Logo
image

ৰাজ্যসভাত প্ৰতিনিধিশূন্য অসম কংগ্ৰেছ

১০০ সদস্যৰে উচ্ছ সদনত সৰ্ববৃহৎ দল বিজেপি

আমাৰ অসম, ২ এপ্ৰিলঃ ৰাজ্যসভাত বিগত তিনিটা দশক পূৰ্বৰ কংগ্ৰেছৰ অভিলেখ ভংগ কৰিলে বিজেপিয়ে৷ সংসদৰ উচ্ছ সদনখনত গেৰুৱা দলটোৰ সদস্য সংখ্যাই স্পৰ্শ কৰিলে ১০০৷ ইয়াৰ লগে লগে উচ্ছ সদনত কংগ্ৰেছে বিৰোধী দলৰ মৰ্যাদা হেৰওৱাৰ উপক্ৰম হয়৷ উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ১৩জন সদস্য৷ ইয়াৰে ১০জন সদস্য নিৰ্বাচিত হৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে৷ অসমৰো দুখন আসন আৰু ত্ৰিপুৰাৰ এখন আসনৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হয়৷ এই তিনিওখন আসনে বিজেপি মিত্ৰজোঁটে লাভ কৰে৷ ইপিনে অসম বিধানসভাত দলীয় সংখ্যাৰ হিচাপত এখন আসন কংগ্ৰেছৰ দখললৈ যোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তত কেইবাজনো বিধায়কে ক্ৰছ ভোটিং কৰাত দ্বিতীয়খন আসনত বিজেপি মনোনীত ইউ পি পি এলৰ প্ৰাৰ্থীজন বিজয় সাব্যস্ত হয়৷ ফলত স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত অসমৰ পৰা কংগ্ৰেছৰ সদস্য সংখ্যা শূণ্য হৈ পৰে৷ ৩১ মাৰ্চত অন্ত পৰে অসমৰ পৰা নিৰ্বাচিত কংগ্ৰেছৰ ৰাজ্যসভাৰ দুই সাংসদ ৰাণী নৰহ আৰু ৰিপুণ বৰাৰ কাৰ্যকাল৷ এই দুখন আসনৰ বিপৰীতে অনুষ্ঠিত ভোটত কংগ্ৰেছ শোচনীয়ভাৱে পৰাজিত হয়৷ ইয়াৰ বিপৰীতে এখন আসনত জয়লাভ কৰে বিজেপিৰ প্ৰাৰ্থী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু আনখনত ইউপিপিএলৰ ৰণগৌৰা নাৰ্জাৰী৷ ইয়াৰ পূৰ্বে অসমৰ পৰা ৰাজ্যসভালৈ দীঘলীয়া সময়ৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল ড॰ মনমোহন সিং৷ ৰাজ্যসভাৰ পৰা নিৰ্বাচিত কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ভুবনেশ্বৰ কলিতাই ইতিমধ্যেই বিজেপিত যোগদান কৰিছে৷ তৰুণ গগৈৰ কাৰ্যকালত সঞ্জয় সিঙৰ দৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীও কংগ্ৰেছৰ টিকটত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল অসমৰ পৰা৷ এইবাৰ অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ এখন আসনত ইউডিএফে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰিছিল যদিও মূৰকত কংগ্ৰেছে ৰিপুণ বৰাক প্ৰাৰ্থী হিচাপে থিয় কৰায়৷ লক্ষণীয়ভাৱে আগন্তুক সময়ত অসমৰ পৰা খালী হ’ব ৰাজ্যসভাৰ তিনিখন আসন৷ সংখ্যাৰ ফালৰ পৰা ইয়াৰ এখন আসন বিৰোধীয়ে পাব লাগে যদিও বিৰোধীৰ মাজত সৃষ্টি হোৱা বিভাজনৰ ফলত এই আসনখনক লৈ যে অনিশ্চয়তাৰ সৃষ্টি হ’ব, সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ যাৰ ফলত অদূৰ ভৱিষ্যতেও অসমৰ পৰা ৰাজ্যসভালৈ কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ আশা খীণ হৈ পৰিছে৷ আনহাতে ত্ৰিপুৰাতো বিজেপিৰ হাতত পৰাজিত হয় বাঁওদলৰ প্ৰাৰ্থীজন৷ ফলত ১৩ খন আসনৰ ৪খন লাভ কৰে বিজেপিয়ে৷ এখন পায় বিজেপিৰ মিত্ৰদল ইউ পি পি এলে৷ ইপিনে পঞ্জাৱৰ পাঁচখন আসন পূৰ্বেই দখল কৰি থৈছে আম আদমি পাৰ্টীয়ে৷ কেৰালাৰ দুখন আসনত জয়লাভ কৰিছে বাঁও দলে আৰু এখন লাভ কৰিছে কংগ্ৰেছে৷ উল্লেখ্য যে এইবাৰৰ ৰাজ্যসভাৰ নিৰ্বাচনত আটাইতকৈ লাভান্বিত হোৱা দলটো হৈছে আম আদমি পাৰ্টী৷ পূৰ্বে এই ১৩খন আসনৰ এখনতো নাছিল আম আদমি পাৰ্টী৷ কিন্তু সদ্যসমাপ্ত নিৰ্বাচনত তেওঁলোকে পাঁচখন আসন লাভ কৰিবলৈ সক্ষম হয়৷ পূৰ্বে এই আসন কেইখনৰ ভিতৰত এখনহে আছিল বিজেপিৰ৷ কিন্তু এইবাৰ তেওঁলোকৰ লাভ হ’ল চাৰিখন আসন৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে মুখথেকেচা খাই পূৰ্বৰ পাঁচখন আসনৰ চাৰিখনেই হেৰুৱাব লগা হ’ল৷ কংগ্ৰেছে লাভ কৰিছে মাত্ৰ এখন আসন৷ ইপিনে চাৰিখন আসন লাভেৰে ৰাজ্যসভাত এতিয়া বিজেপিৰ সদস্য সংখ্যাই ১০০ স্পৰ্শ কৰিলে৷ ইয়াৰ লগে লগে সংসদৰ উচ্চ সদনখনত এনডিএ মিত্ৰজোঁটৰ আসন সংখ্যা প্ৰায় ‘মেজিক ফিগাৰ’ৰ ওচৰা-ওচৰি হৈ পৰিল৷ স্মৰ্তব্য যে ৩ দশকৰ পূৰ্বে ৰাজ্যসভাত কংগ্ৰেছ দলে ১০০খন আসনেৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল৷ এতিয়া সেই কংগ্ৰেছ দলটো মাত্ৰ ২৯খন আসনতে সন্তুষ্ট হৈ থাকিব লগা হৈছে৷ অহা ৫-৬ মাহৰ ভিতৰত ৰাজ্যসভাত আৰু ৬০খন আসন খালী হ’ব৷ এই আসনসমূহৰ বাবে হ’ব লগা নিৰ্বাচনৰ ফলাফলে নিৰ্ধাৰণ কৰিব অদূৰ ভৱিষ্যতে ৰাজ্যসভাত কংগ্ৰেছৰ প্ৰধান বিৰোধী দলৰ মৰ্যাদা থাকিব নে নাই৷ এই মুহূৰ্তত ৰাজ্যসভাত ১৩খন আসনেৰে তৃতীয় বৃহত্তম দল হৈ আছে তৃণমূল কংগ্ৰেছ৷ আনহাতে ডি এম কেৰ ১০জন আৰু আম আদমি পাৰ্টীৰ আছে ৮জন সাংসদ৷

প্ৰদেশ বিজেপিৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত শুকুৰবাৰে অনুষ্ঠিত এটা অনুষ্ঠানত প্ৰদেশ বিজেপিৰ মাহেকীয়া মুখপত্ৰ ‘অসমীয়া বিজেপি বাৰ্তাৰ’৬৪সংখ্যক সংস্কৰণ উন্মোচন হয়৷ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতা নিত্যভূষণ দে’ই এপ্ৰিল সংস্কৰণটো উন্মোচন কৰে৷ সভাৰ উদ্বোধনী ভাষণত কলিতাই কয়– ‘অসমীয়া বিজেপি বাৰ্তা’দলৰ সংকল্প, কৰ্ম তথা চিন্তা-চেতনাৰ দস্তাবেজ৷ সভাপতি কলিতাই সদ্যঘোষিত ৰাজ্যসভাৰ নিৰ্বাচনত জয় লাভ কৰা বিজেপি আৰু মিত্ৰদল ইউপিপিএলৰ প্ৰাৰ্থীদ্বয় পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীক শুভেচ্ছা জনায়৷ সতীৰ্থ বিধায়কৰ লগতে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীদ্বয়ক ভোট প্ৰদান কৰা সকলো বিধায়কক কলিতাই বিশেষভাৱে ধন্যবাদ জনায়৷