Logo
image

ভাৰততো মুদ্ৰাস্ফীতিৰ কৰাল ছাঁ

চুবুৰীয়া দুই দেশৰ গতি দেখি পেটতে হাত-ভৰি লুকাইছে সচেতন ভাৰতীয়ৰ

আমাৰ অসম,৬ এপ্ৰিলঃ জনতা নিৰ্বিকাৰ৷ যোৱা ১৪ দিনত ১৩ বাৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি, ৰন্ধন গেছ, ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু বিগত কেইমাহ ধৰি সকলোধৰণৰ নিত্যব্যৱহাৰ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিতো দেশৰ জনতা নিৰ্বিকাৰ৷ চৰকাৰে মূল্য নিয়ন্ত্ৰণৰ বাবে সামান্যতমো পদক্ষেপ হাতত লোৱা নাই আৰু তাৰ ফলত দেশত খুচুৰা সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ বিস্ফোৰণ ঘটাৰ পৰিসংখ্যা স্বয়ং চৰকাৰী বিভাগ‘নেশ্বনেল ষ্টেটিষ্টিকেল অফিচ’বা ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়েই প্ৰকাশ কৰিছে৷ দেশৰ গৰিষ্ঠসংখ্যক নাগৰিকে আজি স্বাদ সলাই সদায় ভিন ভিন খাদ্যৰ সোৱাদ লোৱাৰ লোভ সম্বৰণ কৰিবলগীয়া হৈছে মুদ্ৰাস্ফীতিৰ বাবে৷ কোনোমতে পেট ভৰাব পৰাকৈ এমুঠি খাদ্য যোগাৰ কৰাটোৱেই টান৷ এমাহৰ পূৰ্বৰ ৩০টকীয়া কিলোৰ চাউল আজি ৩৫-৪০ টকা, ২০০ টকীয়া মিঠাতেল লিটাৰত এতিয়া ২৫০ টকা, পৰিস্থিতি অতিশয় আশংকাজনক৷ তথাপি মন্ত্ৰমুগ্ধৰ দৰে দেশৰ জনতাই দাম দিয়েই খাদ্য সামগ্ৰী কিনিছে, নিচাগ্ৰস্তৰ দৰে নিশ্চুপে দাম ভৰি আছে, কেনিও ক’তো প্ৰতিবাদ নাই৷ জনতা নিৰ্বিকাৰ, জানোচা প্ৰতিবাদ কৰিলে নিজে নিৰ্বাচন কৰি পঠিওৱা চৰকাৰখন ক্ষুন্ন হ’ব৷ দেশৰ সচেতন লোকৰ আশংকা, ভাৰতৰ অৱস্থাও নিকট ভৱিষ্যতে শ্ৰীলংকা, পাকিস্তানৰ দৰে হ’ব৷ শ্ৰীলংকাত আজি এক কিলোগ্ৰাম চাউল, দাইল কিনিব পৰাকৈ সাধাৰণ জনতাৰ ক্ষমতা নাই৷ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু তাৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতিৰ বাবে৷ বিগত কেইমাহত নিত্য ব্যৱহাৰ্য সামগ্ৰী, খাদ্যদ্ৰব্য, যোৱা এপষেকত ইন্ধন-গেছ আৰু এপ্ৰিলৰ পৰা অত্যাৱশ্যকীয় ঔষধৰ বিপুল মূল্যবৃদ্ধিয়ে দেশৰ বজাৰত যি জুই লগাইছে, সচেতন লোকৰ ভয়তে পেটত হাত-ভৰি লুকাইছে, ভাৰতৰো অৱস্থা শ্ৰীলংকাৰ দৰে হ’ব বুলি আশংকা কৰি৷

ৰিজাৰ্ভ বেংকে বান্ধি দিয়া সীমা অতিক্ৰম কৰি দেশৰ খুচুৰা সামগ্ৰীৰ মুদ্ৰাস্ফীতিয়ে ফেব্ৰুৱাৰীত আঠমাহৰ ভিতৰত সৰ্বাধিক সীমা স্পৰ্শ কৰি অভিলেখ গঢ়িছে৷ খুচুৰা সামগ্ৰীৰ মুদ্ৰাস্ফীতি ফেব্ৰুৱাৰীত ৬.০৭ শতাংশ আৰু পাইকাৰী বজাৰৰ মুদ্ৰাস্ফীতি ১৩.১১ শতাংশ৷ এনে পৰিস্থিতিত মুদ্ৰাস্ফীতি বা ‘ইনফ্লেচন’গৈ ‘ষ্টেগফ্লেচন’হোৱাৰ আশংকা সৃষ্টি হৈছে দেশৰ অৰ্থনীতিত৷ ‘ষ্টেগফ্লেচন’এনে এক পৰিস্থিতি, য’ত মুদ্ৰাস্ফীতিৰ গতি ৰকেটৰ দৰে ঊধবৰ্মুখী হৈ থাকে আৰু অৰ্থনৈতিক বৃদ্ধি স্থবিৰ, নিশ্চল হৈ থাকে৷ ঔদ্যোগিক কাম-কাজ বন্ধ বা স্থবিৰ হৈ পৰে, বেকাৰত্ব বৃদ্ধি পায়৷ ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতি চাই ‘মৰ্গান ষ্টেনলি’ৰ দৰে উপদেষ্টা সংস্থাই ভাৰতত ‘ষ্টেগফ্লেচন’হ’ব পাৰে বুলি সকীয়নি দিছে৷ কিয়নো বিগত তিনিমাহ দেশৰ উৎপাদন কমাৰ পাছত ফেব্ৰুৱাৰীত উৎপাদন স্থিৰ হৈ ৰৈ গৈছে৷ এয়া কি শ্ৰীলংকাৰ অৱস্থাৰে পূৰ্বাভাষ? ভাৰতৰ পৰিস্থিতি দেশ-বিদেশৰ অৰ্থনীতিবিদ এই মুহূৰ্তত আতংকিত৷ বিগত আঠ মাহৰ ভিতৰত যোৱা ফেব্ৰুৱাৰীৰ মুদ্ৰাস্ফীতিয়ে অভিলেখ স্পৰ্শ কৰিছে৷ নেশ্বনেল ষ্টেটিষ্টিকেল অফিচে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ফেব্ৰুৱাৰীত দেশত খুচুৰা সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ হৈছে ৬.০৭ শতাংশ৷ ২০২১ চনৰ জুনৰ পৰা মুদ্ৰাস্ফীতিৰ এই হাৰ হৈছে সৰ্বোচ্ছ৷ উল্লেখযোগ্য এয়াই যে, দেশত এতিয়া অন্যতম সৰ্বাধিক মুদ্ৰাস্ফীতি ঘটিছে খাদ্যদ্ৰব্যত৷ খুচুৰা মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত খাদ্যৰ মুদ্ৰাস্ফীতিৰ হাৰ হৈছেগৈ ৫.৮৫ শতাংশ৷ এই হাৰ ২০২০ চনৰ নৱেম্বৰৰ পৰা চলিত বছৰৰ ফেব্ৰুৱাৰীলৈ অৰ্থাৎ বিগত ১৬ মাহৰ ভিতৰত সৰ্বোচ্চ৷ আন খুচুৰা মুদ্ৰাস্ফীতিৰ ভিতৰত তেলৰ মুদ্ৰাস্ফীতিৰ হাৰ হৈছে ১৬.৪৪ শতাংশ আৰু এয়াই হৈছে সকলো খাদ্য সামগ্ৰীৰ ভিতৰত সৰ্বোচ্ছ মুদ্ৰাস্ফীতি৷ আনহাতে মাংস আৰু মাছৰ মুদ্ৰাস্ফীতিৰ হাৰ ৭.৪৫ শতাংশ, শাক-পাচলিৰ মুদ্ৰাস্ফীতিৰ হাৰ ৬.৫২ শতাংশ, কাপোৰৰ মুদ্ৰাস্ফীতিৰ হাৰ ৮.৮৬ শতাংশ, নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ ৩.৫৭ শতাংশ, ধঁপাতৰ মুদ্ৰাস্ফীতিৰ হাৰ ২.৩৯ শতাংশ৷ উল্লেখ্য, ভাৰতবৰ্ষত সকলো সামগ্ৰীৰ ভিতৰত অধিক ব্যৱহাৰ হোৱা সামগ্ৰী হৈছে ব্যক্তিগতভাৱে ঘৰত ব্যৱহূত খাদ্য আৰু আন নিত্যব্যৱহাৰ্য সামগ্ৰী৷ সকলো সামগ্ৰীৰ ভিতৰত ভাৰতীয় নাগৰিকে এনে সামগ্ৰী ব্যৱহাৰ কৰে ৪৫.৮৬ শতাংশ৷ সেয়ে দেশত খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত মুদ্ৰাস্ফীতি ঘটাৰ ফলত জনতাৰ জীৱন নিৰ্বাহৰ ব্যয় অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ সকলো সামগ্ৰীয়েই অধিক দামত ক্ৰয় কৰিবলগীয়া হৈছে অথচ ইয়াৰ বিপৰীতে দেশৰ জনতাৰ উপাৰ্জন তুলনামূলকভাৱে সেই হাৰত বৃদ্ধি হোৱা নাই৷ অধিক মূল্যত একোবোৰ সামগ্ৰীয়েই ক্ৰয় কৰিবলগীয়া হোৱাটোৱেই হৈছে মুদ্ৰাস্ফীতি৷ মাথোঁ কেইমাহ পূৰ্বে এক লিটাৰ মিঠাতেলত যিজন ক্ৰেতাই দুশ টকা ব্যয় কৰিবলগীয়া হৈছিল সেই একেজন ক্ৰেতাই ৩-৪ মাহৰ ব্যৱধানত এক লিটাৰ মিঠাতেল ক্ৰয় কৰিবলগীয়া হৈছে ২৫০ টকাত৷ এই মুদ্ৰাস্ফীতি ক্ৰমাৎ ভাৰতীয় নাগৰিকে সহ্য কৰিব নোৱৰা হৈ পৰাৰ আশংকাই দেখা দিছে৷ যিদৰে এতিয়া আমাৰ চুবুৰীয়া দেশ শ্ৰীলংকাত এক কিলো চাউলৰ মূল্য ২০০-২৫০ টকা, এক লিটাৰ তেলৰ দাম ৪০০ টকা আৰু এক কিলো গাখীৰৰ গুড়িৰ দাম ৬০০ টকা হৈছে, সেই পৰিৱেশ ভাৰততো হ’বলৈ বেছিদিন নাই বুলি আগশাৰীৰ অৰ্থনীতিবিদে আশংকা প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ অধীনত থকা অধিকাংশ ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে দৰিদ্ৰ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকক বিনামূল্যে নিত্যব্যৱহাৰ্য সামগ্ৰী যোগান ধৰি থকাৰ সময়ত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তই মুদ্ৰাস্ফীতিৰ কবলত পৰি অভাৱনীয় হাৰত সামগ্ৰী ক্ৰয় কৰিবলগীয়া হৈছে৷