Logo
image

ভাৰতক লৈ ক্ষুণ্ণ বাইডেন

যুদ্ধৰ মাজতে ভাৰতত ৰাছিয়াৰ বৈদেশিকমন্ত্ৰী

আমাৰ অসম, ১ এপ্ৰিলঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে বৃহস্পতিবাৰে ভাৰতত উপস্থিত হৈছে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভ৷ দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হোৱা ছাৰ্গেই লাভৰভে শুকুৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে এক বৈঠকত মিলিত হ’ব৷ উক্ত বৈঠকত ভাৰত-ৰাছিয়াৰ দ্বি-পাক্ষিক সম্পৰ্কক লৈ আলোচনা হোৱাৰ লগতে ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধখনত ৰাছিয়াই ভাৰতৰ সমৰ্থন বিচৰাৰ সম্ভাৱনা আছে৷ ইপিনে পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনত ৰুছ সেনাৰ অভিযানৰ বিৰোধিতা কৰি থকাৰ মাজতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীজনৰ ভাৰত ভ্ৰমণক সহজভাৱে ল’ব পৰা নাই আমেৰিকাই৷ ৰাছিয়াৰ সৈতে ভাৰতে ৰক্ষা কৰি অহা বন্ধুত্বৰ সম্পৰ্কক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে শেহতীয়াকৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ তদুপৰি ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ বাবে যি চুক্তি কৰিছে সেই চুক্তিৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাষ্ট্ৰপতি বাইডেনে৷ এইক্ষেত্ৰত বাইডেনে ভাৰতক উদ্দেশ্যি সকীয়নিও প্ৰদান কৰা আৰম্ভ কৰিছে৷ এনে পৰিস্থিতিত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ ভাৰত ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে৷ ইপিনে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধখনে ৩৬ দিনত ভৰি দিছে৷ ইয়াৰ মাজতে বৃহস্পতিবাৰৰ দিনটোত ৰাছিয়াই ইউক্ৰেইনৰ মাৰিয়ুপল চহৰত যুদ্ধবিৰতি ঘোষণা কৰে৷ একেদৰে কিয়েভ আৰু খাৰকিভত ৰাছিয়াই সেনা-বাহিনী আঁতৰাই নিয়া আৰম্ভ কৰিছে৷ আনহাতে, মাৰিয়ুপলত যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতে ইউক্ৰেইনে উক্ত চহৰখনত আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে৷ আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে কিয়েভ চহৰৰ পৰা ৪৫খন বাছৰ যোগান ধৰা হৈছে৷ ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰিছে৷