Logo
image

পুনৰ মোদী-হত্যাৰ চক্ৰান্ত!

সক্ৰিয় শ্লীপাৰ চেল, ২০ কেজি আৰডিএক্স মজুত

আমাৰ অসম, ১ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকিৰে অজ্ঞাত ব্যক্তিয়ে প্ৰেৰণ কৰা এটা ই-মেইল বাৰ্তাক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে ভাৰতৰ অনুসন্ধানকাৰী সংস্থা, এন আই এৰ মুম্বাইস্থিত কাৰ্যালয়লৈ কোনো ব্যক্তিয়ে শুকুৰবাৰে প্ৰেৰণ কৰে ই-মেইল বাৰ্তাটো৷ ইয়াৰ লগে লগে ই-মেইল বাৰ্তাটোৰ উৎস বিচাৰি তদন্তত নামি পৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটো৷ ই-মেইলটোত মোদীক হত্যাৰ ভাবুকিৰে অজ্ঞাত ব্যক্তিজনে উল্লেখ কৰে– ‘মই সমগ্ৰ ভাৰতৰ ২০টা স্থানত আক্ৰমণৰ প্ৰস্তুতি চলাইছো৷ প্ৰধানমন্ত্ৰী মোদীয়ে মোৰ জীৱন ধবংস কৰিছে৷ সেয়ে তেওঁক হত্যা কৰিবলৈ ২০ কিলোগ্ৰাম আৰ ডি এক্স সাজু কৰি ৰাখিছো৷’ই-মেইল বাৰ্তাটোত মোদীক হত্যাৰ ভাবুকিৰ উপৰি আন দুই কোটি লোককো হত্যাৰ ভাবুকি দিয়া হৈছে৷ এই বিষয়ে অজ্ঞাত পৰিচয়ধাৰী ব্যক্তিজনে ই-মেইলটোত পুনৰ উল্লেখ কৰে– ‘কাকো সাৰি যাবলৈ দিয়া নহয়৷ দুই কোটি লোকক শেষ কৰি দিম৷’তাৎপৰ্যপূৰ্ণ যে দুই কোটি সাধাৰণ জনতাক হত্যাৰ বাবে ব্যক্তিজনে কেইজনমান সন্ত্ৰাসবাদীৰ সৈতে যোগাযোগ কৰা বুলিও উল্লেখ কৰিছে৷ এই বিষয়ে ই-মেইলটোত উল্লেখ কৰা হৈছে– ‘এনেয়েও মানুহ মৰিয়েই আছে৷ এইবাৰ মোৰ বোমাৰে উৰুৱাই দিয়া হ’ব দুই কোটি লোকক৷’এই ভয়ংকৰ কূটাঘাতৰ বাবে ইতিমধ্যে যোৱা ২৮ ফেব্ৰুৱাৰীৰ পৰা দেশৰ বিভিন্ন স্থানত ২০টা শ্লিপাৰ চেলে কাম আৰম্ভ কৰা বুলিও দাবী কৰা হৈছে বাৰ্তাটোত৷ ইপিনে খোদ দেশৰ প্ৰধানমন্ত্ৰীজনক হত্যাৰ ভাবুকি দি প্ৰেৰণ কৰা ই-মেইল বাৰ্তাটোৰ বিষয়ে ৰাজহুৱা হোৱাৰ লগে লগে ই-মেইলটোৰ উৎস বিচাৰি তদন্তত নামি পৰিছে তদন্তকাৰী সংস্থাসমূহ৷ আৰ ডি এক্স মজুত ৰখা বুলি কোৱাটোও কিমান সঁচা সেই বিষয়েও চোৰাংচোৱা সংস্থাসমূহে অনুসন্ধান আৰম্ভ কৰিছে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি দিয়া ঘটনা এয়াই প্ৰথম নহয়৷ যি কি নহওক দেশৰ প্ৰধানমন্ত্ৰীজনক হত্যাৰ ভাবুকি দি খোদ এন আইএৰ কাৰ্যালয়লৈ ই-মেইল অহাটোৱে দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷