Logo
image

চুক্তিৰ এসপ্তাহ নৌহওঁতেই পুনৰ অসমৰ বাসিন্দাক আক্ৰমণ

আমাৰ অসম, ৪ এপ্ৰিলঃ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম-মেঘালয়ৰ মাজত ৫০ বছৰ পুৰণি সীমা সমস্যা সমাধানৰ লক্ষ্যৰে দুয়োখন ৰাজ্যৰ মাজত চুক্তি স্বাক্ষৰিত হয় যদিও এই পৰ্যন্ত বাস্তৱত সমাধান হোৱা নাই সীমাকেন্দ্ৰিক সমস্যা৷ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ উপস্থিতিত চুক্তি স্বাক্ষৰ হোৱাৰ দিনচেৰেক পাছতেই অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তত শুকুৰবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অসমৰ সীমাত প্ৰৱেশ কৰি মেঘালয়ৰ দুবৃৰ্ত্তই নিৰ্বিচাৰ তাণ্ডৱ চলায়৷ ইয়াৰ পাছতেই পুনৰ উত্তপ্ত হৈ পৰিছে কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্ত৷ ঘৰশত্ৰু বিভীষণৰূপী অসমৰে একাংশ লোকৰ প্ৰৰোচনা আৰু অসম বিদ্বেষী মনোভাৱৰ বাবেই অসম-মেঘালয় সীমান্ত হৈ উঠিছে উত্তেজনাপূৰ্ণ৷ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্ত এলেকাৰ নাগৰিকৰ প্ৰতি অসম চৰকাৰ তথা প্ৰশাসনে প্ৰদৰ্শন কৰি অহা চৰম উদাসীনতা, অমনোযোগিতা আৰু নূ্যনতম দায়িত্বজ্ঞানহীনতাৰ সুযোগ লৈ সীমান্তৰ গামেৰীমূৰাৰ শালবাৰীত যোৱা নিশা মেঘালয় সমৰ্থনকাৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে অসম আৰক্ষীক খেদি পঠিওৱা আৰু অসমৰ লোকক মাৰপিট কৰে৷ প্ৰাপ্ত বাতৰি মতে,  প্ৰথমে দিনৰ ভাগতে মেঘালয় আৰু অসমৰ লোকৰ মাজত তৰ্কা-তৰ্কি হয়৷ পাছত নিশাৰ ভাগত মেঘালয়ৰ লোকে হাতে-হাতে দা-কুঠাৰ লৈ তাণ্ডৱ চলোৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা অসম আৰক্ষীকো ঘটনাস্থলীৰ পৰা খেদি পঠিয়ায়৷ তেনে অৱস্থাত দুয়োপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়৷ হতাহতিত আহত হৈছে অসমৰ কেইবাজনো লোক৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত নিশা দুই বজালৈকে অব্যাহত থাকে উত্তপ্ত পৰিস্থিতি৷ মেঘালয়ৰ দুষ্কৃতিকাৰী আৰু মেঘালয় সমৰ্থনকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিজ মাতৃভূমিতেই পলাবলগীয়া হৈছে অসমীয়া লোকে৷ অসম আৰক্ষীয়ে অতি নিৰ্লজ্জভাৱে মেঘালয় সমৰ্থনকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সীমান্তৰ পৰা বহু দূৰলৈ পিছুৱাই আহিবলগীয়া হয়৷ ইফালে স্থানীয় লোকৰ অভিযোগ মেঘালয়ৰ চিমিনাগুৰি আউটপোষ্টৰ আহ চি গোলেন কে চাংমাই মেঘালয়ৰ লোকসকলক উত্তেজিত কৰি আছে৷ আনকি নিশাই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো অশালীন মন্তব্য কৰে চাংমাই৷ উল্লেখ্য, অসম আৰু মেঘালয়ৰ মাজত সম্পন্ন হোৱা নতুন সীমা চুক্তি আৰু ছাৰ্ভে অৱ ইণ্ডিয়াৰ মানচিত্ৰ অনুসৰি সীমান্তৰ গামৰীমুৰাৰ মালাং, শালবাৰী অসমৰ ভিতৰতে আছে৷ তেনে অৱস্থাত ইয়াৰ নাগৰিকে অসমক সমৰ্থন কৰা বাবেই মেঘালয় সমৰ্থনকাৰী তথা অসম বিদ্বেষীৰ অশালীন মন্তব্য আৰু আক্ৰমণৰ টাৰ্গেট হৈ পৰিছে শালবাৰীবাসী৷ ইফালে, অসম আৰক্ষীয়ে সীমান্তৰ অসমীয়াক নিৰাপত্তা দিয়াত চৰম ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে যদিও আজিও জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা বিচাৰি বকো থানাৰ শৰণাপন্ন হয় শালবাৰীৰ নাগৰিক৷ মেঘালয়ৰ সমৰ্থনকাৰীৰ হাতত প্ৰহূত হোৱা কেইবাজনো লোকে আজি বকো থানাত এজাহাৰ দাখিল কৰে৷