Logo
image

১ ডিচেম্বৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব অসম ৰাজ্যিক চিৰিয়াখানা

আমাৰ অসম, ১০ নৱেম্বৰঃ ১ ডিচেম্বৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব অসম ৰাজ্যিক চিৰিয়াখানা। ক’ভিড-১৯ৰ বাবে বিগত ৮ মাহে বন্ধ আছিল ৰাজ্যিক চিৰিয়াখানা। ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত কিছু নীতি-নিয়মৰ মাজেৰে খোলা হ’ব চিৰিয়াখানা। এটা দিনত সৰ্বাধিক ৯০০ পৰ্যটকে দৰ্শন কৰিব পাৰিব চিৰিয়াখানা। দুটা ভাগত, পুৱা ৮ বজাৰ পৰা ১১ বজালৈ আৰু ১ বজাৰ পৰা ৪ বজালৈ দৰ্শন কৰিব পাৰিব চিৰিয়াখানা। অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰ জৰিয়তে টিকট লব পাৰিব দৰ্শনাৰ্থীসকলে। ৬৫ বছৰৰ ঊৰ্ধ্বৰ লোকৰ লগতে  কণমানিসহ মাতৃকো প্ৰৱেশ কৰিব দিয়া নহ’ব ৰাজ্যিক চিৰিয়াখানাত।