Logo
image

অসম-অৰুণাচল সীমা বিবাদ

এইবাৰ নিষ্পত্তিৰ দিশত

আমাৰ অসম, ১এপ্ৰিলঃ ‘অসম-মেঘালয়ৰ’আৰ্হিত এপ্ৰিল মাহৰ পৰাই অৰুণাচলৰ সৈতেও সীমা সমস্যা সমাধানৰ বাবে আলোচনা আৰম্ভ হ’ব৷ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে এপ্ৰিল মাহত সীমা সমস্যাৰ সমাধানৰ বাবে বৈঠক আৰম্ভ কৰিব৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বৃহস্পতিবাৰে গুৱাহাটীত এক সংবাদমেলত শেহতীয়াকৈ মেঘালয়ৰে স্বাক্ষৰিত সীমা চুক্তিকলৈ সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে কেইবাখনো ৰাজ্যই এতিয়া অসম-মেঘালয়ৰ আৰ্হিত নিজ নিজ সীমা সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে৷ উল্লেখ্য যে অসম চৰকাৰে মেঘালয় চৰকাৰৰ সৈতে ১২টা বিবদমান বিষয়ৰ ৬টা নিষ্পত্তি কৰিছে৷ এই নিষ্পত্তিত ঐতিহাসিক প্ৰেক্ষাপট, নৃত্বাত্বিক দিশ, সীমাৰ সৈতে জড়িত সুচল সা-সুবিধা, স্থানীয় বাসিন্দাৰ ইচ্ছা আৰু প্ৰশাসনিক সূচলতা আদি বিষয়ক অগ্ৰাধিকাৰ দিয়া হৈছে৷ উল্লেখ্য, কেন্দ্ৰীয় গৃহমন্ত্ৰ অমিত শ্বাহৰ উপস্থিতিত মঙলবাৰে নতুন দিল্লীত অসম আৰু মেঘালয়ৰ দুই মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তি অনুসৰি বিবদমান তাৰাবাৰী অঞ্চলৰ আপাৰ তাৰাবাৰী, ৰাংখেট, থাংখোলা, চিনগিপা, ডইনী, ডাবলপাৰাকে ধৰি ৪.৬৯ বৰ্গ কিলোমিটাৰ অঞ্চল মেঘালয়ৰ অন্তভুক্ত হ’ব৷ খানাপাৰা পিলিংকাটাৰ মুঠ ২.২৯ বৰ্গ কিলোমিটাৰ অঞ্চলৰ ০.৫ বৰ্গ কিলোমিটাৰ অঞ্চল মেঘালয়ৰ অংশ হ’ব৷ আনহাতে খানাপাৰাৰ কইনাধৰা, এ এছ টি চি ট্ৰেজিট কেম্প, ড্ৰিমলেণ্ড ৰিজৰ্ট, নামঘৰকে ধৰি আদি অঞ্চল [মুঠ ০.০৩ বৰ্গ কিলোমিটাৰ অসমৰ অন্তভুক্ত হ’ব৷