Logo
image

মধ্য প্ৰদেশ-মহাৰাষ্ট্ৰৰ আকাশত চীনা ছেটেলাইটৰ ধবংসাৱশেষ!

আমাৰ অসম, ৪ এপ্ৰিলঃ শনিবাৰে নিশা মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ লগতে গুজৰাটৰ এটা অংশৰ পৰা আকাশত হঠাতে দেখা গ’ল ৰহস্যজনক অগ্নিশিখা৷ সেয়া দেখি জনতাৰ মাজত ব্যাপক উত্তেজনাৰ সৃষ্টি হয়৷ এই ৰহস্যজনক পোহৰ দেখি সকলোৱে ভিডিঅ’কৰাৰ লগতে ছবিও ধৰি ৰাখে৷ লগে লগে এই ঘটনাৰ ভিডিঅ’ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে ভাইৰেল হৈ যায়৷ আকাশৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ প্ৰচণ্ড বেগেৰে বৃহৎ অগ্নিশিখা গৈ থকাৰ দৰে দেখা পাই সকলোৰে মনত বিভিন্ন কৌতূহল সৃষ্টি হয়৷ সেয়া আকাশৰ পৰা খহি পৰা উল্কাপিণ্ড নে ধবংস হৈ কক্ষচ্যুত হোৱা চীনা ছেটেলাইট, তাকে লৈও বিভিন্নধৰণৰ প্ৰশ্ন উঠে৷ আমেৰিকাই দাবী কৰা অনুসৰি এয়া হৈছে আকাশতে ধবংস হৈ খহি পৰা চীনা ছেটেলাইট৷ ভাৰতৰ আগশাৰীৰ অধ্যাপক সুৰেশ চোপনেৰ মতেও এয়া উল্কাপিণ্ড নহয়৷ কোনো ছেটেলাইটৰ টুকুৰাহে৷ কিবা কাৰণত কক্ষপথতে ধবংসপ্ৰাপ্ত হৈ পৃথিৱীলৈ খহি পৰে৷ উল্লেখ্য, আকাশত দেখা এই ৰহস্যজনক ঘটনা গুজৰাটৰ কিছুমান এলেকাৰ পৰাও প্ৰত্যক্ষ কৰে ৰাইজে৷ মহাৰষ্ট্ৰৰ চন্দ্ৰপুৰৰ বাসিন্দাই কোৱা অনুসৰি আকাশৰ পৰা খহি পৰা এই ভয়ংকৰ অগ্নিশিখাৰ পৰা ওলাইছিল অস্বাভাৱিক শব্দ৷ লগতে অগ্নিশিখাটোত লোহাৰ বৃহৎ ৰিঙো দেখা গৈছিল৷ আকাশত অস্বাভাৱিক শব্দ শুনিয়েই বাহিৰলৈ ওলাই আহিছিল বহু লোক৷