Logo
image

৩২নং স্থানত হিমন্তবিশ্ব শৰ্মা

প্ৰভাৱশালী ভাৰতীয়ৰ তালিকাত

আমাৰ অসম,১ এপ্ৰিলঃ ভাৰতৰ এশজন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নাম৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ  কাকতখনে প্ৰস্তুত কৰা এশজন প্ৰভাৱশালী ভাৰতীয়ৰ ৩২ সংখ্যক স্থানত উল্লেখ হৈছে ড॰ শৰ্মা৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০২১ চনত ড॰ শৰ্মাৰ নাম এই তালিকাৰ ৬০ সংখ্যক স্থানত আছিল৷ এইবাৰ তালিকাখনৰ ৩২ সংখ্যক স্থানত হিমন্ত বিশ্ব শৰ্মাৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত তেওঁক আটাইতকৈ প্ৰভাৱশালী মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰা হৈছে৷ স্মৰ্তব্য যে যোৱা বছৰৰ ১০ মে’ত অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে তালিকাখনৰ শীৰ্ষস্থান দখল কৰিছে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰী মোদীৰ পাছতে আছে ক্ৰমে– কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আৰ এছ এছৰ প্ৰধান মোহন ভাগৱত, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, উদ্যোগপতি মুকেশ আম্বানি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ, আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মল সীতাৰমণ আদিৰ নাম৷ আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইবাৰ তালিকাখনৰ একাদশ সংখ্যক স্থান দখল কৰিছে৷ ইপিনে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আছে প্ৰভাৱশালী এশজন ভাৰতীয়ৰ তালিকাৰ ১৩নং স্থানত৷