Logo
image

ভাৰতীয় মূলৰ গায়িকা ফাল্গুনীৰ গ্ৰেমী জয়

আমাৰ অসম, ৫ এপ্ৰিলঃ সংগীতৰ অস্কাৰ হিচাপে বিবেচিত গ্ৰেমী বঁটা লাভ কৰিছে ভাৰতীয় মূলৰ আমেৰিকা নিবাসী ফাল্গুনী শ্বাহে৷ দেওবাৰে নিশা আমেৰিকাৰ লাছ ভেগাছত অনুষ্ঠিত গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় বংশোদ্ভৱ ফাল্গুনী শ্বাহে শিশুৰ সংগীতৰ এলবাম শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি গ্ৰেমী লাভ কৰে৷ উল্লেখ্য, যিকোনো সংগীত শিল্পীৰ বাবে জীৱনত এটা গ্ৰেমী লাভ কৰাটো আজন্ম সপোন৷ তেনে এক সপোন বাস্তৱায়িত কৰি আপ্লুত হৈ পৰিছে ভাৰতীয় মুলৰ গায়িকা ফাল্গুনী শ্বাহ৷ এসময়ত ভাৰততে থাকি সংগীত চৰ্চা কৰা ফাল্গুনীয়ে বিগত কেইবাবছৰো ধৰি আমেৰিকাৰ বাসিন্দা হৈ সংগীতত মনোনিৱেশ কৰিছিল৷ পূৰ্বে তেওঁ এ আৰ ৰেহমানৰ সৈতেও সংগীতৰ এলবাম প্ৰকাশ কৰিছিল৷ ফাল্গুনী এতিয়া বিশ্ব সংগীতত ফালু হিচাপে পৰিচিত আৰু তেওঁৰ নিজস্ব  বেণ্ড আছে৷ দেওবাৰে নিশা অনুষ্ঠিত ৬৪ সংখ্যক গ্ৰেমী বঁটা অনুষ্ঠানত জন বেটিষ্টেই এইবাৰৰ শ্ৰেষ্ঠ এলবামৰ সন্মান আৰু অলিভিয়া ৰ’ড্ৰিগোৱে শ্ৰেষ্ঠ নতুন শিল্পী আৰু ছিল্ক ছ’নিকে বছৰৰ শ্ৰেষ্ঠ সংগীতৰ সন্মান লাভ কৰে৷