Logo
image

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য পুনৰ ২৫০ টকা বৃদ্ধি

ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

আমাৰ অসম, ১ এপ্ৰিলঃ দেশৰ কোটি কোটি জনতাৰ আস্থা আৰু বিশ্বাসক পণবন্দী কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে চাৰিওদিশৰ পৰা মাধমাৰ শোধাই আহিছে৷ অত্যাৱশ্যকীয় তথা নিত্যব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি কৰি কাৰ্যতঃ কোঙা কৰি পেলাইছে সৰ্বসাধাৰণ ৰাইজক৷ এনে এক পৰিস্থিতিত দুবেলা দুমুঠি খাই জীয়াই থাকিবলৈও কষ্ট হৈছে সৰ্বসাধাৰণ লোকৰ৷ মধ্যবিত্ত তথা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পাকঘৰৰ চৌকাত এতিয়া জুই নজ্বলাসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে৷ বজাৰ কৰিবলৈ লৈ যোৱা খালী মোনাখন হাতত লৈ বিমৰ্ষ মনেৰে ঘৰলৈ উভতিবলগীয়া হৈছে সাধাৰণ ৰাইজ৷ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, বিদু্যৎ, ঔষধকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলা-কলা খুৱাই থকাৰ বিপৰীতে বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাত চূড়ান্তৰূপে ব্যৰ্থ হৈছে৷ ইতিমধ্যে বিভিন্ন সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰে চৰকাৰে একপ্ৰকাৰ ‘ৰেকৰ্ড’স্থাপন কৰাৰ সময়তে শুকুৰবাৰে পুনৰ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য৷ কেইটামান দিন পূৰ্বে ৫০ টকাকৈ ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰাৰ পাছত শুকুৰবাৰে ২৫০ টকাকৈ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য৷ ইয়াৰ ফলত ৰাজ্যৰ ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,৩৯৮ টকালৈ বৃদ্ধি হয়৷ উল্লেখ্য, ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হোৱা হোটেল-ৰেস্তোৰাসমূহ প্ৰায় দুটা বছৰৰ অন্তত পুনৰ ঠন ধৰিবলৈ লওঁতেই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে পুনৰ এওঁলোকক হেঁচি ধৰিছে৷ নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিতে চৰকাৰী তেল কোম্পানীসমূহে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰাৰ ফলত দিল্লীত ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ দাম হৈছে ২,২৫৩ টকা৷ ইয়াৰ লগতে মুম্বাইত ২,২০৫ টকা, কলিকতাত ২,৩৫১ টকা, চেন্নাইত ২,৪০৬ টকা লৈ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য৷ দেশৰ আন মহানগৰসমূহতো বৃদ্ধি হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম৷ ইফালে মূল্যবৃদ্ধি সম্পৰ্কে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়– ‘মূল্যবৃদ্ধি নহ’লেই মই ভাল পাও৷ মূল্যবৃদ্ধি হ’লে বৰ কষ্ট হয়৷ আমাৰো পৰিয়াল আছে৷ ঘৰত ৰোগীও আছে৷ মই নিজেও সদায় গেছট্ৰিকৰ ঔষধ খাওঁ৷ গতিকে দাম বাঢ়িলে বেয়া লাগে৷’মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব নোৱৰা চৰকাৰখনৰ নেতাৰ এনে দায়সৰা তথা পাতল মন্তব্যই সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ খাদ্যবস্তু, ডিজেল-পেট্ৰ’ল, ৰন্ধন গেছকে ধৰি ইন্ধনজাতীয় সামগ্ৰী, বিদু্যৎ মাচুল, জীৱনদায়িনী ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আছুৰ আহ্বানত সত্যাগ্ৰহেৰে উত্তাল হ’ল অসম৷ সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলা সদৰ স্থানত হাজাৰ হাজাৰ প্ৰতিবাদীয়ে ‘মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধিৰ জনবিৰোধী সিদ্ধান্ত বাতিল কৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা চৰকাৰ হায় হায়, যোগানমন্ত্ৰী হায় হায়’আদি ধবনি দি সমগ্ৰ ৰাজ্য প্ৰতিবাদেৰে উত্তাল কৰি তোলে৷ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত কয়– ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মূল্যবৃদ্ধিৰ সিদ্ধান্তই সৰ্বসাধাৰণ জনতাৰ ওপৰত মাধমাৰ শোধাইছে৷ এফালে খাদ্যবস্তুৰ মূল্যবৃদ্ধি, আনফালে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি পেলাইছে৷ ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে, যিহেতু কেন্দ্ৰীয় আৰু অসম চৰকাৰ এই বিষয়ে নিৰ্বিকাৰ ৰূপ প্ৰদৰ্শন কৰি আছে৷ প্ৰায় নিতৌ খাদ্যবস্তু আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে৷ মূল্যবৃদ্ধিৰ এই জনবিৰোধী সিদ্ধান্ত উভয় চৰকাৰে বাতিল কৰিব লাগিব৷ জনসাধাৰণক সকাহ দিবই লাগিব, অন্যথা প্ৰতিবাদ অব্যাহত থাকিব৷’উল্লেখ্য, ৬ এপ্ৰিলত ৰাজ্যৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত বিক্ষোভ কৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব৷ গুৱাহাটী মহানগৰীৰ ৰাজপথত হাতত তেলৰ বটল, চিলিণ্ডাৰ, পেট্ৰ’ল পাম্পৰ ফটো আদি লৈ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ন্যাসৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ আছুৱে উলিওৱা প্ৰতিবাদী সমদলক আৰক্ষীয়ে বাধা দিয়ে৷ এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়– ‘গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে কৰা আন্দোলনত চৰকাৰে বাধা প্ৰদান কৰিছে৷ কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা পেট্ৰ’ল, ডিজেল, চিলিণ্ডাৰ, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিৰ উত্তৰ কোনে দিব?’পাছত অতিৰিক্ত উপায়ুক্তৰ হাতত সদৌ অসম ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰদান কৰে৷ ইফালে, মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আৰু বিজেপি চৰকাৰখনৰ অকৰ্মণ্যতাৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা, কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজু বৰপাত্ৰ গোহাঁই, ৰাতুল হুছেইন আৰু সাধাৰণ সম্পাদকদ্বয় বিদু্যৎ শইকীয়া, বিতু সোণোৱালৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়া, মানস কোঁৱৰ, কাৰ্যকৰী সভাপতি পাপু দত্ত, কাশ্যপ নন্দন কলিতা, ৰাহুল চৌধুৰী আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, ৰাহুল চেত্ৰীয়ে কয় যে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য যি অভূতপূবৰ্ হাৰত ঊৰ্ধগামী হৈছে, সেই মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাৰ পৰা মধ্যবিত্ত শ্ৰেণীলৈকে সকলোৰে পৰিয়াল চলোৱাটো অতি কঠিন হৈ পৰিছে৷ কিন্তু ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ দেশৰ জনতাৰ দুখ-দুৰ্দশাৰ প্ৰতি কোনো কাণসাৰ নাই৷ সংগঠন দুটাৰ নেতৃত্বত অসমৰ বিভিন্ন জিলা, আঞ্চলিক আৰু মহকুমা সমিতিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হাতে হাতে প্লে’কাৰ্ড, ফেষ্টুন লৈ ‘নৰেন্দ্ৰ মোদী হায় হায়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক, ৬০ টকা পেট্ৰ’ল থকা বেয়া দিন আমাক ঘূৰাই দি ১০১ টকা পেট্ৰ’লৰ অচ্চে দিন আপুনি ঘূৰাই লওক’আদি বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ কঁপাই তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি বিক্ষোভ কাৰ্যসূচী পালন কৰে৷ কৃষক সংগঠন আৰু ছাত্ৰ সংগঠন দুটাৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰাটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ চৰম ব্যৰ্থতা৷ কঠোৰ হাতেৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি জনতাক এই মহাসংকটৰ পৰা বচাবলৈ দাবী উত্থাপন কৰে সংগঠন দুটাই৷ যেতিয়ালৈকে মূল্যবৃদ্ধি ৰোধ নহ’ব, তেতিয়ালৈকে স্তৰে স্তৰে আন্দোলনৰ কাৰ্যসূচী আগবঢাই নিবলৈ বদ্ধপৰিকৰ হৈ থাকিব বুলিও ঘোষণা কৰে সংগঠন দুটাই৷