰ মূল্যবৃদ্ধিৰ লগতে ৰ এপ্ৰিলৰ পৰা ৰাইজে পূৰ্বতকৈ ১৫ শতাংশ অধিক টোলটেক্স প্ৰদান কৰিব৷ কেন্দ্ৰীয় চৰকাৰে ৰ এপ্ৰিলৰ পৰা টোলগেটসমূহত মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেইমৰ্মে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ সকলো টোলগেটতে এক এপ্ৰিলৰ পৰা ৰাইজে বৰ্ধিত মাচুল দিব লাগিব৷ ফলত পূৰ্বতকৈ অধিক ব্যয়বহুল হ’ব সৰ্বসাধাৰণ ৰাইজৰ যাত্ৰা৷ ৰড, চিমেণ্ট, ষ্টীল আদি নিৰ্মাণ সামগ্ৰীৰ দামো বৃদ্ধি হ’ব ৰ এপ্ৰিলৰ পৰা৷ প্ৰাপ্ত তথ্য অনুসৰি, ৫,৫০০ টকীয়া প্ৰতি কুইণ্টল ৰডৰ দাম বৃদ্ধি পাব ৮,৫০০ টকালৈ৷ প্ৰতি টন ৰডৰ মূল্য ২৫ হাজাৰৰ পৰা ৩০ হাজাৰ টকালৈ বৃদ্ধি পোৱাৰ লগতে ৰং, চিমেন্ট, ষ্টীল আদিৰো দামো বৃদ্ধি হ’ব পহিলা এপ্ৰিলৰ পৰা৷ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত এলইডি বাল্ববকে ধৰি কেইবাবিধো নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ আমদানি শুল্ক বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ৰ এপ্ৰিলৰ পৰা ব্যয়বহুল হ’ব টিভি, মোবাইল, এচি, ফ্ৰীজ আদি৷ টিভি, এচি আৰু ফ্ৰীজ তৈয়াৰ কৰোতে ব্যৱহাৰ হোৱা এলুমিনিয়াম আকৰিকৰ ওপৰত ৩০ শতাংশ আমদানি শুল্ক আৰোপ কৰাৰ ফলত উৎপাদন ব্যয় বৃদ্ধি পাব আৰু ইয়ে গ্ৰাহকক মাধমাৰ শোধাব৷ এলইডি বাল্ব তৈয়াৰ কৰোতে ব্যৱহৃত সামগ্ৰীৰ ওপৰত মৌলিক শুল্কৰ সৈতে ৬ শতাংশ পৰিশোধ মাচুল বিচৰাৰ ফলত এলইডি বাল্ববোৰো ব্যয়বহুল হৈ পৰিব৷ চৰকাৰে ৰ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন আবকাৰী শুল্ক নীতি প্ৰৱৰ্তন কৰিবলৈ ওলাইছে৷ ইয়াৰ অধীনত ধঁপাত থকা পান মচলা আৰু গুটখাৰ ওপৰত আবকাৰী শুল্ক এতিয়াৰ ১০ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰা হ’ব৷ ফলত কোম্পানীবোৰৰ উৎপাদন ব্যয়ৰ ওপৰত প্ৰভাৱ পৰিব৷ ইয়াৰ ক্ষতিপূৰণৰ বাবে কোম্পানীবোৰে তেওঁলোকৰ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ আশংকাক নুই কৰিব নোৱাৰি৷ অৱশ্যে, চৰকাৰে বাজেটত চিগাৰেটৰ ওপৰত উপকৰ বা জিএছটিৰ হাৰ বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰিছিল৷ আনহাতে, খেতি পথাৰত ব্যৱহূত ৰাসায়নিক সাৰৰ লগতে মোবাইল, পশু খাদ্য, শিশু খাদ্য, বিস্কুট, চিপছ আদি বিভিন্ন সামগ্ৰী তথা খাদ্যৰ দাম বৃদ্ধি পাব পহিলা এপ্ৰিলৰ পৰা৷ ইফালে, শাক-পাচলিৰ দাম শুনিলেই চকু কপালত উঠাৰ দৰে অৱস্থা৷ খাৰুপেটীয়াত উৎপাদন হোৱা শাক-পাচলিৰ মূল্য গুৱাহাটীত প্ৰায় ৩-৪ গুণ বেছি দৰত ক্ৰয় কৰিবলগা হয় গ্ৰাহকে৷ উল্লেখ্য, ৰন্ধন গেছ, ঔষধ, বিদ্যুৎ আদি সামগ্ৰীৰ ব্যৱহাৰৰ ক্ষেত্ৰত ধনী বা দুখীয়া বুলি কথা নাই৷ এইবিলাক অত্যাৱশ্যকীয় তথা নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ’লেও ধনী শ্ৰেণীৰ মাজত ব্যাপক প্ৰভাৱ নপৰে৷ দুখীয়া শ্ৰেণীয়ে বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব যদিও তেওঁলোকৰ জীৱন যাত্ৰাত কম-বেছি পৰিমাণে হ’লেও প্ৰভাৱ পৰিব৷ কিন্তু মূল্যবৃদ্ধিৰ ফলত মধ্যবিত্ত তথা নিম্ন মধ্যবিত্তৰ মাজত যে আটাইতকৈ বেছি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব, সেয়া ধুৰূপ৷