Logo
image

খাকী পোচাকৰ আঁৰৰ মানুহ

আমাৰ অসম,৬ এপ্ৰিলঃ নিজৰ জীৱনৰ কথা চিন্তা নকৰি জুইয়ে আগুৰি ধৰা এখন দোকানৰ পৰা এটা তিনি বছৰীয়া শিশুক এখন কাপোৰেৰে মেৰিয়াই সম্পূৰ্ণ সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা এজন আৰক্ষী কনিষ্টবলৰ এখন ভাইৰেল ফটোৱে দেশজুৰি প্ৰশংসা বুটলিছে৷ উল্লেখ্য, ৰাজস্থানৰ কৰ’লিত শনিবাৰে সংঘটিত হৈছিল এক ভয়ানক সাম্প্ৰদায়িক সংঘৰ্ষ৷ শনিবাৰে সন্ধিয়া কৰ’লিত হিন্দু ধৰ্মাৱলম্বী লোকে ৰূপায়ণ কৰা এটা শোভাযাত্ৰাত শিলগুটি দলিওৱা কাণ্ডক কেন্দ্ৰ কৰি সংঘটিত হয় হিংসাত্মক ঘটনাৰ৷ এটা মছজিদৰ সন্মুখেৰে ৰেলী পাৰ হোৱা সময়তেই দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে৷ ঘটনাত বহুকেইজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ প্ৰশাসনে উক্ত এলেকাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে ছয় শতাধিক আৰক্ষী মোতায়েন কৰে৷ সংঘৰ্ষৰ ফলত ৰেলী কৰি যোৱা অঞ্চলত থকা দোকান-পোহাৰ, ঘৰ আদিত অগ্নিসংযোগ কৰাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে৷ উক্ত সময়তে এখন দোকানৰ ভিতৰত আৱদ্ধ হৈ পৰে দুগৰাকী মহিলাসহ এটি তিনি বছৰীয়া শিশু৷ দোকানত জুই লগাৰ সময়তে সহায়ৰ হাত বিচাৰি চিঞৰিবলৈ ধৰে শিশুসহ মহিলা দুগৰাকীয়ে৷ তেনে সময়তে এজন আৰক্ষী কনিষ্টবলে নিজৰ জীৱনৰ কথা নাভাবি দোকানৰ ভিতৰলৈ গৈ এখন কাপোৰেৰ কণমানিজনীক মেৰিয়াই আঁকোৱালি লৈ জুইৰ মাজৰ পৰা সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কনিষ্টবলজনে কণমানি শিশুটিক বুকুৰ মাজৰ লৈ জুইৰ মাজেৰে প্ৰাণটাকি দৌৰি অহা মুহূৰ্তৰ ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছৰে পৰা দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে৷ ছ’চিয়েল মেডিয়াত প্ৰশংসাৰে ওপচাই পেলাইছে আৰক্ষী কনিষ্টবলজনক৷ খাকী পোচাকৰ আঁৰৰ এই মানুহজনৰ নাম হৈছে ৰাজস্থান আৰক্ষীৰ ৩১ বছৰীয়া কনিষ্টবল– নেত্ৰেশ শৰ্মা৷